Class 7 Assamese Chapter 1 Question Answer ৰ এই লেখাটোত গছ ভালপোৱা ককাৰ খং (সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ ১) অধ্যায়টোৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ সহজ আৰু স্পষ্ট ভাষাত দিয়া হৈছে। If you are looking for Class 7 Assamese Lesson 1 Question Answer, Class 7 Unmesh Chapter 1 Question Answer, Class 7 Unmesh Lesson 1 Question Answer, সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ ১ ৰ প্ৰশ্নোত্তৰ অথবা সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ ১ ৰ প্ৰশ্নোত্তৰ, this page provides complete and accurate answers based on the latest SCERT syllabus to help you prepare for your exams with confidence.
গছ ভালপোৱা ককাৰ খং
১। তলত দিয়া প্রশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা–
◾“ভাল পালো ৰঘুনাথ”-এই কথাষাৰ ককাই কিয় কৈছিল?
(ক) আমলখি গছজোপা কটা বাবে
(খ) ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে
(গ) বিয়াৰ ৰভাখন দিয়া বাবে
(ঘ) বিয়ালৈ আলহী-অতিথি অহা বাবে
উত্তৰ: (খ) ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে
◾বিয়াঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল?
(ক) বিয়াৰ ৰভাখন দিয়া বাবে
(খ) আমলখি গছজোপা কটা বাবে
(গ) বিয়ালৈ আলহী-অতিথিবোৰ অহা বাবে
(ঘ) ঘৰলৈ ন-বোৱাৰী আহিব বাবে
উত্তৰ: (খ) আমলখি গছজোপা কটা বাবে
◾”আলহী-অতিথি যাব
ৰভা নাইকিয়া হ’ব”- কথাষাৰ কোনে কাক কৈছিল?
(ক) ককাই দৰাটিক কৈছিল
(খ) ৰঘুনাথে ককাক কৈছিল
(গ) ককাই ৰঘুনাথক কৈছিল
(ঘ) দৰাটিয়ে ককাক কৈছিল
উত্তৰ: (গ) ককাই ৰঘুনাথক কৈছিল
২। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া–
(ক) কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে?
উত্তৰ: কবিয়ে কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে।
(খ) বিয়াঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্রশ্ন দুটা কি কি?
উত্তৰ: বিয়াঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্রশ্ন দুটা হ’ল–
- (i) বিয়াৰ ৰভাখন দিবলৈ আমলখি গছজোপা কিয় কাটিলা?
- (ii) কটা আমলখি গছজোপা তেওঁ সহজতে ঘূৰাই পাবনে?
(গ) দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল?
উত্তৰঃ দৰাটিক এজোলোেকা আশীর্বাদ দি সোনকালে ঘৰলৈ উভতি যাবৰ বাবে ককাই দৰাটিক মাতিবলৈ কৈছিল।
(ঘ) ককাই বিয়াঘৰত কিয় একো খোৱা নাছিল?
উত্তৰ: ৰঘুনাথে বিয়াৰ ৰভা দিবলৈকে ফল ধৰি থকা আমলখি গছজোপা কাটি পেলোৱা দেখি ককাৰ বৰ দুখ লাগিছিল আৰু খং উঠিছিল। সেইবাবেই ককাই বিয়াঘৰত একো খোৱা নাছিল।
৩। (খ) এতিয়া ওপৰৰ উদাহৰণটো চাই তলৰ স্তৱক দুটাৰ ভাবার্থ লিখা।
(i) “গছজোপা কটা বাবে
লুচি-ভাজি, ৰসগোল্লা
একোকে নাখাওঁ।”
উত্তৰ: এই পদ্যফাকি ড° ভবেন্দ্রনাথ শইকীয়াৰ ‘গছ ভালপোৱা ককাৰ খং’ নামৰ কবিতাটোৰপৰা লোৱা হৈছে।
ইয়াত গছৰ প্ৰতি থকা ককাৰ অকৃত্ৰিম মৰমৰ কথা প্ৰকাশ পাইছে।
বিয়াঘৰত নানা তৰহৰ লোভনীয় খাদ্যৰ আয়োজন থকা সত্ত্বেও ককাই সেইবোৰ খাবলৈ অমান্তি হৈছে। কাৰণ, বিয়াৰ বাবে ৰভাখন সাজিবলৈকে ৰঘুনাথে আমলখি গছজোপা কাটি পেলাইছে।
(ii) “পিছে কোৱাচোন ৰঘুনাথ
আমলখি গছজোপা
সহজতে পাবানে ঘূৰাই?
উত্তৰ: এই পদ্যফাকি ড° ভবেন্দ্রনাথ শইকীয়াৰ ‘গছ ভালপোৱা ককাৰ খং’ নামৰ কবিতাটোৰপৰা লোৱা হৈছে।
ইয়াত ককাই ৰঘুনাথক গছৰ গুৰুত্ব বুজাব বিচৰাৰ কথা প্ৰকাশ পাইছে।
ককাই ৰঘুনাথক প্ৰশ্ন কৰিছে যে তেওঁ ৰভা সাজিবলৈ গছজোপা তো কাটিলে, কিন্তু এতিয়া বিচাৰিলেই সেই গছজোপা জানো ঘূৰাই পাব? ক্ষন্তেকীয়া প্ৰয়োজনৰ বাবে গছডাল কাটি পেলালে তাক পুনৰ ঘূৰাই পোৱা যে সম্ভৱ নহয়, সেই কথাষাৰেই ককাই ইয়াত ক’ব বিচাৰিছে।
৪। ভাবি কোৱা আৰু লিখা।
(ক) ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন কেনেদৰে সজাব পাৰিলেহেঁতেন?
উত্তৰ: ৰঘুনাথে গছজোপা নকটাকৈ ৰভাৰ খুঁটা বা বাঁহবোৰ গছজোপাৰ মাজেৰে বা কাষেৰে পাৰ কৰি দিব পাৰিলেহেঁতেন অথবা ৰভাখন গছজোপা নথকা আন খালী ঠাইত দিব পাৰিলেহেঁতেন।
(খ) ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গ’লাহেঁতেন, আমলখি গছজোপা কটা বাবে তুমি কি ক’লাহেঁতেন?
উত্তৰ: মইও ৰঘুনাথক গছজোপা কটাৰ বাবে বেয়া কাম কৰিলে বুলি ক’লোহেঁতেন আৰু ভৱিষ্যতে যাতে এনে কাম নকৰে তাৰ বাবে বুজালোহেঁতেন।
(গ) কবিতাটোত ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ বিচৰা হৈছে?
উত্তৰ: কবিতাটোৰ মাজেৰে গছ-গছনি সংৰক্ষণৰ বাৰ্তা দিয়া হৈছে। সাময়িক প্রয়োজনৰ বাবে গছ কটাটো যে অনুচিত, সেই কথাটোৱেই ইয়াত প্রকাশ পাইছে।
৫। তলত দিয়া ককাৰ সংলাপবোৰ পঢ়া। ককাৰ কথাখিনিৰ উত্তৰত ৰঘুনাথে কি ক’ৰ ভাবি, খালী ঠাইত লিখি কথোপকথনটো সম্পূৰ্ণ কৰা–
উত্তৰ: ককা: ৰভাখন দিওঁতে আমলখি গছজোপা কিয় কাটিলা? ৰভাৰ বাবে আনফালে ঠাই উলিয়াব নোৱাৰিলানে?
ৰঘুনাথ: হয় ককাইদেউ, আমলখি গছজোপা কাটিব নালাগিছিল। ভুল হৈ গ’ল। ৰভাৰ বাবে আনফালে ঠাই উলিওৱা নহ’ল।
ককা: হ’লেও ফলধৰি থকা আমলখিজোপা কিয় কাটিলা? আমলখিৰ পুলি এটা তাত ৰুই ডাঙৰ কৰিলা বাৰু! তাৰপিছত ফল ধৰিবলৈ কিমান বছৰ লাগিব, ভাবি চাইছানে?
ৰঘুনাথ: ঠিকেই কৈছে ককাইদেউ। বিয়াৰ উখল-মাখলৰ মাজত কথাবোৰ ভাবি চাবলৈকে নহ’ল।
ককা: বৰ বেয়া কাম কৰিলা ৰঘুনাথ! মোৰ ৰব দুখ লাগিল। বেয়াও পালোঁ। দৰাটিক মাতা; তেওঁক এজোলোকা আশীর্বাদ দি ঘৰলৈ যাওঁগৈ।
ৰঘুনাথ: মই নজনাকৈ-নভবাকৈ ভুল কৰি পেলালো ককাইদেউ। ক্ষমা কৰি দিব আৰু বিয়াৰ জলপানখিনি খাইহে যাব।
ককা: বেয়া নাপাবা। মোৰ আৰু খাবলৈ একেবাৰে মন নাই।
৬। তলত দিয়া বাকচটোত কিছুমান শব্দ দিয়া আছে। কাষৰ বৃত্তটোত সেই শব্দবোৰৰ অৰ্থ আছে। তাৰপৰা সঠিক অর্থ বিচাৰি আনি বাকচটোৰ খালী ঠাইত লিখা।
উত্তৰ:
- এজোলোকা → একাঁজলি
- ঔষধ → দৰৱ
- ৰভা → উছৱ-পৰবৰ বাবে ওখকৈ দিয়া চালি
- বোৱাৰী → পুত্ৰৰ পত্নী
- অতিথি → আলহী
৯। (ক) তলৰ সম্বন্ধ বুজোৱা শব্দবোৰত ‘পুৰুষবাচক বিভক্তি’ যোগ কৰি লিখা।
উত্তৰ:
| সম্বন্ধ বুজোৱা শব্দ | ২ য় পুৰুষ | ৩ য় পুৰুষ | ||
| তোমাৰ | তোৰ | তাৰ | তাইৰ | |
| আইতা | আইতাৰ | আইতাৰ | আইতাক | আইতাক |
| সখি | সখিয়েৰা | সখিয়েৰ | সখিয়েক | সখিয়েক |
| পেহী | পেহীয়েৰা | পেহীয়েৰ | পেহীয়েক | পেহীয়েক |
| শাহু | শাহুৱেৰা | শাহুৱেৰ | শাহুৱেক | শাহুৱেক |
| আমৈ | আমৈয়েৰা | আমৈয়েৰ | আমৈয়েক | আমৈয়েক |
| বৌ | বৌৱেৰা | বৌৱেৰ | বৌৱেক | বৌৱেক |
| দেওৰ | দেওৰেৰা | দেওৰেৰ | দেওৰেক | দেওৰেক |
(খ) তলৰ বাক্যকেইটাত দুটাকৈ সম্বন্ধবাচক শব্দৰ ৰূপ দিয়া আছে। তাৰে অশুদ্ধটো কাটি দিয়া।
* তোমাৰ দেউতাৰা/দেউতাৰ ঘৰত আছেনে?
উত্তৰ: তোমাৰ দেউতাৰা ঘৰত আছেনে?
* তোৰ ভায়েৰা/ভায়েৰ বৰ বুধিয়ক।
উত্তৰ: তোৰ ভায়েৰ বৰ বুধিয়ক।
* তেওঁৰ খুৰীয়েক/খুৰীৱেক ঘৰলৈ গ’ল।
উত্তৰ: তেওঁৰ খুৰীয়েক ঘৰলৈ গ’ল।
* আমাৰ মামায়/মামাই নাচিব জানে।
উত্তৰ: আমাৰ মামাই নাচিব জানে।
* সিহঁতৰ বৌৱেক/বৌয়েক ক’ত থাকে?
উত্তৰ: সিহঁতৰ বৌৱেক ক’ত থাকে?
(গ) বন্ধনীৰ ভিতৰত থকা সম্বন্ধ বুজোৱা শব্দৰ লগত পুৰুষবাচক বিভক্তি যোগ কৰি খালী ঠাই পূৰোৱা–
* তোৰ _______ অসুখ (মাহী)
উত্তৰ: তোৰ মাহীয়েৰৰ অসুখ।
* আমাৰ _______ খেতি কৰে (ককা)
উত্তৰ: আমাৰ ককাই খেতি কৰে।
* তোমালোকৰ _______ কথাটো ক’বা। (খুৰা)
উত্তৰ: তোমালোকৰ খুৰাৰাক কথাটো ক’বা।
*কিতাপখন _______ আগবঢ়ালোঁ। (বৌ)
উত্তৰ: কিতাপখন বৌলৈ আগবঢ়ালোঁ।
* তেওঁৰ _________ ঘৰ বৰপেটাত (শহুৰ)।
উত্তৰ: তেওঁৰ শহুৰেকৰ ঘৰ বৰপেটাত।
* তাই _______ বৰ মৰম কৰে। (ভাই)।
উত্তৰ। তাই ভায়েকক বৰ মৰম কৰে।
* আপোনাৰ _______ আহি আছে (ভনী)
উত্তৰ। আপোনাৰ ভনীয়েক আহি আছে।
১০। (ক) গছ-পুলি এটা ৰুই ডাঙৰ-দীঘল হ’বলৈ তাৰ কিদৰে যতন ল’ব লাগে? দলত আলোচনা কৰি লিখা।
উত্তৰ: গছ-পুলি এটা ৰুই ডাঙৰ-দীঘল হ’বলৈ সঠিক যতন লোৱাটো অতি প্ৰয়োজন। প্ৰথমে নিয়মিত পানী দিব লাগে। গছ-পুলিৰ চাৰিওফালে থকা আগাছা পৰিষ্কাৰ কৰি ৰাখিব লাগে। তৃণভোজী প্ৰাণীৰ পৰা ৰক্ষা কৰিবলৈ জেওৰা দিব লাগে। তাৰ উপৰি সময়মতে সাৰ প্ৰয়োগ কৰিব লাগে আৰু মাজে-সময়ে গছ-পুলিৰ অৱস্থা চাব লাগে।
(খ) আমলখি এবিধ ঔষধি গুণ থকা ফল। এনেধৰণৰ ঔষধি আৰু গুণ থকা কি কি ফলৰ গছ তোমালোকে দেখিছা? লিখা।
উত্তৰ: আমলখিৰ দৰে ঔষধি গুণ থকা বহুতো ফলৰ গছ আমি দেখিছোঁ। যেনে- নিম গছ, আম গছ, কদম গছ, শিলিখা গছ, বেল গছ, তেঁতেলী গছ আদি। এইবোৰ গছৰ ফল আৰু পাত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
(গ) কবিতাটোত ৰঘুনাথে ৰভাখন দিবলৈকে গছজোপা কাটিছিল। জধে-মধে গছ-গছনি কটা বন্ধ কৰিবলৈ আমি কি কি কৰিব পাৰোঁ, দলত আলোচনা কৰি কোৱা আৰু লিখা।
উত্তৰঃ: জধে-মধে গছ-গছনি কটা বন্ধ কৰিবলৈ আমি কিছুমান ব্যৱস্থা ল’ব পাৰোঁ। যেনে— গছ কটাৰ অপকাৰিতা বিষয়ে মানুহক সজাগ কৰিব লাগে। বিনা কাৰণে গছ কটা বন্ধ কৰিব লাগে আৰু নতুন গছ-পুলি ৰোপণ কৰিব লাগে। বন-সংৰক্ষণৰ নিয়ম মানি চলিব লাগে। বিদ্যালয় আৰু সমাজত গছ ৰোৱাৰ কাৰ্যসূচী চলাব লাগে।
১১। তলত দিয়া দিৱসবোৰৰ বিষয়ে তথ্যভিত্তিক টোকা লিখা।
(ক) বিশ্ব বন দিৱস:
বিশ্ব বন দিৱস প্ৰতিবছৰে ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। এই দিৱসত বন-জংঘলৰ গুৰুত্ব সম্পর্কে মানুহক সচেতন কৰা হয়। গছ-পুলি ৰোৱা, বন সংৰক্ষণ কৰা আৰু বন নিধন বন্ধ কৰাৰ বিষয়ে জনসাধাৰণক বুজোৱা হয়।
(খ) ধৰিত্ৰী দিৱস:
ধৰিত্ৰী দিৱস প্ৰতিবছৰে ২২ এপ্ৰিল তাৰিখে পালন কৰা হয়। এই দিনটোত পৃথিৱীখন সুৰক্ষিত ৰখাৰ বাবে সচেতনতা বৃদ্ধি কৰা হয়। দূষণ কমোৱা, গছ-পুলি ৰোৱা আৰু পৰিবেশ ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়।
(গ) বিশ্ব পৰিৱেশ দিৱস:
বিশ্ব পৰিৱেশ দিৱস প্ৰতিবছৰে ৫ জুন তাৰিখে পালন কৰা হয়। এই দিৱসত পৰিবেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা বুজোৱা হয়। গছ-পুলি ৰোৱা, প্লাষ্টিক ব্যৱহাৰ কমোৱা আৰু পৰিবেশ সুন্দৰ কৰি ৰখাৰ বাবে মানুহক উৎসাহিত কৰা হয়।
১২। তলত দিয়া পোষ্টাৰকেইখনত ‘বিশ্ব পৰিৱেশ দিৱস’ৰ বাবে একোটাকৈ শ্ল’গান লিখা।
উত্তৰ:
- (ক) গছ ৰোপন কৰক, পৃথিৱী সেউজীয়া কৰক।
- (খ) পৰিৱেশ ৰক্ষা কৰক, ভবিষ্যত সুৰক্ষিত কৰক।
- (গ) গছ বচাওঁ, জীৱন বচাওঁ।
১৩। (খ) সদনৰ মতে-“অসমৰ মানুহে গছপুলি ৰুব নালাগে, কেৱল গছ-গছনি নাকাটিলেই হ’ল।” বিষয়টো সম্পর্কে শ্রেণীকোঠাত তর্ক-প্রতিযোগিতা অনুষ্ঠিত কৰা। দুটা দলত ভাগ হৈ সপক্ষে আৰু বিপক্ষে চুক্তি দিয়া।
উত্তৰঃ
সপক্ষে:
মাননীয় সদনৰ মতে কোৱা হৈছে যে অসমৰ মানুহে গছপুলি ৰুব নালাগে, কেৱল গছ-গছনি নাকাটিলেই হ’ল। এই কথাখিনি কিছু পৰিমাণে যুক্তিযুক্ত।
যদি আমি গছ-গছনি নাকাটো, তেন্তে বনাঞ্চল নিজে নিজেই সংৰক্ষিত থাকিব। প্ৰাকৃতিকভাৱে গছপুলি গজি উঠে, নতুন গছ জন্ম লয়। মানুহে গছ কটাৰ বাবে বন ধ্বংস হয়, সেয়ে গছ নাকাটিলেই বহু সমস্যা সমাধান হ’ব পাৰে।
বিপক্ষে:
এই মতৰ সৈতে আমি একমত নহওঁ। কেৱল গছ নাকাটিলেই যথেষ্ট নহয়।
আজিৰ দিনত বনাঞ্চল বহু কমি গৈছে। জনসংখ্যা বৃদ্ধি, নগৰায়ণ আদি কাৰণত গছ-গছনি নষ্ট হৈছে। সেয়ে নতুনকৈ গছ ৰোপণ কৰাটো অতি প্ৰয়োজনীয়। যদি আমি কেৱল গছ নাকাটো কিন্তু নতুন গছ নৰোপো, তেন্তে আগলৈ গছৰ সংখ্যা কমি যাব। গছপুলিয়ে আমাক অক্সিজেন দিয়ে, পৰিবেশ শুদ্ধ ৰাখে, সেয়ে অধিক গছ ৰোপণ কৰাটো অতি জৰুৰী।
Class 7 Assamese Chapter 1 Question Answer Overview
This Class 7 Assamese Chapter 1 Question Answer guide provides a complete and well-structured collection of important questions and answers from Class 7 Assamese Lesson 1 – গছ ভালপোৱা ককাৰ খং (Gos Bhalpuwa Kokar Khong). Every Class 7 Assamese Chapter 1 answer is explained in simple, clear and easy-to-understand language, making it suitable for all students following the latest SCERT syllabus.
This Class 7 Unmesh Lesson 1 Question Answer resource includes textbook questions and other important exam-oriented questions that are frequently asked in school examinations. Each Class 7 Assamese Chapter 1 Question Answer is prepared carefully to help students understand the lesson, improve their subject knowledge, and strengthen their writing skills. By studying this Class 7 Assamese Chapter 1 guide, students can revise the chapter quickly, build confidence and prepare effectively for class tests, annual examinations and other academic assessments.
If you found this Class 7 Assamese Chapter 1 Question Answer guide helpful, explore more study materials on Bidya Setu:
- Class 7 Assamese Chapter 2 Question Answer
- Class 7 Assamese Chapter 3 Question Answer
- Class 7 Assamese Chapter 4 Question Answer
Frequently Asked Questions (FAQs)
Q: What is Class 7 Assamese Chapter 1 about?
A: Class 7 Assamese Chapter 1 is the first lesson of the SCERT Class 7 Assamese (Unmesh) textbook. The chapter highlights the importance of trees and the values associated with protecting nature.
Q: Where can I find Class 7 Assamese Chapter 1 Question Answer?
A: You can find complete Class 7 Assamese Chapter 1 Question Answer on Bidya Setu. All answers are prepared according to the latest SCERT syllabus in simple and easy-to-understand language.
Q: Is this Class 7 Unmesh Lesson 1 Question Answer based on the latest SCERT syllabus?
A: Yes. This Class 7 Assamese Chapter 1 Question Answer guide is prepared according to the latest SCERT Assam syllabus.
Q: Does this guide include all textbook questions?
A: Yes. This Class 7 Assamese Chapter 1 Question Answer guide includes all important textbook questions along with additional exam-oriented questions and answers.
Q: Is this Class 7 Assamese Chapter 1 guide useful for exams?
A: Yes. This Class 7 Assamese Chapter 1 Question Answer guide is designed to help students revise the chapter and prepare confidently for class tests and annual examinations.