Class 7 Assamese Chapter 7 Question Answer ৰ এই লেখাটোত “সোণোৱালী অতীত” (সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ ৭) অধ্যায়টোৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ সহজ আৰু স্পষ্ট ভাষাত দিয়া হৈছে। If you are looking for Class 7 Assamese Lesson 7 Question Answer, Class 7 Unmesh Chapter 7 Question Answer, Class 7 Unmesh Lesson 7 Question Answer, সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ ৭ ৰ প্ৰশ্নোত্তৰ অথবা সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ ৭ ৰ প্ৰশ্নোত্তৰ, this page provides complete and accurate answers based on the latest SCERT syllabus to help you prepare for your exams with confidence.
সোণোৱালী অতীত
১। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা–
- চেনেহীহঁতে ৰে’ল-গাড়ীৰে কামাখ্যা জংচনৰপৰা তম্বৰম ষ্টেচন পাওঁতে কিমান সময় লাগিছিল?
(ক) ৫৫ ঘন্টা ৪৫ মিনিট (খ) ৫৪ ঘন্টা ৪৫ মিনিট
(গ) ৫৪ ঘন্টা ৩৫ মিনিট (ঘ) ৫৪ ঘন্টা ৪৫ মিনিট
উত্তৰ: (গ) ৫৪ ঘন্টা ৩৫ মিনিট
- চিদাম্বৰম মন্দিৰৰ নটৰাজৰ মূৰ্তিটোত কি ধাতু অধিক পৰিমাণে মিহলি হৈ আছে?
(ক) লো (খ) তাম
(গ) ৰাং (ঘ) মম
উত্তৰ: (খ) তাম
- ‘দেওবাৰে ২১:৩০ বজাত তেওঁলোক তম্বৰম ৰে’লৱে ষ্টেচনত উপস্থিত হ’লগৈ।’ —সেই সময়ত ১২ ঘন্টীয়া ঘড়ীত কিমান বাজিছিল?
(ক) ১০:০০ বাজিছিল (গ) ০১:৩০ বাজিছিল
(খ) ০৯:৩০ বাজিছিল (ঘ) ০২:৩০ বাজিছিল
উত্তৰ: (খ) ০৯:৩০ বাজিছিল
২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ দিয়া।
(ক) ‘কাবেৰীৰ পাৰে পাৰে’ কিতাপখনৰ লেখকৰ নাম কি?
উত্তৰ: ‘কাবেৰীৰ পাৰে পাৰে’ কিতাপখনৰ লেখকৰ নাম হেমন্ত কুমাৰ শৰ্মা।
(খ) ‘গোপুৰম’ শব্দটোৱে কি সূচায়?
উত্তৰ: দাক্ষিণাত্যৰ মন্দিৰসমূহৰ প্ৰৱেশদ্বাৰত শিলত কটা ফুল-পাতেৰে চালে-চকুৰোৱা উচ্চ চূড়া থকা দেখা যায়। এনেধৰণৰ উচ্চ চূড়াটোৰে সৈতে প্ৰৱেশদ্বাৰক গোপুৰম বুলি কোৱা হয়।
(গ) ব্রঞ্জ কি? ব্রঞ্জ কেনেকৈ তৈয়াৰ কৰে?
উত্তৰ: ব্রঞ্জ এবিধ মিশ্ৰিত ধাতু। ইয়াক প্ৰায় পঁচাশী শতাংশ তাম আৰু পোন্ধৰ শতাংশ ৰাং মিহলি কৰি প্ৰস্তুত কৰা হয়।
(ঘ) নটৰাজ মূৰ্তিটো কি প্রযুক্তিৰে নিৰ্মাণ কৰিছিল?
উত্তৰ: নটৰাজ মূৰ্তিটো ‘ম’ম বিগলন পদ্ধতি’ নামৰ প্ৰযুক্তিৰে নিৰ্মাণ কৰিছিল।
(ঙ) বৈজ্ঞানিকসকলে নটৰাজ মূৰ্তিটোৰ বৈশিষ্ট্য কি বুলি ঠাৱৰ কৰিছে?
উত্তৰ: নটৰাজৰ মূৰ্তিটোৰ ভৰিৰ বুঢ়া আঙুলিটোৰে স্পৰ্শ কৰি থকা ভূমিখিনি ‘পৃথিৱীৰ চুম্বকীয় বিষুৱ ৰেখাৰ কেন্দ্ৰবিন্দু’ বুলি বৈজ্ঞানিকসকলে ঠাৱৰ কৰিছে।
(চ) গাইডজনে চেনেহীহঁতক কি কি প্রযুক্তিৰ বিষয়ে কৈছিল?
উত্তৰ: গাইডজনে চেনেহীহঁতক চিদাম্বৰম মন্দিৰ নিৰ্মাণত ব্যৱহৃত দ্রাবিড়ীয় শৈলীৰ প্ৰযুক্তি, বিভিন্ন আকৰৰপৰা বিবিধ ধাতু নিষ্কাশনৰ পদ্ধতি আৰু ধাতু গলাই মূর্তি নিৰ্মাণ কৰা মম বিগলন পদ্ধতিৰ বিষয়ে কৈছিল।
৩। চিদাম্বৰম মন্দিৰটোত প্ৰাচীন ভাৰতীয় জ্ঞান প্ৰণালীৰ কি কি দিশ ফুটি উঠিছে, তাৰ বিষয়ে এটি চমুটোকা লিখা।
উত্তৰ: চিদাম্বৰম নগৰৰ সোঁমাজতে চিদাম্বৰম মন্দিৰটো অৱস্থিত। এই মন্দিৰৰ গোপুৰমৰ কাষত পৰি থকা ভগ্নাৱশেষবিলাকে ভাৰতৰ প্ৰাচীন স্থাপত্যবিদ্যাৰ আৰ্হি প্রকাশ কৰিছে। মন্দিৰটো ভাৰতীয় পুৰাতত্ত্বৰ এটা উৎকৃষ্ট নিদর্শন। এই মন্দিৰটো দ্রাবিড়ীয় শৈলীত নির্মিত। মন্দিৰটো এহাতে বিজ্ঞান আৰু প্রযুক্তি আনহাতে আধ্যাত্মিকতাৰ সংমিশ্ৰণৰ এক উল্লেখনীয় উদাহৰণ। মম বিগলন পদ্ধতিৰে চিদাম্বৰম মন্দিৰৰ নটৰাজৰ মূৰ্তিটো নিৰ্মাণ কৰা হৈছিল। নটৰাজৰ মূৰ্তিটোৰ ভৰিৰ বুঢ়া আঙুলিটোৰে স্পৰ্শ কৰি থকা ভূমিখিনি ‘পৃথিৱীৰ চুম্বকীয় বিষুৱ ৰেখাৰ কেন্দ্ৰবিন্দু’ বুলি বৈজ্ঞানিকসকলে ঠাৱৰ কৰিছে। এইদৰেই চিদাম্বৰম মন্দিৰটোত প্রাচীন ভাৰতীয় জ্ঞান প্ৰণালীৰ বিভিন্ন দিশ ফুটি উঠিছে।
৪। অভিধান চাই বাঁওফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আঁচ টানি মিলাওঁ আহা–
উত্তৰ:
| শব্দ | অৰ্থ |
| স্থাপত্য | গৃহ, অট্টালিকা আদি নিৰ্মাণৰ শিল্প |
| পুৰাতত্ত্ব | প্রাচীন ইতিহাসৰ বিজ্ঞানসন্মত অধ্যয়ন |
| আধ্যাত্মিকতা | মন, আত্মা সম্বন্ধীয় |
| গোপুৰম | মন্দিৰৰ উচ্চ প্ৰৱেশদ্বাৰ |
| তিল্লাই | আর্দ্র ঠাইত গজা এবিধ গছ |
| নটৰাজ | নৃত্যৰত শিৱৰ মূৰ্তি |
| গৰ্ভগৃহ | মন্দিৰৰ ভিতৰত বিগ্রহ ৰখা অংশ |
৬। (ঘ) তলত দিয়া শব্দবোৰ পঢ়া আৰু শব্দৰ আদিতে শ, ষ, স মুক্তভাৱে বা স্বৰচিহ্ন যুক্ত হৈ থকা (ব্যঞ্জন যুক্ত নোহোৱা) শব্দবোৰ বাছি উলিয়াই শ, ষ, স—ৰ উচ্চাৰণ ‘স’–ৰ দৰে, কোমল ‘খ’–ৰ দৰে আৰু ‘চ/ছ’–ৰ দৰে হোৱা শব্দবোৰ তিনিটা ভাগত লিখা।
সোতৰ দশম শেঙুন শেষ সষ্টম সতে
অসম পুৰষ্কাৰ সংগীত মাংস স্তম্ভ শগুন
আসন নমস্কাৰ শব্দ অপ্সৰা ধ্বংস পুষ্ট
উত্তৰ:
| ‘স’–ৰ দৰে উচ্চাৰণ হোৱা শব্দ | কোমল ‘খ’–ৰ দৰে উচ্চাৰণ হোৱা শব্দ | ‘চ/ছ’–ৰ দৰে উচ্চাৰণ হোৱা শব্দ |
| সোতৰ শেঙুন সতি সংগীত শগুণ শব্দ | দশম শেষ অসম মাংস আসন ধ্বংস | সষ্টম পুৰষ্কাৰ স্তম্ভ নমস্কাৰ অপ্সৰা পুষ্ট |
৭। (খ) ওপৰত দিয়া কবিতাৰ স্তৱককেইটাত অনুপ্রাস অলংকাৰ কেনেকৈ ব্যৱহাৰ হৈছে লিখা।
উত্তৰ: ওপৰত দিয়া প্রথম স্তৱকটোত ‘চ’ বর্ণটো বাৰে বাৰে ব্যৱহাৰ হৈছে আৰু দ্বিতীয় স্তৱকটোত ‘ল’ বৰ্ণটো বাৰে বাৰে ব্যৱহাৰ হৈছে। এইদৰে দুয়োটা স্তৱকতে অনুপ্রাস অলংকাৰ ব্যৱহাৰ হৈছে।
৮। (ক) পুৰাতাত্ত্বিক সম্পদসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত এই জাননীখনে কেনেদৰে সহায় কৰিব?
উত্তৰ: জাননীখনৰ যোগেদি ৰাইজে জানিব পাৰিব যে কীৰ্তিচিহ্নটো দেশৰ ‘ৰাষ্ট্ৰীয় সম্পদ’। গতিকে আইনৰ ভয়তে হওঁক বা দায়িত্ববোধৰ বাবেই হওঁক কোনেও এই সম্পদ ধ্বংস কৰিব নিবিচাৰিব। জাননীখনত দিয়া নিয়মৰ ভিত্তিত ৰাইজে বা কোনো ব্যক্তিয়ে এই ঠাইত নির্মাণ, খনন, মেৰামতি, নৱনিৰ্মাণ আদি বিভাগীয়া অনুমতি নোহোৱাকৈ কৰিব নোৱাৰিব। গতিকে পুৰাতাত্ত্বিক সম্পদসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত এই জাননীখনে যথেষ্ট সহায় কৰিব।
(খ) পুৰাতাত্ত্বিক সম্পদসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে?
উত্তৰ: পুৰাতাত্ত্বিক সম্পদসমূহ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহৃত প্ৰণালী, স্থাপত্য শৈলী, প্রযুক্তি আদিয়ে প্রাচীন জ্ঞান-প্ৰণালীৰ নিদৰ্শন দাঙি ধৰে। বিশ্বত প্রাচীন ভাৰতীয় জ্ঞান-প্ৰণালীৰ প্ৰাসংগিকতা বর্তমানেও আছে। সেয়ে পুৰাতাত্ত্বিক সম্পদসমূহ আমি সংৰক্ষণ কৰিব লাগে।
(গ) যিকোনো পুৰাতাত্ত্বিক সম্পদ ৰক্ষণাবেক্ষণ দিবলৈ তুমি কি কি পৰামৰ্শ দিবা?
উত্তৰ: পুৰাতাত্ত্বিক সম্পদ ৰক্ষণাবেক্ষণ দিবলৈ আমাৰ দেশৰ শিক্ষার্থী, অভিভাৱক আদিক পুৰাতাত্ত্বিক সম্পদসমূহৰ বিষয়ে জ্ঞান আৰু প্ৰয়োজনীয়তাৰ কথা প্ৰদান কৰিব লাগিব। সম্পদ এটাৰ ওচৰৰ বা নিকটৱৰ্তী স্থানীয় লোকক সম্পদটো সংৰক্ষণৰ দায়িত্ব প্ৰদান কৰাৰ লগতে এই সম্পর্কে সজাগ-সচেতন কৰি তুলিব লাগিব।
৯। তুমি কৰা এটা ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে জনাই তোমাৰ বন্ধুলৈ এখন চিঠি লিখা। চিঠিখন লিখোঁতে তলত দিয়া দিশকেইটালৈ মন কৰিবা—
- ভ্ৰমণ কৰা ঠাইখনৰ নাম আৰু অৱস্থিতি
- ঠাইখনৰ ঐতিহ্য বা ইতিবৃত্ত আৰু চাবলগীয়া অনুষ্ঠান-প্রতিষ্ঠান
- তোমাৰ ভাল লগা অভিজ্ঞতাবোৰ
উত্তৰ:
প্ৰেৰক : তোমাৰ নাম
গাঁও : ________
তাৰিখ : _______
প্ৰিয় বন্ধু (বন্ধুৰ নাম),
আশা কৰোঁ তুমি ভালেই আছা। আজি মই শেহতীয়াকৈ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে তোমাক জনাবলৈ এই চিঠিখন লিখিছোঁ।
যোৱা সপ্তাহত পৰিয়ালৰ সৈতে মই অসমৰ গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ফুৰিবলৈ গৈছিলোঁ। এই উদ্যানটো এশিঙীয়া গঁড় সংৰক্ষণৰ বাবে বিশ্ববিখ্যাত আৰু ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপেও স্বীকৃত।
তাত গৈ আমি জীপ ছাফাৰী কৰিছিলোঁ। এশিঙীয়া গঁড়, হাতী, হৰিণ, বনম’হ, বিভিন্ন ধৰণৰ চৰাই আদি ওচৰৰ পৰা দেখিবলৈ পাইছিলোঁ। উদ্যানখনৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই মোক অত্যন্ত মুগ্ধ কৰিছিল। ইয়াৰ উপৰিও আমি কাজিৰঙাৰ তথ্যকেন্দ্ৰ আৰু আশে-পাশে থকা পৰ্যটনস্থলীসমূহো চাইছিলোঁ।
এই ভ্ৰমণৰ আটাইতকৈ ভাল লগা অভিজ্ঞতা আছিল বনৰীয়া জীৱ-জন্তুক প্ৰাকৃতিক পৰিৱেশত মুক্তভাৱে বিচৰণ কৰি থকা দেখা। এই ভ্ৰমণে মোক প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰিলে। সুযোগ পালে তুমিও এবাৰ কাজিৰঙা ভ্ৰমণ কৰিবা।
ইয়াতে সামৰিলোঁ। তোমাৰ পঢ়া-শুনাৰ খবৰ জনাবা।
ইতি
তোমাৰ মৰমৰ বন্ধু,
(___তোমাৰ নাম___)
Class 7 Assamese Chapter 7 Question Answer Overview
This Class 7 Assamese Chapter 7 Question Answer guide provides a complete and well-structured collection of important questions and answers from Class 7 Assamese Lesson 7 – সোণোৱালী অতীত খং. Every Class 7 Assamese Chapter 7 answer is explained in simple, clear and easy-to-understand language, making it suitable for all students following the latest SCERT syllabus.
This Class 7 Assamese Chapter 7 Question Answer resource includes textbook questions and other important exam-oriented questions that are frequently asked in school examinations. Each Class 7 Assamese Chapter 7 Question Answer is prepared carefully to help students understand the lesson, improve their subject knowledge, and strengthen their writing skills. By studying this Class 7 Assamese Chapter 7 Question Answer guide, students can revise the chapter quickly, build confidence and prepare effectively for class tests, annual examinations and other academic assessments.
If you found this Class 7 Assamese Chapter 7 Question Answer guide helpful, explore more study materials on Bidya Setu:
- Class 7 Assamese Chapter 5 Question Answer
- Class 7 Assamese Chapter 6 Question Answer
- Class 7 Assamese Chapter 8 Question Answer
- Class 7 Assamese Chapter 9 Question Answer
Frequently Asked Questions (FAQs)
Q: What is Class 7 Assamese Chapter 7 about?
A: Class 7 Assamese Chapter 7 is the 7th lesson of the SCERT Class 7 Assamese (Unmesh) textbook. The chapter highlights the importance of trees and the values associated with protecting nature.
Q: Where can I find Class 7 Assamese Chapter 7 Question Answer?
A: You can find complete Class 7 Assamese Chapter 7 Question Answer on Bidya Setu. All answers are prepared according to the latest SCERT syllabus in simple and easy-to-understand language.
Q: Is this Class 7 Assamese Chapter 7 Question Answer based on the latest SCERT syllabus?
A: Yes. This Class 7 Assamese Chapter 7 Question Answer guide is prepared according to the latest SCERT Assam syllabus.
Q: Does this guide include all textbook questions?
A: Yes. This Class 7 Assamese Chapter 7 Question Answer guide includes all important textbook questions along with additional exam-oriented questions and answers.
Q: Is this Class 7 Assamese Chapter 7 Question Answer guide useful for exams?
A: Yes. This Class 7 Assamese Chapter 7 Question Answer guide is designed to help students revise the chapter and prepare confidently for class tests and annual examinations.