কৃষক | Class 7 Assamese Chapter 4 Question Answer

Class 7 Assamese Chapter 4 Question Answer ৰ এই লেখাটোত “কৃষক” (সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ ৪) অধ্যায়টোৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ সহজ আৰু স্পষ্ট ভাষাত দিয়া হৈছে। If you are looking for Class 7 Assamese Lesson 4 Question Answer, Class 7 Unmesh Chapter 4 Question Answer, Class 7 Unmesh Lesson 4 Question Answer, সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ ৪ ৰ প্ৰশ্নোত্তৰ অথবা সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ ৪ ৰ প্ৰশ্নোত্তৰ, this page provides complete and accurate answers based on the latest SCERT syllabus to help you prepare for your exams with confidence.

১। তলৰ পদ্যফাকিৰ তলত আঁচটনা শব্দকেইটাৰ ঠাইত কাষৰ বাকচত থকা একে অর্থ মিলা শব্দ আনি পদ্যফাকি পুনৰ লিখা।

উত্তৰ: তোমাৰ যহতে লোকে ঘটি বিদ্যাধন 

                স্বদেশৰ উন্নতি সাধিছে, 

         তোমাৰে উৎপন্ন লৈ ক্রয়-বিক্ৰয় কৰি 

                সাউদে লক্ষ্মীক বান্ধিছে।

২। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা–

◾“সদাগৰে লক্ষ্মীক বান্ধিছে।”-ইয়াত ‘লক্ষ্মীক বান্ধিছে’ বাক্যাংশই কি বুজাইছে?

(ক) ধন-সম্পত্তি বন্দী কৰি ৰাখিছে

(খ) ধন-সম্পত্তিৰে ভঁৰাল সাজিছে

(গ) ধন-সম্পত্তি আহৰণ কৰি চহকী হৈছে

(ঘ) ধন-সম্পত্তি আছুতীয়াকৈ ৰাখিছে

উত্তৰ: (গ) ধন-সম্পত্তি আহৰণ কৰি চহকী হৈছে

◾কাৰ গুণত লোকসকলে বিদ্যাশিক্ষা লাভ কৰি স্বদেশত উন্নতি সাধিছে বুলি কবিয়ে কৈছে?

(ক) পিতৃৰ

(খ) সমাজৰ

(গ) কৃষকৰ

(ঘ) সদাগৰৰ

উত্তৰ: (গ) কৃষকৰ

৩। কবিতাটোৰ মূলভাব লিখা।

উত্তৰ: কবিতাটোত কবিয়ে কৈছে যে পিতৃৰ দৰে কৃষকেও সকলোকে অন্নাহাৰ দি সমাজৰ, জীৱনৰ গুৰিবঠা ধৰি ৰাখিছে। কৃষকৰ জহতে কিছুমানে বিদ্যাধন আর্জি স্বদেশৰ উন্নতি সাধিছে। আন কিছুমানে কৃষকৰ উৎপাদিত বস্তু কিনা-বেচা কৰি চহকী হৈছে। যদি কিবা কাৰণত কৃষকে খেতি নকৰাকৈ বহি থাকে তেন্তে সামাজিক বান্ধোন উফৰি পৰিব। কৃষকৰ সমান হিতকাৰী, প্রাণদাতা আন কোনো হ’ব নোৱাৰে। স্বাধীন, মুকলিমূৰীয়া জীৱন-যাপন কৰি কাৰো ওচৰত হাত নপতাকৈ একমাত্র কৃষকেহে চলিব পাৰে।

৪। চমু উত্তৰ দিয়া–

(ক) জীৱন নাৱৰ গুৰি বঠা ধৰি কৃষকে কাক জীয়াই ৰাখিছে?

উত্তৰ: জীৱন নাৱৰ গুৰি ব’ঠা ধৰি কৃষকে সমাজ জীৱনক জীয়াই ৰাখিছে।

(খ) কৃষকক কাৰ তুল্য বুলি কোৱা হৈছে?

উত্তৰ: কৃষকক পিতৃৰ তুল্য বুলি কোয়া হৈছে।

(গ) কৃষকৰ উৎপাদন কিনা-বেচা কৰি কোনে লক্ষ্মীক বান্ধিছে?

উত্তৰ: কৃষকৰ উৎপাদন কিনা-বেচা কৰি সদাগৰে লক্ষ্মীক বান্ধিছে।

(ঘ) দেশত কেতিয়া হাহাকাৰ লাগিব বুলি কবিতাটোত কৈছে?

উত্তৰ: মাথো এটি বাৰিষা যদি কৃষকে খেতি নকৰাকৈ বহি থাকে তেন্তে দেশত হাহাকাৰ লাগিব বুলি কবিতাটোত কৈছে।

৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

(ক) এটি বাৰিষাকাল যদি কৃষকে খেতি নকৰি বহি থাকে, তেনেহ’লে দেশত কি কি সমস্যা হ’ব পাৰে?

উত্তৰ: এটি বাৰিষাকাল যদি কৃষকে খেতি নকৰি বহি থাকে তেন্তে দেশত দুর্ভিক্ষ হ’ব। বিদ্যার্জন, বেপাৰ-বাণিজ্য আদি সকলো কাম-কাজ বন্ধ হৈ দেশত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হ’ব।

(খ) “তোমাৰ সমান নাই দেশ-হিতকৰ” –ইয়াত ‘তোমাৰ’ বুলি কাক কৈছে আৰু তেওঁক কিয় দেশ-হিতকৰ বুলি কৈছে?

উত্তৰ: “তোমাৰ সমান নাই দেশ-হিতকৰ” –ইয়াত ‘তোমাৰ’ বুলি কৃষকক কৈছে।

কৃষকে সকলোকে অন্নাহাৰ যোগান ধৰে। কৃষক অবিহনে বিদ্যার্জন, বেপাৰ-বাণিজ্য, সমাজ বান্ধোন আদি সকলো শ্মশান সদৃশ হৈ পৰিব। সমাজ-জীৱনৰ গুৰি বঠা কৃষকেই ধৰি থাকে। সেয়েহে কৃষকক কবিয়ে দেশ-হিতকৰ বুলি কৈছে।

(গ) কবিতাটোত কবিয়ে কৃষকক কি কি নামেৰে বিভূষিত কৰিছে, বাছি উলিয়াই লিখা।

উত্তৰ: কবিতাটোত কবিয়ে কৃষকক পিতৃৰ তুল্য, দেশ-হিতকৰ, প্ৰাণদাতা, চিয়া আদি নামেৰে বিভূষিত কৰিছে।

(ঘ) কবিয়ে কৃষকক পিতৃৰ লগত কিয় তুলনা কৰিছে? কাৰণ দৰ্শোৱা।

উত্তৰ: কবিয়ে কৃষকক পিতৃৰ লগত তুলনা কৰিছে। কাৰণ, পিতৃয়ে এখন ঘৰক খাদ্য যোগান ধৰাৰ লগতে, বিপদ-আপদ, অভাৱ-অনাটন আদি সকলো সমস্যাৰ সমাধান কৰি ঘৰখনৰ গুৰি-বঠা ধৰি জীয়াই ৰাখে। ঠিক সেইদৰে কৃষক এজনেও সমাজক অন্নাহাৰ যোগান ধৰাৰ লগতে কৃষকৰ যহতে বিদ্যার্জন, বেপাৰ-বাণিজ্য আদি চলি থাকে। সেয়েহে কবিয়ে কৃষকক পিতৃৰ লগত তুলনা কৰিছে।

(ঙ) কবিয়ে কৃষকক কিয় প্রাণদাতা বুলি কৈছে?

উত্তৰ: কৃষকে সমাজক অন্নাহাৰ যোগান ধৰে। কৃষকৰ যহতে সমাজ-জীৱন সুচাৰুৰূপে চলি আছে। এবাৰ যদি কৃষকে খেতি নকৰে, তেন্তে দুর্ভিক্ষ হ’ব আৰু গোটেই সমাজ-জীৱন ছাৰখাৰ হৈ পৰিব। সেয়েহে কবিয়ে কৃষকক প্রাণদাতা বুলি কৈছে।

(চ) কৃষিকার্যক এটা বৃত্তি হিচাপে লৈও মানুহে কেনেদৰে জীৱন-নিৰ্বাহ কৰিব পাৰে লিখা।

উত্তৰ: কৃষিকার্য সমাজৰ এটা উত্তম বৃত্তি। কৃষিৰ ওপৰত নিৰ্ভৰ কৰি গোটেই সমাজ ব্যবস্থা চলি আছে। কৃষিকার্য কৰিবলৈ কাৰো ওচৰত হাত পতাৰ বা খাটনি ধৰাৰ প্রয়োজন নাথাকে। ই এটা স্বাধীন আৰু মুকলিমূৰীয়া বৃত্তি, গতিকে কৃষিকার্যক ‘এটা বৃত্তি হিচাপে লৈ সন্মান সহকাৰে সুন্দৰকৈ চলি থাকিব পাৰি।

৬। ব্যাখ্যা কৰা–

“স্বাধীন কিৰিষি কৰি আপোন ইচ্ছাৰে 

         তুমিয়েই মুকলিমূৰীয়া, 

নাপাতা কালৈকো হাত নধৰা খাটনি 

     ৰাখিছা দেশৰ তুমি চিয়া।”

উত্তৰ: উক্ত কবিতাফাকি তুলসীচন্দ্ৰ বৰুৱাৰদ্বাৰা ৰচিত “কৃষক” নামৰ কবিতাটোৰপৰা তুলি দিয়া হৈছে। ইয়াৰদ্বাৰা কবিয়ে কৃষিৰ জৰিয়তে মানুহে কেনেকৈ নিজৰ সম্মান আৰু স্বাধীনতা বজাই ৰাখি পৰিশ্ৰম কৰি দেশৰ উন্নতিত সহায় কৰিব পাৰে তাকে ক’ব বিচাৰিছে।

কৃষি এটা স্বাধীন বৃত্তি। মানুহে নিজৰ ইচ্ছাৰে স্বাধীনভাৱে কৃষি কৰিব পাৰে। ইয়াৰ বাবে আন কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে বা কাকো খাটনি ধৰিব নালাগে। বৰং সমাজখন চলিবলৈ কৃষিৰ ওপৰতেই নিৰ্ভৰ কৰিব লাগে। সেয়ে কৃষি এটা উত্তম জীৱিকা।

৭। কবিতাটোত থকা কেইটামান শব্দৰ অৰ্থ তলৰ বাকচত দিয়া আছে। শব্দৰ কাষত উপযুক্ত অর্থটো লিখি মূল শব্দটোৰে একোটাকৈ বাক্য ৰচনা কৰা–

সদায়        নাও চলোৱা সঁজুলি        সমূলি নষ্ট        গুণতে  কাতৰ প্ৰাৰ্থনা      পো-নাতিৰ দিনলৈকে থকা যশস্যা বা খ্যাতি

উত্তৰ:

  • ব’ঠা: (নাও চলোৱা সঁজুলি)- সময়েহে জানে জীৱন নাওৰ ব’ঠা কেতিয়ালৈ মাৰিব পাৰি।
  • সর্বদায়: (সদায়)- সৰ্বদায় মানুহে নিজৰ লগতে আনৰো ভালৰ কথা চিন্তা কৰিব লাগে।
  • যহতে: (গুণতে)- খেতিয়ক ককাইৰ যহতে কোনোমতে লঘোণ নপৰাকৈ পেটে-ভাতে চলি আছো।
  • চিয়া: (পো-নাতিৰ দিনলৈকে থকা যশস্যা বা খ্যাতি)- তহঁতে তাক খেতি কৰা বুলি নাজানিহে হাঁহিছ, আচলতে সিহে ঘৰখনৰ চিয়া।
  • ছাৰখাৰ : (সমূলি নষ্ট)- অসাৱধানতাৰ বাবে জুই লাগি সমস্ত খেতিডৰা ছাৰখাৰ হৈ গ’ল।
  • খাটনি: (কাতৰ প্ৰাৰ্থনা)- বাকীৰ পইচাকেইটা দিবলৈ দোকানীজনে মানুহজনক খাটনি ধৰিলে।

৮। খ) তলত দিয়া বাক্যকেইটাত থকা সমাপিকা আৰু অসমাপিকা পদকেইটা বাছি উলিয়াই তালিকাত লিখা।

উত্তৰ:

বাক্যঅসমাপিকাসমাপিকা
মই বজাৰৰ পৰা আহি ভাত খাম।আহিখাম
মামাই জলপান খাই পথাৰলৈ যাব।খাইযাব
ভাইটিয়ে ছবি আঁকি কিতাপ পঢ়িব।আঁকিপঢ়িব
ছাত্ৰ-ছাত্ৰীসকলে প্ৰাৰ্থনা কৰি শ্ৰেণীকোঠালৈ যাব।কৰিযাব
সন্ধিয়া হাত-ভৰি ধুই পঢ়াত বহিবা।ধুইবহিবা

৯। তলত দিয়া ক্রিয়াপদবোৰ সমাপিকা (স) আৰু অসমাপিকা (অস) হিচাপে ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা।

উত্তৰ: 

  • ধৰ্ (স) : ৰহিমহঁতে পুখুৰীত মাছ ধৰিছে।
  • ধৰ্ (অস) : শিয়ালটোৱে হাঁহজনীক ধৰি লৰ মাৰিলে।
  • কৰ (স) : সিহঁতে গৃহকাৰ্যখিনি সম্পূর্ণ কৰিলে।
  • কৰ (অস): সিহঁতে গৃহকাৰ্যখিনি কৰি ফুৰিবলৈ যাব।
  • খা (স): তাই ভাত খালে।
  • খা (অস) : তাই ভাত খাই স্কুললৈ গ’ল।

১০। (ক) ‘ক’ অংশৰ লগত ‘খ’ অংশৰ শব্দ লগ-লগাই উদাহৰণত দিয়াৰ দৰে যুৰীয়া শব্দ গঠন কৰা–

উত্তৰ:

  • মাক — বাপেক 
  • দেওৰ — ননদ 
  • জী — জোঁৱাই 
  • ভাই — ভনী
  • শাহু — শহুৰ
  • পেহা — পেহী 
  • মামা — মামী

(খ) ওপৰৰ সম্বন্ধবাচক যুৰীয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা।

উত্তৰ:

মামা-মামী: আজি আমাৰ ঘৰলৈ মামা-মামী আহিব।

ভাই-ভনী: সিহঁত ভাই-ভনীহালে বৰ মিলাপ্ৰীতিৰে থাকে।

পেহা-পেহী: আজি পেহা-পেহীহঁতৰ ঘৰত দাদাৰ বিয়া আছে।

জী-জোঁৱাই: জী-জোঁৱাই আহিব বুলি ক’লে আইতাক আৰু কোনে পায়?

দেওৰ-ননদ : আমাৰ বাইদেউৰ দেওৰ-ননদ মুঠতে চাৰিজন।

মাক-বাপেক: মাক-বাপেক নোহোৱা ল’ৰা-ছোৱালীহাল দেখিলে বেয়াই লাগে।

শাহু-শহুৰ : তাইৰ শাহু-শহুৰ কেতিয়াবাই ঢুকাল।

১১। (খ) তলত দিয়া প্রবচনকেইটি দলত আলোচনা কৰি বহলাই লিখা।

ঘন ঘনকৈ দিবা আলি, পর্বততো ৰুবা শালি 

আহিনে কাতিয়ে ৰাখিবা পানী, যেনেকৈ ৰাখে ৰজাই ৰাণী।

উত্তৰ: শালি খেতিৰ বাবে যথেষ্ট পানীৰ দৰকাৰ হয়। তাৰ কাৰণে আগতীয়াকৈ পানী জমা কৰি ৰখাৰ ব্যৱস্থা কৰা দৰকাৰ। আহিন-কাতি মাহত যেতিয়া ধাৰাসাৰ বৰষুণ বা শেষ বাৰিষা আহে, তেতিয়াই পথাৰত ঘন ঘনকৈ আলি বান্ধি দি পানী ধৰি ৰখা দৰকাৰ। ৰজাই ৰাণীক মৰম-যত্নৰে ৰখাৰ দৰে পানীখিনিৰো সুব্যৱস্থা কৰিলে শালি খেতি কৰাত অকণো অসুবিধা নহয়। বৰং পৰ্বতৰ দৰে ওখ ঠাইতো শালি খেতি কৰিব পৰা যাব।

◾তিনিশ ষাঠি জোপা ৰুবা কল মাহেকে পষেকে চিকুনাবা তল,

পাত-পচলা লাভত খাবা, লংকাৰ বণিজ ঘৰতে পাবা।

উত্তৰ: কলগছৰ খেতি এবিধ লাভজনক খেতি। মাত্র কলগছৰ তলখন পৰিষ্কাৰকৈ ৰাখিব লাগে। কলগছৰ কোনো এটা অংশই পেলনি নাযায়। গতিকে ব্যৱসায়ত লোকচান হোৱাৰ কথাই নাথাকে, বৰং লাভহে হয়। সুদূৰলৈ গৈ অন্য ব্যৱসায় কৰাতকৈ ঘৰত থাকি কলগছৰ খেতিৰ ব্যৱসায় কৰাই ভাল।

◾ষোল্ল চাহত মূলা, তাৰ আধাত তুলা।

তাৰ আধাত ধান, বিনা চাহত পান।

উত্তৰ:  মূলাৰ খেতি কৰিবলৈ মাটি ষোল্ল চাহ দিয়া দৰকাৰ। তাৰ আধা, অর্থাৎ আঠ চাহ দিলে তুলাগছৰ খেতি কৰিব পাৰি। তাৰ আধা, অৰ্থাৎ চাৰি চাহ দিলে ধান খেতি কৰিব পাৰি। আনহাতে পাণৰ খেতি কৰিবলৈ মাটি চহোয়াৰ দৰকাৰেই নাই। 

১২। তলত দিয়া বৃত্তিসমূহৰ বিষয়ে চমু টোকা লিখা।

শিক্ষক, আৰক্ষী, চিকিৎসক, গায়ক।

উত্তৰ: শিক্ষকঃ শিক্ষক হৈছে সমাজ গঠনকাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ পথপ্ৰদৰ্শক। তেওঁলোকে পাঠ বুজাই দিয়ে, জ্ঞান বৃদ্ধি কৰে আৰু ভাল নীতি-আদৰ্শ শিকায়। এজন ভাল শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ভিতৰত শৃংখলা, সততা আৰু দায়িত্ববোধ গঢ়ি তোলে।

আৰক্ষীঃ আৰক্ষীয়ে দেশৰ আইন-শৃংখলা ৰক্ষা কৰে। তেওঁলোকে অপৰাধ দমন কৰে, দুখীয়া আৰু অসহায় মানুহক সহায় কৰে আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰে। তেওঁলোকৰ কাম খুব দায়িত্বপূর্ণ আৰু কঠিন।

চিকিৎসকঃ চিকিৎসক হৈছে জীৱন ৰক্ষক। তেওঁলোকে অসুস্থ মানুহৰ চিকিৎসা কৰে, ৰোগ নিৰ্ণয় কৰে আৰু সঠিক ঔষধ দিয়ে। এজন চিকিৎসকে সহানুভূতি আৰু দায়িত্বৰে কাম কৰি মানুহৰ জীৱন বচায়।

গায়কঃ গায়কসকলে সংগীতৰ জৰিয়তে মানুহক আনন্দ দিয়ে। তেওঁলোকে গান গাই মনৰ দুখ-সুখ প্ৰকাশ কৰে আৰু সমাজত সংস্কৃতিৰ প্ৰসাৰ ঘটায়। এজন ভাল গায়কে নিজৰ প্ৰতিভাৰে সকলোৰে হৃদয় জয় কৰে।

১৩। (ক) বিজ্ঞাপনটো কোনে কেতিয়া প্ৰচাৰ কৰিছে?

উত্তৰ: বিজ্ঞাপনটো জিলা কৃষি বিষয়া, ডিব্ৰুগড়, অসম-এ ৫ আগষ্ট, ২০২৫ তাৰিখে প্ৰচাৰ কৰিছে।

(খ) বিজ্ঞাপনটোত মুঠ কেইটা পদৰ বাবে আবেদন বিচৰা হৈছে?

উত্তৰ: বিজ্ঞাপনটোত মুঠ ৭টা পদৰ বাবে আবেদন বিচৰা হৈছে।

(গ) বিজ্ঞাপনটোত কি কি পদৰ বাবে আবেদন বিচৰা হৈছে?

উত্তৰ: বিজ্ঞাপনটোত পিয়ন, ড্ৰাইভাৰ আৰু মালী পদৰ বাবে আবেদন বিচৰা হৈছে।

(ঘ) পদকেইটা কি বৰ্গৰ পদ?

উত্তৰ: পদকেইটা চতুৰ্থ বৰ্গৰ পদ।

(ঙ) পদকেইটাৰ বাবে কি কি অৰ্হতা বিচৰা হৈছে?

উত্তৰ: বিভিন্ন পদৰ বাবে বিভিন্ন অৰ্হতা বিচৰা হৈছে–

  • পিয়ন পদৰ বাবে ন্যূনতম শিক্ষাগত অর্হতা দ্বাদশ শ্রেণী উত্তীৰ্ণ আৰু অন্যান্য অৰ্হতা কম্পিউটাৰৰ এবছৰীয়া ডিপ্লমা কৰা বিচাৰিছে।
  • ড্ৰাইভাৰ পদৰ বাবে ন্যূনতম দশম শ্রেণী উত্তীৰ্ণ আৰু চাৰিচকীয়া চালকৰ অনুজ্ঞাপত্ৰ আৰু অভিজ্ঞতাৰ প্ৰমাণপত্ৰ বিচাৰিছে।
  • মালী পদৰ বাবে ন্যূনতম অষ্টম শ্রেণী উত্তীর্ণ বিচাৰিছে।

(চ) প্ৰাৰ্থীৰ বয়স কিমান হ’ব লাগিব বুলি বিজ্ঞাপনটোত দিয়া হৈছে?

উত্তৰ: প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰী, ২০২৫ৰ তাৰিখে ১৮-৪০ বছৰৰ ভিতৰত হ’ব লাগিব।

(ছ) ড্ৰাইভাৰ প্ৰাৰ্থীৰ বাচনি প্রক্রিয়া কেনেদৰে কৰা হ’ব?

উত্তৰ: মৌখিক পৰীক্ষা আৰু দক্ষতা পৰীক্ষাৰ জৰিয়তে ড্ৰাইভাৰ প্ৰাৰ্থীৰ বাচনি কৰা হ’ব।

(জ) আবেদন প্রক্রিয়া কেতিয়া আৰম্ভ হৈ কেতিয়া শেষ হ’ব?

উত্তৰ: আবেদন প্রক্রিয়া ৭ আগষ্ট, ২০২৫ তাৰিখে আৰম্ভ হৈ ২০ আগষ্ট, ২০২৫ তাৰিখে শেষ হ’ব।

(ঝ) প্রার্থীয়ে আবেদনৰ প্ৰ-পত্ৰ কেনেকৈ পূৰাব পাৰিব?

উত্তৰ। বিভাগীয় ৱেবচাইট www.agri.dibru.inত গৈ প্রার্থীয়ে অনলাইনযোগে প্র-পত্র পূৰাব পাৰিব।


Class 7 Assamese Chapter 4 Question Answer Overview

This Class 7 Assamese Chapter 4 Question Answer guide provides a complete and well-structured collection of important questions and answers from Class 7 Assamese Lesson 4 – কৃষক. Every Class 7 Assamese Chapter 4 answer is explained in simple, clear and easy-to-understand language, making it suitable for all students following the latest SCERT syllabus.

This Class 7 Assamese Chapter 4 Question Answer resource includes textbook questions and other important exam-oriented questions that are frequently asked in school examinations. Each Class 7 Assamese Chapter 4 Question Answer is prepared carefully to help students understand the lesson, improve their subject knowledge, and strengthen their writing skills. By studying this Class 7 Assamese Chapter 4 Question Answer guide, students can revise the chapter quickly, build confidence and prepare effectively for class tests, annual examinations and other academic assessments.

If you found this Class 7 Assamese Chapter 4 Question Answer guide helpful, explore more study materials on Bidya Setu:


Frequently Asked Questions (FAQs)

Q: What is Class 7 Assamese Chapter 4 about?

A: Class 7 Assamese Chapter 4 is the 4th lesson of the SCERT Class 7 Assamese (Unmesh) textbook. The chapter highlights the importance of trees and the values associated with protecting nature.

Q: Where can I find Class 7 Assamese Chapter 4 Question Answer?

A: You can find complete Class 7 Assamese Chapter 4 Question Answer on Bidya Setu. All answers are prepared according to the latest SCERT syllabus in simple and easy-to-understand language.

Q: Is this Class 7 Assamese Chapter 4 Question Answer based on the latest SCERT syllabus?

A: Yes. This Class 7 Assamese Chapter 4 Question Answer guide is prepared according to the latest SCERT Assam syllabus.

Q: Does this guide include all textbook questions?

A: Yes. This Class 7 Assamese Chapter 4 Question Answer guide includes all important textbook questions along with additional exam-oriented questions and answers.

Q: Is this Class 7 Assamese Chapter 4 Question Answer guide useful for exams?

A: Yes. This Class 7 Assamese Chapter 4 Question Answer guide is designed to help students revise the chapter and prepare confidently for class tests and annual examinations.


Leave a Comment