ঐতিহ্যৰ পম খেদি | Class 7 Assamese Chapter 3 Question Answer

Class 7 Assamese Chapter 3 Question Answer ৰ এই লেখাটোত “ঐতিহ্যৰ পম খেদি” (সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ ৩) অধ্যায়টোৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ সহজ আৰু স্পষ্ট ভাষাত দিয়া হৈছে। If you are looking for Class 7 Assamese Lesson 3 Question Answer, Class 7 Unmesh Chapter 3 Question Answer, Class 7 Unmesh Lesson 3 Question Answer, সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ ৩ ৰ প্ৰশ্নোত্তৰ অথবা সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ ৩ ৰ প্ৰশ্নোত্তৰ, this page provides complete and accurate answers based on the latest SCERT syllabus to help you prepare for your exams with confidence.

১। তলত দিয়া প্রশ্নটোৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা–

‘প্রাগজ্যোতিষপুৰ সম্ভৱম্’ বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল?

(ক) ৰজা পৃথু

(খ) স্বৰ্গদেউ ৰুদ্ৰসিংহ

(গ) লাচিত বৰফুকন

(ঘ) আনন্দৰাম বৰুৱা

উত্তৰ: (ঘ) আনন্দৰাম বৰুৱা

২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।

(ক) ‘কামৰূপ নগৰ’ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি?

উত্তৰ: ‘কামৰূপ নগৰ’ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নামটো হ’ল- পুষ্পভদ্রা।

(খ) কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি? এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত?

উত্তৰ: কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম হ’ল মণিকৰ্গেশ্বৰ পাহাৰ। এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত।

(গ) ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰপৰা ক’লৈ স্থানান্তৰিত কৰিছিল?

উত্তৰ: ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰপৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল।

(ঘ) শ্রীসূৰ্য পাহাৰৰ ঐতিহ্যই কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে?

উত্তৰ: শ্ৰী সূৰ্য পাহাৰৰ ঐতিহ্যই প্রাক্‌-আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদর্শন দাঙি ধৰে।

(ঙ) কামৰূপৰ ৰজা পৃথুৱে কোনজন তুর্কী সেনাপতিক পৰাস্ত কৰিছিল?

উত্তৰ: কামৰূপৰ ৰজা পৃথুৱে তুর্কী সেনাপতি বখ্তিয়াৰ খিলজীক পৰাস্ত কৰিছিল।

৩। আলোচনা কৰি কোৱা আৰু লিখা।

(ক) ঐতিহ্যই কি কি দিশ সামৰি লয়?

উত্তৰ: পুৰণি কালৰপৰা চলি অহা ৰীতি-নীতি, আচাৰ-অনুষ্ঠান, শিল্প-সাহিত্য, স্থাপত্য-ভাস্কর্যক ঐতিহ্যই সামৰি লয়। ইয়াৰ উপৰি জ্ঞান-প্রযুক্তি, ভাষা, খাদ্য, সাজ-পাৰ আদিও ঐতিহ্যৰ অন্তৰ্ভুক্ত।

(খ) ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ?

উত্তৰ: প্ৰাকৃতিক সৌন্দৰ্য, অতীতৰ বীৰগাথা, স্থাপত্য-ভাস্কর্য, সংস্কৃতি আদিয়ে ঐতিহ্য প্ৰকাশ কৰে। এইবোৰৰ প্ৰতি আস্থা আৰু সংৰক্ষণ ব্যৱস্থা কৰিলেহে ঐতিহাৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰা হ’ব।

(গ) ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ?

উত্তৰ: ঐতিহ্যক অতীতৰ লগত বৰ্তমানক সাঙুৰি লৈ ভৱিষ্যতৰ দিশে আগবাঢ়ি গ’লে হে ঐতিহ্যৰ ৰক্ষণাবেক্ষণ সম্ভৱ হ’ব।

৪। চমুটোকা লিখা–

উত্তৰ: (ক) দুর্জেয়া নগৰ:  দুর্জেয়া নগৰ উত্তৰ গুৱাহাটী ঠাইখন প্রাচীন কামৰূপৰ কেইবাটাও ৰাজবংশৰ ৰাজধানী আছিল। একাদশ শতিকাত এই ঠাইত ৰাজত্ব কৰা এজন বিখ্যাত ৰজা ৰত্নপালৰ সময়ৰ তামৰ ফলিত এই ঠাইক দুৰ্জেয়া নগৰ বুলি উল্লেখ আছে। নগৰখনৰ তিনিটা দিশ পাহাৰেৰে আৰু এটা দিশ ব্ৰহ্মপুত্ৰৰ বেষ্টনীত থকা বাবে শত্ৰুৱে ঠাইখন সহজে জয় কৰিব নোৱাৰিছিল। সেইবাবেই নগৰখন দুৰ্জেয়া নগৰ নামে জনাজাত হৈ পৰিছিল। 

(খ) শ্রীসূৰ্য পাহাৰ: অসমৰ গোৱালপাৰা জিলাত শ্রীসূৰ্য পাহাৰ আছে। এই

পাহাৰত প্ৰাক্‌-আহোম যুগৰ এটা সূর্য মন্দিৰ আছে। সূর্য পাহাৰত অসংখ্য শিৱলিংগ, দুর্গামূর্তি, গণেশ, সূর্য, চন্দ্ৰ আদি দেৱতাৰ বিগ্ৰহ আৰু মূর্তি দেখিবলৈ পোৱা যায়। এই পাহাৰত সাতটা চূড়া আছে। সেয়েহে ইয়াৰ আন এটা নাম সাতালী পর্বত।

৬। তলত দিয়া শব্দবোৰত কি নিয়মমতে ‘ণ’ৰ ব্যৱহাৰ হৈছে লিখা–

ৰাণী, শ্ৰেণী, আকৰ্ষণ, ৰাৱণ, প্ৰাংগণ, মৃণাল, কৃষাণু, গ্রহণী।

উত্তৰ: 

  • ৰাণী: ‘ৰ’ ৰ পিছত স্বৰচিহ্ন থাকিলে ‘ণ’ হয়।
  • শ্ৰেণী: ৰ-কাৰৰ পিছত স্বৰবৰ্ণ থাকিলে ‘ণ’ হয়।
  • আকৰ্ষণ: ‘ৰ’ ৰ সলনি ৰেফ থাকিলেও ‘ণ’ হয়।
  • ৰাৱণ: ‘ঋ’, ‘ৰ’, ‘ষ’ৰ পিছত ৱ বৰ্ণ থাকিলে ‘ণ’ হয়।
  • প্ৰাংগণ: ‘ঋ’, ‘ৰ’, ‘য’ৰ পিছত ং (অনুস্বাৰ) বর্ণ থাকিলে ‘ণ’ হয়।
  • মৃণাল : ‘ঋ’ৰ সলনি ঋ-কাৰ থাকিলে ‘ণ’ হয়।
  • কৃষাণু : ‘ষ’ৰ পিছত স্বৰচিহ্ন থাকিলেও ‘ণ’ হয়।
  • গ্ৰহণী: ‘ৰ’ ৰ পিছত হ বৰ্ণ থাকিলে ‘ণ’ হয়।

৮। তলত দিয়া শব্দবোৰৰ বৰ্ণ-বিন্যাস কৰা আৰু ‘ণ’ হোৱাৰ কাৰণ ব্যাখ্যা কৰা।

মৃণ্ময়, বিশ্লেষণ, শ্রেণী, অপৰাহ্ণ, শ্ৰৱণ, বিষাণ, ত্রাণ, চিত্রাংকণ।

উত্তৰ:

  • মৃণ্ময়:  ম + ঋ + ণ + ম + য়  (‘ঋ’-ৰ পিছত সদায় ‘ণ’ হয়।)
  • বিশ্লেষণ:  ব + ই + শ + ল + এ + ষ + ণ  (‘ষ’-ৰ পিছত ‘ণ’ হয়।)
  • শ্রেণী:  শ + ৰ + এ + ণ + ঈ  ( ৰ-কাৰৰ পিছত স্বৰবৰ্ণ থাকিলে ‘ণ’ হয়।)
  • অপৰাহ্ণ:  অ + প + ৰ + আ + হ + ণ  ( ‘ৰ’-ৰ পিছত ‘হ’ বৰ্ণ থাকিলে ‘ণ’ হয়।)
  • শ্রৱণ:  শ + ৰ + ব + ণ  (‘ৰ’-ৰ পিছত ‘ৱ’ বর্ণ থাকিলে ‘ণ’ হয়।)
  • বিষাণ:  ব + ই + ষ + আ + ণ  (‘ষ’-ৰ পিছত স্বৰবৰ্ণ বা স্বৰচিহ্ন থাকিলে ‘ণ’ হয়।)
  • ত্রাণ:  ত + ৰ + আ + ণ  (ৰ-কাৰৰ পিছত স্বৰবৰ্ণ থাকিলে ‘ণ’ হয়।)
  • চিত্রাংকণ:  চ + ই + ত + ৰ + আ + ং +ক + ণ (‘ঋ’, ‘ৰ’, ‘ষ’-ৰ পিছত ং (অনুস্বাৰ) বৰ্ণ থাকিলে ‘ণ’ হয়।)

৯। তলত দিয়া বাক্যবোৰৰ ভুল বানানবোৰ শুদ্ধ কৰি বাক্যবোৰ নতুনকৈ লিখা।

(ক) ৰাতিপুৱা মুকলি ঠাইত ভ্রমন কৰাটো স্বাস্থ্যৰ পক্ষে ভাল। 

উত্তৰ: ৰাতিপুৱা মুকলি ঠাইত ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল।

(খ) দাসীৰ কথাত সন্তুস্ত হৈ ৰানীয়ে তাইক সোনৰ হাৰ উপহাৰ দিলে।

উত্তৰ: দাসীৰ কথাত সন্তুষ্ট হৈ ৰাণীয়ে তাইক সোণৰ হাৰ উপহাৰ দিলে।

(গ) শ্রেনীকোঠাত হুলস্থুল নকৰিবা।

উত্তৰ। শ্ৰেণীকোঠাত হুলস্থুল নকৰিবা।

(ঘ) বৰুৱাণীয়ে ফেৰেঙনিত বহি থকা চৰাইজনীক কাষলৈ মাতিলে। 

উত্তৰ: বৰুৱানীয়ে ফেৰেঙনিত বহি থকা চৰাইজনীক কাষলৈ মাতিলে।

(ঙ) অর্জুন নিপুন বীৰ আছিল।

উত্তৰ: অর্জুন নিপুণ বীৰ আছিল।

(চ) সৰস্বতীৰ আন এটা নাম বীণাপানি।

উত্তৰ: সৰস্বতীৰ আন এটা নাম বীণাপাণি।

(ছ) পানীয়েই প্ৰানীৰ প্ৰান।

উত্তৰ: পানীয়েই প্ৰাণীৰ প্ৰাণ।

(জ) বিদ্যালয়ৰ প্ৰাংগনত আলোচনা-চক্র অনুষ্ঠিত হ’ব। 

উত্তৰ: বিদ্যালয়ৰ প্ৰাংগণত আলোচনা-চক্র অনুষ্ঠিত হ’ব।

(ঝ) সততা সজ গুন।

উত্তৰ: সততা সজ গুণ।

১১। তলত দিয়া বিষয়সমূহৰ সম্পৰ্কে তথ্য আৰু চিত্ৰ সংগ্ৰহ কৰি ক’ত অৱস্থিত আৰু কিয় বিখ্যাত লিখা।

উত্তৰ: (ক) অজন্তা আৰু ইলোৰা: মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অৱস্থিত। ইয়াত থকা গুহাসমূহৰ ভিতৰত থকা বৌদ্ধ, হিন্দু, জৈন ধৰ্মৰ অনন্য শিল্পকলা, চিত্রাংকণ আৰু স্থাপত্যৰ সংমিশ্ৰণৰ বাবে বিখ্যাত।

(খ) তাজমহল: ভাৰতৰ আগ্ৰাত অৱস্থিত। মোগল সম্ৰাট সাজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত এইটো নিৰ্মাণ কৰিছিল। ই বিশ্বৰ সাতটা আশ্চৰ্যৰ ভিতৰত এখন। তাজমহল প্ৰেম আৰু শিল্পকলাৰ এক অনন্য উদাহৰণ।

(গ) আগ্রা ফোর্ট: উত্তৰ প্ৰদেশৰ আগ্ৰাত যমুনা নদীৰ পাৰত অৱস্থিত। এইখন জাহাংগীৰ মহল, খাচ মহল, দিৱান-ই-খাচ, দিবান-ই-আম, মছম্মান বুর্জ আৰু মুছাম্মন বুৰ্জৰ দৰে সুন্দৰ স্থাপত্য শিল্পৰ বাবে বিখ্যাত।

(ঘ) খাজুৰাহো : মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাত অৱস্থিত হিন্দু আৰু জৈন ধৰ্মৰ মন্দিৰৰ এটা প্রসিদ্ধ গোট। ইয়াৰ স্থাপত্য শিল্পৰ বাবে বিখ্যাত।

(ঙ) কোণার্ক সূৰ্য মন্দিৰ: উৰিষ্যা ৰাজ্যৰ কোণাৰ্কত অৱস্থিত। এইটো এটা

ত্রয়োদশ শতাব্দীত নির্মিত সূর্য মন্দিৰ। কলিংগ স্থাপত্যশৈলীত নিৰ্মিত এই মন্দিৰটো বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে স্বীকৃত।


Class 7 Assamese Chapter 3 Question Answer Overview

This Class 7 Assamese Chapter 3 Question Answer guide provides a complete and well-structured collection of important questions and answers from Class 7 Assamese Lesson 3 – ঐতিহ্যৰ পম খেদি. Every Class 7 Assamese Chapter 3 answer is explained in simple, clear and easy-to-understand language, making it suitable for all students following the latest SCERT syllabus.

This Class 7 Assamese Chapter 3 Question Answer resource includes textbook questions and other important exam-oriented questions that are frequently asked in school examinations. Each Class 7 Assamese Chapter 3 Question Answer is prepared carefully to help students understand the lesson, improve their subject knowledge, and strengthen their writing skills. By studying this Class 7 Assamese Chapter 3 Question Answer guide, students can revise the chapter quickly, build confidence and prepare effectively for class tests, annual examinations and other academic assessments.

If you found this Class 7 Assamese Chapter 3 Question Answer guide helpful, explore more study materials on Bidya Setu:


Frequently Asked Questions (FAQs)

Q: What is Class 7 Assamese Chapter 3 about?

A: Class 7 Assamese Chapter 3 is the third lesson of the SCERT Class 7 Assamese (Unmesh) textbook. The chapter highlights the importance of trees and the values associated with protecting nature.

Q: Where can I find Class 7 Assamese Chapter 3 Question Answer?

A: You can find complete Class 7 Assamese Chapter 3 Question Answer on Bidya Setu. All answers are prepared according to the latest SCERT syllabus in simple and easy-to-understand language.

Q: Is this Class 7 Assamese Chapter 3 Question Answer based on the latest SCERT syllabus?

A: Yes. This Class 7 Assamese Chapter 3 Question Answer guide is prepared according to the latest SCERT Assam syllabus.

Q: Does this guide include all textbook questions?

A: Yes. This Class 7 Assamese Chapter 3 Question Answer guide includes all important textbook questions along with additional exam-oriented questions and answers.

Q: Is this Class 7 Assamese Chapter 3 Question Answer guide useful for exams?

A: Yes. This Class 7 Assamese Chapter 3 Question Answer guide is designed to help students revise the chapter and prepare confidently for class tests and annual examinations.


Leave a Comment