কাঞ্চনবাৰীৰ হাতীটো | Class 7 Assamese Chapter 2 Question Answer

Class 7 Assamese Chapter 2 Question Answer ৰ এই লেখাটোত “কাঞ্চনবাৰীৰ হাতীটো” (সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ ২) অধ্যায়টোৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ সহজ আৰু স্পষ্ট ভাষাত দিয়া হৈছে। If you are looking for Class 7 Assamese Lesson 2 Question Answer, Class 7 Unmesh Chapter 2 Question Answer, Class 7 Unmesh Lesson 2 Question Answer, সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ ২ ৰ প্ৰশ্নোত্তৰ অথবা সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ ২ ৰ প্ৰশ্নোত্তৰ, this page provides complete and accurate answers based on the latest SCERT syllabus to help you prepare for your exams with confidence.

১। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা–

◾মাচুমাহঁত বিদ্যালয়ৰপৰা ঘূৰি আহোঁতে পাহাৰৰপৰা কি ওলাই অহা দেখিছিল?

(ক) এটা সুগৰি পহু

(খ) এটা ম’হ

(গ) এটা মখনা

(ঘ) এটা হৰিণ

উত্তৰ: (গ) এটা মখনা

◾কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল?

(ক) দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে

(খ) মানুহক আক্রমণ কৰিবৰ বাবে

(গ) মাচুমাহঁত বিদ্যালয়ৰপৰা অহাৰ বাবে

(ঘ) জাকৰপৰা বাদ পৰাৰ বাবে

উত্তৰ: (ক) দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে

২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।

(ক) দণ্ডি কি

উত্তৰঃ দণ্ডি হ’ল বন্যপ্রাণী বা হাতী অহা-যোৱা কৰা হাবিৰ মাজেৰে থকা এক নির্দিষ্ট পথ। 

(খ) কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি কি জীৱ-জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে?

উত্তৰঃ কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত সুগৰী পহু, বনৰীয়া ম’হ, হৰিণ, গড়, হাতী, বিভিন্ন চৰাই আদি জীৱ-জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে।

(গ) বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে কি বুজা?

উত্তৰঃ অৰণ্য বা অৰণ্যৰ কাষত থকা বনৰীয়া জীৱ-জন্তুৰ লগত সমিলমিলেৰে থকাটোকে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলি বুজা যায়।

(ঘ) মাচুমাই কি সংকল্প লৈছিল?

উত্তৰঃ মাচুমাই এই সংকল্প লৈছিল যে তাই কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিত বাস কৰাৰ সুবিধা কৰি দিবলৈ চেষ্টা কৰিব।

৩। আলোচনা কৰি লিখা।

(ক) বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি?

উত্তৰঃ অৰণ্যৰ মাজেৰে যোৱা পথত যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰা আৰু চালকসকলক সচেতন কৰা,  মানুহে বন্যপ্ৰাণীৰ বিচৰণভূমিত বাধাৰ সৃষ্টি নকৰা বা জধে-মধে গছ কটা বন্ধ কৰিলে বন্যপ্ৰাণীৰ লগত হোৱা অঘটন বহু পৰিমাণে কমিব।

(খ) চৰকাৰে ‘এনিমেল গ্রীণ কৰিড’ৰৰ ব্যৱস্থা কিয় কৰিছে?

উত্তৰঃ অৰণ্যৰ মাজেৰে পাৰ হৈ যোৱা পথবোৰত বন্যপ্ৰাণীবোৰে  যাতে নিৰাপদে ইপাৰ-সিপাৰ হ’ব পাৰে, তাৰ বাবে চৰকাৰে ‘এনিমেল গ্রীণ কৰিড’ৰ’ৰ ব্যৱস্থা কৰিছে।

(গ) মানুহে কৰা কি কি কাৰ্যৰদ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে? মানুহে কিয় এনে কাৰ্য সংঘটিত কৰে বুলি তুমি ভাবা?

উত্তৰঃ মানুহে হাবিৰ গছ-গছনি কটা, গছ কটা যন্ত্ৰ আৰু গাড়ী-মটৰৰ তীব্ৰ শব্দ কৰা আদি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে।

মানুহে নিজৰ সুবিধাৰ বাবে আৰু সম্পদৰ লোভত এনেবোৰ কাম সংঘটিত কৰে।

৪। (ক) বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আঁচ টানি মিলাও আহা–

উত্তৰ:

  • সহমর্মিতা → সহানুভূতি
  • তহিলং → নষ্ট কৰা কাৰ্য
  • সহাৱস্থান → শান্তিপূর্ণভাৱে একেলগ হৈ থকা অৱস্থা
  • মখনা → মতা হাতী
  • শংকিত → ভীত বা ভয় খোৱা

(খ) ওপৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা।

  • সহমর্মিতা: আমি দুখীয়াসকলক সহমর্মিতা দেখুৱাব লাগে।
  • তহিলং: বতাহে গছবোৰ তহিলং কৰিলে।
  • সহাৱস্থান: আমি সকলোয়ে মিলি সহাৱস্থান কৰিব লাগে।
  • মখনা: জংঘলত এটা মখনা হাতী দেখা গ’ল।
  • শংকিত:ৰাতি অন্ধকাৰত সি শংকিত হৈছিল।

৫। সংলাপ লিখা–

ধৰি লোৱা, বাটত ঘূৰি থকা হাতীটো আৰু মাচুমাহঁতৰ মাজত কথা-বতৰা হৈছে। হাতীটোৱে মাচুমাহঁতক কি ক’ব আৰু মাচুমাহঁতে হাতীটোক কি ক’ব, সেয়া সংলাপৰ আধাৰত নিজৰ মতে লিখা। উদাহৰণস্বৰূপে এটা বাক্য দিয়া হৈছে।

উত্তৰ: নয়ন: হেৰা গজৰাজ কাই, তোমালোক বনৰীয়া জন্তু। আজিকালি নিশাৰ ভাগত সঘনাই গাওঁবোৰলৈ আহি ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কিয় কৰা?

হাতী: উপায় নাই নহয়, বোপা! তোমালোকে আমাৰ হাবি-বনবোৰ কাটি তহিলং কৰিলা। সেয়েহে গাঁৱলৈ যাব লগীয়া হয়।

মাচুমা: সঁচাকৈয়ে বৰ দুখৰ কথা। তোমালোকৰ থাকিবলে ঠাই নোহোৱা হৈছে বাবেই চাগে তোমালোকে ওলাই আহিবলগীয়া হৈছে।

হাতী: হয় মাচুমা। হাবি কমি যোৱাৰ বাবে আমাৰ খাদ্য আৰু আশ্রয় দুয়োটাৰে নাটনি হৈছে।

কৰবী: আমি বুজি পাইছোঁ। তোমালোকৰ বাসস্থান সুৰক্ষিত কৰিব লাগিব।

নবীন: আমি ডাঙৰ মানুহবোৰকো বুজাম যাতে তেওঁলোকে হাবিৰ গছ-গছনিবোৰ নাকাটে।

হাতী: তোমালোকে পাহাৰৰ গছবোৰ আৰু নাকাটিবা। আমাৰ বাবে পাহাৰৰ দাঁতিত কঁঠাল, কল, ঔ-গছ ৰুবা। পাৰিলে উমৈহতীয়া একোডৰা ধানৰো খেতি কৰিব পাৰা। এতিয়া আহা মোৰ পিঠিত উঠা। তোমালোকক ঘৰত থৈ আহোঁগৈ।

৬। (ছ) ষত্ব বিধি অনুসৰি তলত দিয়া শব্দবোৰৰ ভুল বানানবোৰ বিচাৰি উলিয়াই লিখা।

উত্তৰ: অস্তমী, পৃস্থ, নিস্থা, চতুস্পদী, নিস্তুৰ, দুস্প্ৰাপ্য, পৰিস্কাৰ।

৭। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু গিবন অভয়াৰণ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰি একোটাকৈ দফা লিখা।

উত্তৰ: ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান: ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ টিনচুকীয়া জিলাত অৱস্থিত। ই ব্ৰহ্মপুত্ৰ আৰু লোহিত নদীৰ সংযোগস্থলত থকা এক গুৰুত্বপূৰ্ণ জীৱবৈচিত্ৰ্য অঞ্চল। ইয়াত বাঘ, হাতী, ডলফিন, বনৰীয়া ঘোঁৰা আৰু বহু দুষ্প্ৰাপ্য চৰাই পোৱা যায়।

দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চল: দিহিং-পাটকাই অসমৰ ডিব্ৰুগড় আৰু টিনচুকীয়া জিলাত থকা এখন ঘন বৃষ্টিবন। ইয়াক “পূবৰ আমাজন” বুলিও কোৱা হয়। এই বনাঞ্চলত হাতী, বাঘ, বিভিন্ন প্ৰজাতিৰ চৰাই আৰু বহু দুর্লভ প্ৰাণী বাস কৰে।

নামেৰি ৰাষ্ট্ৰীয় উদ্যান: নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত আৰু ই এখন বাঘ সংৰক্ষণ ক্ষেত্ৰ। ই পূব হিমালয়ৰ পাদদেশত অৱস্থিত আৰু ঘন বন, নদী আৰু বিভিন্ন বন্যপ্ৰাণীৰে সমৃদ্ধ।

গিবন অভয়াৰণ্য: গিবন অভয়াৰণ্য অসমৰ যোৰহাট জিলাত অৱস্থিত। পূৰ্বৰ নাম আছিল হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল। এই অভয়াৰণ্যখন ভাৰতৰ একমাত্র গিবন হলৌ বান্দৰ আৰু উত্তৰ-পূৱ ভাৰতৰ একমাত্ৰ নিশাচৰ প্রাইমেট, লাজুকী বান্দৰৰ বাবে বিখ্যাত। ইয়াত গিবনৰ উপৰিও নাহৰফুটুকী, হাতী, বনৰীয়া গাহৰি, কের্কেটুৱা, বিভিন্ন প্ৰজাতিৰ চৰাই আদি পোৱা যায়। 

৮। (খ) আবেদন পত্রখন কোনে কালৈ লিখিছে?

উত্তৰ: আবেদন পত্ৰখন কাঞ্চনবাৰী মজলীয়া বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী মাচুমা খাতুনে কাঞ্চনবাৰী আঞ্চলিক কাৰ্যালয়ৰ বন বিষয়ালৈ লিখিছে।

(গ) আবেদন পত্ৰখনৰ বিষয় কি?

উত্তৰ: আবেদন পত্ৰখনৰ বিষয় হ’ল কাঞ্চনবাৰীৰ পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্রাণীক সুৰক্ষা প্ৰদান কৰা।

(ঘ) আবেদন পত্ৰখনত কি কি সমস্যাৰ কথা উত্থাপন কৰিছে?

উত্তৰ: আবেদন পত্ৰখনত উল্লেখ কৰা সমস্যাসমূহ হ’ল যে- কাঞ্চনবাৰী মজলীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ অহা-যোৱা কৰা পথত প্রায়ে কাঞ্চনবাৰী পাহাৰৰ পৰা অহা হাতীয়ে বিচৰণ কৰে। ইয়াৰ ফলত আতংকৰ সৃষ্টি হয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়লৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে লগতে বন্যপ্রাণীবোৰো অসুৰক্ষিত হৈ পৰে।

(ঙ) সমস্যাটো সমাধান কৰিবলৈ কেনেকৈ অনুৰোধ কৰিছে? আবেদন পত্ৰখনৰ আধাৰত লিখা।

উত্তৰ: সমস্যাটো সমাধান কৰিবলৈ বিদ্যালয়লৈ অহা-যোৱা কৰা পথত বনকৰ্মীৰদ্বাৰা পহৰাৰ বৱস্থা কৰি সুৰক্ষা প্ৰদান কৰিবলৈ অনুৰোধ কৰিছে।

(চ) আগৰ পৃষ্ঠাত পাই অহা আবেদনখনৰ আৰ্হিত তোমাৰ বিদ্যালয়ৰ খোৱা পানীৰ সমস্যাৰ সমাধান বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা।

উত্তৰ: 

প্ৰতি,

প্ৰধান শিক্ষক,

[তোমাৰ বিদ্যালয়ৰ নাম] তাৰিখঃ ……………

বিষয়ঃ খোৱা পানীৰ সমস্যাৰ সমাধানৰ বাবে আবেদন।

মহাশয়,

সন্মান পূৰ্বক নিবেদন এই যে, আমাৰ বিদ্যালয়ত খোৱা পানীৰ যথেষ্ট অভাৱ দেখা দিছে। বিদ্যালয়ত থকা নল ব্যৱস্থা ঠিকমতে নচলে আৰু পৰিষ্কাৰ পানী পোৱা নাযায়।

সেয়ে আপোনালৈ অনুৰোধ জনাইছোঁ যে, এই সমস্যাটো অতি শীঘ্ৰে সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে যেন।

নতুন নল স্থাপন বা পানী পৰিষ্কাৰ কৰাৰ ব্যৱস্থা ল’লে আমি সকলো উপকৃত হ’ম।

ধন্যবাদান্তে,

আপোনাৰ বিশ্বস্ত

[তোমাৰ নাম]

শ্ৰেণীঃ …………


Class 7 Assamese Chapter 2 Question Answer Overview 

This Class 7 Assamese Chapter 2 Question Answer guide provides a complete and well-structured collection of important questions and answers from Class 7 Assamese Lesson 2 – কাঞ্চনবাৰীৰ হাতীটো. Every Class 7 Assamese Chapter 2 answer is explained in simple, clear and easy-to-understand language, making it suitable for all students following the latest SCERT syllabus.

This Class 7 Assamese Chapter 2 Question Answer resource includes textbook questions and other important exam-oriented questions that are frequently asked in school examinations. Each Class 7 Assamese Chapter 2 Question Answer is prepared carefully to help students understand the lesson, improve their subject knowledge, and strengthen their writing skills. By studying this Class 7 Assamese Chapter 2 Question Answer guide, students can revise the chapter quickly, build confidence and prepare effectively for class tests, annual examinations and other academic assessments.

If you found this Class 7 Assamese Chapter 2 Question Answer guide helpful, explore more study materials on Bidya Setu:


Frequently Asked Questions (FAQs)

Q: What is Class 7 Assamese Chapter 2 about?

A: Class 7 Assamese Chapter 2 is the 2nd lesson of the SCERT Class 7 Assamese (Unmesh) textbook. The chapter highlights the importance of trees and the values associated with protecting nature.

Q: Where can I find Class 7 Assamese Chapter 2 Question Answer?

A: You can find complete Class 7 Assamese Chapter 2 Question Answer on Bidya Setu. All answers are prepared according to the latest SCERT syllabus in simple and easy-to-understand language.

Q: Is this Class 7 Assamese Chapter 2 Question Answer based on the latest SCERT syllabus?

A: Yes. This Class 7 Assamese Chapter 2 Question Answer guide is prepared according to the latest SCERT Assam syllabus.

Q: Does this guide include all textbook questions?

A: Yes. This Class 7 Assamese Chapter 2 Question Answer guide includes all important textbook questions along with additional exam-oriented questions and answers.

Q: Is this Class 7 Assamese Chapter 2 Question Answer guide useful for exams?

A: Yes. This Class 7 Assamese Chapter 2 Question Answer guide is designed to help students revise the chapter and prepare confidently for class tests and annual examinations.


Leave a Comment