Class 7 Assamese Chapter 8 Question Answer

Class 7 Assamese Chapter 8 Question Answer ৰ এই লেখাটোত “ৰূপান্তৰ” (সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ ৮) অধ্যায়টোৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ সহজ আৰু স্পষ্ট ভাষাত দিয়া হৈছে। If you are looking for Class 7 Assamese Lesson 8 Question Answer, Class 7 Unmesh Chapter 8 Question Answer, Class 7 Unmesh Lesson 8 Question Answer, সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ ৮ ৰ প্ৰশ্নোত্তৰ অথবা সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ ৮ ৰ প্ৰশ্নোত্তৰ, this page provides complete and accurate answers based on the latest SCERT syllabus to help you prepare for your exams with confidence.

১। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা–

সজাগতা সভাখনৰ বিষয়বস্তু কি আছিল?

(ক) পঢ়া-শুনাৰ প্ৰতি সচেতনতা

(খ) শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰভাৱ

(গ) তোলনি বিয়াৰ নিয়ম

(ঘ) ছাত্ৰৰ কৰ্তব্য

উত্তৰঃ (খ) শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰভাৱ

মন বাহাদুৰহঁত ৰাষ্ট্ৰীয় সংগীত গাবলৈ কিয় যোৱা নাছিল?

(ক) শিক্ষক নথকাৰ বাবে

(খ) দিনটোৰ শেষৰ পিৰিয়ড বাবে

(গ) সাগৰিকাই কান্দি থকাৰ বাবে

(ঘ) বৰদলৈ ছাৰ শ্ৰেণীকোঠালৈ অহাৰ বাবে

উত্তৰঃ (গ) সাগৰিকাই কান্দি থকাৰ বাবে

২। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা।

(ক) বৰদলৈ ছাৰ শ্ৰেণীকোঠালৈ কিয় আহিছিল?

উত্তৰঃ মন বাহাদুৰে সাগৰিকাৰ কিবা হোৱা বুলি কোৱা কাৰণে বৰদলৈ ছাৰ শ্রেণীকোঠালৈ আহিছিল।

(খ) প্রধান শিক্ষয়িত্রীয়ে সাগৰিকাক কি বুলি বুজনি দিছিল?

উত্তৰঃ প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাক ভয় কৰিবলৈ মানা কৰিছিল। তেওঁ কৈছিল যে সকলো ছোৱালীৰে এনে হয়। আনকি সাগৰিকাৰ মাক আৰু বাইদেউৰো হয় বুলি প্রধান শিক্ষয়িত্রীয়ে সাগৰিকাক জনাইছিল।

(গ) “আমি নীতি-নিয়ম মানিব লাগে, কিন্তু অযুক্তিকৰ নীতি-নিয়মে আমাৰ ক্ষতিহে কৰে” –এই কথাষাৰ কোনে কাক কৈছিল?

উত্তৰঃ “আমি নীতি-নিয়ম মানিব লাগে, কিন্তু অযুক্তিকৰ নীতি-নিয়মে আমাৰ ক্ষতিহে কৰে” –এই কথাষাৰ সাগৰিকাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রীয়ে সাগৰিকাৰ মাকক কৈছিল।

(ঘ) নাটিকাখনত কেইটা আৰু কি কি চৰিত্ৰ আছে?

উত্তৰঃ নাটিকাখনত আঠটা চৰিত্ৰ আছে। চৰিত্ৰকেইটা হ’ল– প্রধান শিক্ষয়িত্রী, সহকাৰী শিক্ষক-শিক্ষয়িত্রী দুগৰাকী, সাগৰিকা আৰু তাইৰ দুগৰাকী সহপাঠী, সাগৰিকাৰ মাক, এগৰাকী চিকিৎসক।

৩। আলোচনা কৰি লিখা।

(ক) বিদ্যালয়ত স্বাস্থ্য সজাগতা সভা কিয় আয়োজন কৰা হৈছিল?

উত্তৰঃ স্বাস্থ্য সজাগতা সভাৰ মূল বিষয়বস্তু আছিল ‘শাৰিৰীক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰভাৱ’। এই সভাৰ জৰিয়তে ছাত্র-ছাত্রীসকলৰ লগতে অভিভাৱকসকলৰো স্বাস্থ্য সম্পর্কে সজাগতা সৃষ্টি কৰাই এই সভাৰ মূল উদ্দেশ্য আছিল।

(খ) তোমালোকে যিখন নাটিকা পঢ়িলা সেইখনৰ নাম ‘ৰূপান্তৰ’। নাটিকাখন পঢ়ি নামটো সঠিক হৈছে যেন লাগিছেনে? তুমি যদি নাটিকাখনৰ বেলেগ নাম এটা দিব লগীয়া হয়, তেনেহ’লে কি নাম দিবা আৰু কিয় দিবা?

উত্তৰঃ নাটিকাখনৰ নাম ‘ৰূপান্তৰ’ দিয়াটো সম্পূর্ণ সঠিক হৈছে। ‘ৰূপান্তৰ’ মানে পৰিৱৰ্তন। নাটিকাখনত সামাজিক ৰীতি-নীতি কিছুমান অযুক্তিকৰভাৱে মানি নচলি পৰিৱৰ্তনৰ কথা কোৱা হৈছে। গতিকে নাটিকাখনৰ বেলেগ এটা নাম দিয়াৰ প্ৰয়োজন নাই। 

যদি নাটিকাখনৰ বেলেগ নাম এটা দিব লগীয়া হয়, তেনেহ’লে ‘ৰূপান্তৰ’ৰ দৰে একে অর্থ বুজোৱা শব্দ ‘পৰিৱৰ্তন’ বা ‘এন্ধাৰৰপৰা পোহৰলৈ’ দিব পাৰি। কাৰণ এই নামকেইটাই নাটিকাখনৰ একে উদ্দেশ্যই প্ৰতিফলিত কৰিব।

(গ) নাটিকাখনৰ শেষৰ দৃশ্যত অনুপমা মেচৰ মুখত দিয়া সংলাপখিনিত গুৰুত্ব পোৱা চাৰিটা দিশৰ বিষয়ে লিখা।

উত্তৰঃ শেষৰ দৃশ্যত অনুপমা মেচৰ মুখত দিয়া সংলাপখিনিত গুৰুত্ব পোৱা চাৰিটা দিশ হ’ল–

(১) সমাজত চলি থকা অন্ধবিশ্বাস বা কুসংস্কাৰ আঁতৰোৱাৰ ক্ষেত্ৰত মুকলি আলোচনাই সহায় কৰে। কেতিয়াবা আমাৰ শৰীৰ সম্পৰ্কীয় কথা মুকলিকৈ আলোচনা নকৰাৰ ফলত বিপদো হয়।

(২) নীতি-নিয়মৰ দোহাই দি অস্বাস্থ্যকৰ পৰিৱেশত থাকিলে বীজাণুৰ সংক্ৰমণ হয়। গতিকে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থকাটো অতি প্রয়োজন। অযুক্তিকৰ আৰু অস্বাস্থ্যকৰ কথা মানিব নালাগে।

(৩) স্বাস্থ্য প্ৰণালীৰ ক্ষেত্রত সচেতন নহ’লে বিভিন্ন বেমাৰে আক্ৰমণ কৰিব পাৰে। সঠিক সময়ত লাভ কৰা চিকিৎসা, পৰিচৰ্যা আৰু ঔষধেহে আক্রান্ত লোকক সুস্থ কৰি তোলে।

(৪) কেতিয়াও অযুক্তিকৰ পুৰণিকলীয়া নীতি-নিয়মক খামোচ মাৰি ধৰি থাকিব নালাগে।

(ঘ) নাটিকাখনে সমাজলৈ কি কি বার্তা দিছে?

উত্তৰঃ অযুক্তিকৰভাৱে সামাজিক ৰীতি-নীতি, পৰম্পৰা আদি মানি নচলি বিজ্ঞানসন্মতভাৱে নিজক সুস্থ আৰু নিৰোগী কৰি ৰাখি সামাজিক পৰিৱৰ্তন অনাৰ বাৰ্তা নাটিকাখনে সমাজক দিব বিচাৰিছে। উঠি অহা নৱপ্ৰজন্মই যাতে অজ্ঞানতাৰ আন্ধাৰত নাথাকি জ্ঞানৰ পোহৰৰ ফালে আগবাঢ়ে তাৰেই বার্তা নাটিকাখনে দিবলৈ প্রয়াস কৰিছে।

৪। তলত দিয়া সংলাপসমূহৰ লগত সঠিক চৰিত্ৰসমূহ মিলোৱা–

উত্তৰঃ

সংলাপচৰিত্ৰ
লেঠা? কি লেঠা লগালে আকৌ?প্রধান শিক্ষয়িত্রী
মোৰ কিবা এটা হৈছে বাইদেউ। বৰ ভয় লাগিছে।সাগৰিকা
জানো! মই একো উৱাদিহ পোৱা নাই।সাগৰিকাৰ মাক
কি হৈছে? কি হৈছে? ক’ত আছে সাগৰিকা?প্রিয় বৰদলৈ
সাগৰিকাই কি কৰি আছে? আমি তাইৰ খবৰ এটা লওঁ বুলিয়েই আহিলোঁ।জয়া শইকীয়া

৫। (খ) পাঠটোত থকা তৎসম শব্দবোৰ বিচাৰি উলিয়াই লিখোঁ আহা–

উত্তৰঃ সপ্তম, সংগীত, উদ্বিগ্ন, উদ্দেশ্য, সম্মতি, চিকিৎসক, পৰামৰ্শ, স্থান, ক্ষণ, প্ৰৱেশদ্বাৰ, দান-দক্ষিণা, শিক্ষয়িত্রী, শুভ, ব্রত, ক্ষতি, প্রকৃতি, পুষ্পিতা, স্বাস্থ্য, ভৱিষ্যৎ, আগ্রহ, অযথা, চিন্তিত, অনুষ্ঠিত, বিশিষ্ট, সভা, বক্তা, আমন্ত্রণ, ব্যস্ত, বিদ্যালয়, গৌৰৱান্বিত, অনুষ্ঠান, আৰম্ভণি অভিবাদন, ব্যাখ্যা, মহোদয়া, শ্রদ্ধা, অতিথিবৃন্দ, শাৰীৰিক, মানসিক, পৰিষ্কাৰ, পৰিচ্ছন্ন, প্ৰভাৱ, বিষয়, বক্তব্য, প্রদান, সাধন, ধন্যবাদ, জ্ঞাপন, শৰীৰ, মন, বয়ঃসন্ধি, ৰূপান্তৰ, কৌতূহল, পৰিৱৰ্তন, তথা, হতাশা, অন্যান্য, বিকাশ, পৰিচালিত, সমস্বৰ, কুসংস্কাৰ, অন্ধবিশ্বাস, অজ্ঞতা, সংক্রমণ, শ্রদ্ধেয়, পর্যাপ্ত, প্রণালী, পৰিমাণ, আক্রমণ, পৰিচৰ্যা, আক্রান্ত, ঔষধ, কৃতজ্ঞতা, পৰিৱেশ, ক্ষোভ।

৬। (খ) তলত দিয়া তৎসম শব্দবোৰৰ অৰ্ধতৎসম ৰূপবোৰ লিখা।

উত্তৰঃ 

তৎসম শব্দঅর্ধতৎসম ৰূপ
ৰত্ন ৰতন 
যত্ন যতন
বৰ্ষাবৰষা
মৰ্ম মৰম
ৰৌদ্ৰ ৰ’দ 
ভক্ত ভকত 
বৰ্ণ বৰণ 
তৎসম শব্দঅর্ধতৎসম ৰূপ
মিত্ৰ মিতিৰ
শক্তি শকতি 
শত্ৰু শতৰু
শস্য শইচ
পূৰ্ণ পুৰা 
শব্দ শৱদ 
স্বপ্ন সপোন 

৭। (খ) তলত দিয়া সংস্কৃত শব্দকেইটাৰ তদ্ভৱ ৰূপ লিখা।

উত্তৰঃ 

সংস্কৃত শব্দঅসমীয়া তদ্ভৱ ৰূপ
অন্যআন
বন্যাবান
সত্যসইত
আদ্য আদি 
বাদ্যবাজনা 
সংস্কৃত শব্দঅসমীয়া তদ্ভৱ ৰূপ
জ্যোৎস্না জোনাক 
দৰ্পণদাপোণ 
পুস্তক পুথি 
পত্ৰপাত
জিহ্বাজিভা 

৮। পাঠটোত ব্যৱহাৰ হোৱা ইংৰাজী ভাষাৰপৰা অহা শব্দবোৰ লিখা।

উত্তৰঃ বেঞ্চ, ছাৰ, হেড, অফিচ, আলমাৰি, চেনিটেৰি, নেপকিন আদি।

৯। (খ) প্রতিবেদন লিখা।

তোমালোকৰ বিদ্যালয়ত ‘শিক্ষক দিৱস’ উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হৈছে। সভাখনৰ কার্যসূচীখন তলত দিয়া ধৰণৰ–

শিক্ষক দিৱস
৫ ছেপ্তেম্বৰ, ২০২৫
স্থানঃ বিদ্যালয়ৰ প্ৰেক্ষাগৃহ
সময়: পুৱা ১০ বজাৰপৰা

কার্যসূচী

১। সভাপতিৰ বৰণ আৰু আসন গ্রহণ।
২। ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিমূৰ্তিত মাল্যার্পণ: মাল্যাপক, পৰিচালনা সমিতিৰ সভাপতি।
৩। বস্তি প্রজ্বলন: প্রজ্বলক- বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী।
৪। গুৰু বন্দনা পৰিৱেশন: পৰিৱেশক, সপ্তম শ্ৰেণীৰ ছাত্ৰীবৃন্দ।
৫। সভাৰ উদ্দেশ্য ব্যাখ্যা- সম্পাদক, ছাত্র একতা সভা।
৬। নিমন্ত্রিত অতিথিৰ চা-চিনাকি আৰু আসন গ্রহণ।
৭। শিক্ষক-শিক্ষয়িত্রীক সম্বর্ধনা জ্ঞাপন।
৮। নির্দিষ্ট বক্তাৰ ভাষণ।
৯। সমজুৱাৰ দু-আষাৰ।
১০। জ্যোতি সংগীত পৰিৱেশন: পৰিৱেশক, অষ্টম শ্ৰেণীৰ ছাত্ৰীবৃন্দ।
১১। ছাত্ৰ-ছাত্ৰীৰ বক্তব্য।
১২। শিক্ষক-শিক্ষয়িত্ৰীৰ দু-আষাৰ।
১৩। সভাপতিৰ বক্তব্য আৰু মন্তব্য।
১৪। শলাগৰ শৰাই- সম্পাদক, সংগীত বিভাগ, ছাত্র একতা সভা।
১৫। জাতীয় সংগীত পৰিৱেশন।
১৬। সভা ভংগ।

এই কাৰ্যসূচী অনুসৰি সভাখনৰ এখন প্ৰতিবেদন প্রস্তুত কৰা।

উত্তৰঃ ৫ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে পুৱা ১০:০০ বজাত আমাৰ বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিক্ষক দিৱস অতি উৎসাহ-উদ্দীপনাৰে পালন কৰা হয়। অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষকে সভাপতিত্ব কৰে। শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, পৰিচালনা সমিতিৰ সদস্য, অভিভাৱক আৰু আমন্ত্ৰিত অতিথিসকলৰ উপস্থিতিত অনুষ্ঠানটি আৰম্ভ হয়।

প্ৰথমে সভাপতিয়ে সভাৰ শুভাৰম্ভ আৰু আসন গ্ৰহণ কৰে। তাৰ পিছত পৰিচালনা সমিতিৰ সভাপতিয়ে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষকই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। 

সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন, কৰ্ম আৰু অৱদানৰ ওপৰত সুন্দৰ শুভকামনা-বাণী আগবঢ়ায়। ইয়াৰ পিছত ছাত্ৰ একতা সভাৰ সম্পাদকে শিক্ষক দিৱস পালন কৰাৰ উদ্দেশ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰে।

ইয়াৰ পিছত আমন্ত্ৰিত অতিথিসকলক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক ফুলাম গামোচা, কলম আৰু গ্ৰন্থ উপহাৰ দি সম্বৰ্ধনা জনোৱা হয়। নিৰ্দিষ্ট বক্তাসকলে শিক্ষক দিৱসৰ তাৎপৰ্য, ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন-দৰ্শন আৰু সমাজ গঠনত শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়ায়। বক্তাসকলৰ বক্তব্যই ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষকৰ প্ৰতি অধিক সন্মান আৰু শ্ৰদ্ধাৰ ভাব জগাই তোলে।

তাৰ পিছত অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে জ্যোতি সংগীত পৰিৱেশন কৰি অনুষ্ঠানটোক অধিক মনোমোহা কৰি তোলে। ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি নিজৰ অনুভৱ ব্যক্ত কৰে। শিক্ষক-শিক্ষয়িত্ৰীসকলেও ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায় আৰু অধ্যয়নত নিষ্ঠা, শৃংখলা আৰু নৈতিক মূল্যবোধ গঢ়ি তোলাৰ আহ্বান জনায়।

শেষত সভাপতিয়ে নিজৰ বক্তব্য আৰু মন্তব্য আগবঢ়াই অনুষ্ঠান সফল কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। সংগীত বিভাগৰ সম্পাদকৰ নেতৃত্বত শলাগৰ শৰাই আগবঢ়োৱা হয়। তাৰ পিছত সকলোৱে থিয় হৈ জাতীয় সংগীত পৰিৱেশন কৰে আৰু সভাৰ সফল সামৰণি ঘোষণা কৰা হয়।

১০। তোমালোকে পাঠ্যপুথি বা অন্য কিতাপত পোৱা বিভিন্ন তৎসম, অর্ধতৎসম আৰু তদ্ভৱ শব্দৰ প্ৰতিটোৰে কমেও আঠটাকৈ এখন তালিকা প্রস্তুত কৰা আৰু শ্ৰেণীকোঠাত দেখুওৱা।

উত্তৰঃ 

তৎসম অৰ্ধ তৎসম তদ্ভৱ 
স্নেহ চেনেহ হাতী
শক্তি শকতি চকু
বাৰ্তা ভকতিচকা
ব্ৰত বৰণ জিভা
ক্ৰোধ পৰাণআন
নক্ষত্ৰ শইচজোনাক 
শব্দ মিতিৰ পুথি 
স্বপ্ন শতৰু পাত

Class 7 Assamese Chapter 8 Question Answer Overview

This Class 7 Assamese Chapter 8 Question Answer guide provides a complete and well-structured collection of important questions and answers from Class 7 Assamese Lesson 8 – ৰূপান্তৰ. Every Class 7 Assamese Chapter 8 answer is explained in simple, clear and easy-to-understand language, making it suitable for all students following the latest SCERT syllabus.

This Class 7 Assamese Chapter 8 Question Answer resource includes textbook questions and other important exam-oriented questions that are frequently asked in school examinations. Each Class 7 Assamese Chapter 8 Question Answer is prepared carefully to help students understand the lesson, improve their subject knowledge, and strengthen their writing skills. By studying this Class 7 Assamese Chapter 8 Question Answer guide, students can revise the chapter quickly, build confidence and prepare effectively for class tests, annual examinations and other academic assessments.

If you found this Class 7 Assamese Chapter 8 Question Answer guide helpful, explore more study materials on Bidya Setu:


Frequently Asked Questions (FAQs)

Q: What is Class 7 Assamese Chapter 8 about?

A: Class 7 Assamese Chapter 8 is the 8th lesson of the SCERT Class 7 Assamese (Unmesh) textbook. The chapter highlights the importance of trees and the values associated with protecting nature.

Q: Where can I find Class 7 Assamese Chapter 8 Question Answer?

A: You can find complete Class 7 Assamese Chapter 8 Question Answer on Bidya Setu. All answers are prepared according to the latest SCERT syllabus in simple and easy-to-understand language.

Q: Is this Class 7 Assamese Chapter 8 Question Answer based on the latest SCERT syllabus?

A: Yes. This Class 7 Assamese Chapter 8 Question Answer guide is prepared according to the latest SCERT Assam syllabus.

Q: Does this guide include all textbook questions?

A: Yes. This Class 7 Assamese Chapter 8 Question Answer guide includes all important textbook questions along with additional exam-oriented questions and answers.

Q: Is this Class 7 Assamese Chapter 8 Question Answer guide useful for exams?

A: Yes. This Class 7 Assamese Chapter 8 Question Answer guide is designed to help students revise the chapter and prepare confidently for class tests and annual examinations.


Leave a Comment