Class 7 Assamese Chapter 6 Question Answer

Class 7 Assamese Chapter 6 Question Answer ৰ এই লেখাটোত “তেজৰে কমলাপতি” (সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ ৬) অধ্যায়টোৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ সহজ আৰু স্পষ্ট ভাষাত দিয়া হৈছে। If you are looking for Class 7 Assamese Lesson 6 Question Answer, Class 7 Unmesh Chapter 6 Question Answer, Class 7 Unmesh Lesson 6 Question Answer, সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ ৬ ৰ প্ৰশ্নোত্তৰ অথবা সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ ৬ ৰ প্ৰশ্নোত্তৰ, this page provides complete and accurate answers based on the latest SCERT syllabus to help you prepare for your exams with confidence.

১। খালী ঠাই পূৰ কৰি, খালী ঠাইত বহুওৱা শব্দকেইটাৰ অৰ্থ লিখা।

উত্তৰ:    ৰয়নী বিদূৰ দিশ ধৱলী বৰণ। 

            তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ।।

            শতপত্র বিকশিত ভ্ৰমৰ উৰায়।

            ব্রজবধূ দধি মথে তুৱা গুণ গাই।।

            শব্দ          অর্থ

  • ধৱলী → বগা বৰণ
  • তিমিৰ → আন্ধাৰ
  • ৰবিৰ → সূৰ্যৰ
  • ভ্ৰমৰ →‌ভোমোৰা
  • দধি → দৈ
  • তুবা → তোমাৰ

২। বৰগীতটিৰ ভাবৰ লগত সংগতি ৰাখি ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ টানি মিলোৱা।

উত্তৰ:

‘ক’ অংশ‘খ’ অংশ
তেজৰে কমলাপতি পৰভাতে নিন্দহে নাৰায়ণ, পুৱা হ’ল, টোপনি এৰা।
তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণআন্ধাৰ ফালি সুৰুযৰ পোহৰ ওলাইছে।
ব্রজবধূ দধি মথে তুৱা গুণ গাইব্ৰজধামৰ বোৱাৰীসকলে তোমাৰ গুণ গাই দৈ মথে।
সুৰভি চাৰিতে লাগে উঠৰে গোপালহে গোপাল, সুৰভী গাইক চৰাবলৈ যাব লাগে, সোনকালে উঠা।

৩। বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বর্ণনা দিয়া।

উত্তৰ:  ‘তেজৰে কমলাপতি’ বৰগীতটো মাধৱদেৱৰ বৰগীতৰ জাগৰণ শ্ৰেণীৰ অন্তর্ভুক্ত। ইয়াত ৰাতিপুৱাৰ এক সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে মাতৃ যশোদাই পুত্র কৃষ্ণক জগোৱা চিত্র বর্ণিত হৈছে।

ৰাতিৰ অন্ধকাৰ আঁতৰি যোৱাৰ লগে লগে চৌদিশ বগা পোহৰে আৱৰি ধৰিছে আৰু সূৰ্যৰ কিৰণে আন্ধাৰ ফালি পৃথিৱীলৈ পোহৰ কঢ়িয়াই আনিছে। পদুম ফুলবোৰ ফুলি উঠিছে আৰু তাৰ ওপৰত ভোমোৰাবোৰ উৰি ফুৰিছে। ব্ৰজবধূসকলে কৃষ্ণৰ নাম-গুণ গাই দধি মথি আছে। শ্রীকৃষ্ণৰ বন্ধু দাম আৰু সুদামে কৃষ্ণক মাতিবলৈ ধৰিছে আৰু বলৰামেও শয্যা ত্যাগ কৰি উঠি আহিছে। নন্দ বাথানলৈ গৈছে আৰু গোৱালসকলে গৰুৰ পাল চৰাবলৈ নিছে। সেয়েহে শ্রীকৃষ্ণই শোৱাপাটি ত্যাগ কৰি উঠি আহিব লাগে আৰু ক্ষীৰ, লৱণু আদি লৈ শিঙা, বেণু, বেত আদি বাদ্যৰে সু-সজ্জিত হৈ গাই-গৰুবোৰ চৰাবলৈ নিব লাগে। কাৰণ পোৱালীবোৰৰ অবিহনে গাইবোৰে হেম্বেলিয়াব ধৰিছে। এইদৰে বৰগীতটিত ৰাতিপুৱাৰ এটা সুন্দৰ দৃশ্য প্ৰকাশ পাইছে।

৪। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।

(ক) বৰগীতটিত ‘কমলাপতি’ বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰ: বৰগীতটিত ‘কমলাপতি’ বুলি শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে।

(খ) ‘তিমিৰ ফেৰিয়া বাজ’ –আন্ধাৰ ফালি কি ওলায়?

উত্তৰ: ‘তিমিৰ ফেৰিয়া বাজ’ –আন্ধাৰ ফালি সূৰ্য্যৰ পোহৰ ওলায়।

(গ) ‘নন্দ গেল বাথানে গোৱাল গেল পাল’ –ইয়াত ‘বাথান’ শব্দটোৱে কি বুজাইছে?

উত্তৰ: ‘নন্দ গেল বাথানে গোৱাল গেল পাল’ –ইয়াত ‘বাথান’ শব্দটোৱে গৰু ম’হৰ খুঁটি বুজাইছে।

(ঘ) ‘কহয় মাধৱ মাই’ –’মাই’ বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰ:  ‘কহয় মাধৱ মাই’ –’মাই’ বুলি কৃষ্ণৰ মাক যশোদাৰ কথা কোৱা হৈছে।

(ঙ) ত্ৰিজগতৰ পতি কোন?

উত্তৰ: ত্ৰিজগতৰ পতি হৰি অৰ্থাৎ শ্রীকৃষ্ণ।

৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা–

(ক) যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল?

উত্তৰ: যশোদাই কৃষ্ণৰ চন্দ্ৰৰ দৰে সুন্দৰ মুখখন চাবলৈ আৰু লগৰীয়াসকলৰ লগত গৰু চৰাবলৈ যাবৰ বাবে কৃষ্ণক পুৱা জগাইছিল।

(খ) যশোদাই কৃষ্ণক মৰমতে কি কি নামেৰে মাতিছিল?

উত্তৰ: যশোদাই কৃষ্ণক মৰমতে কমলাপতি, গোৱিন্দ, গোপাল আদি বিভিন্ন নামেৰে মাতিছিল।

(গ) পুত্র কৃষ্ণক যশোদাই কি কি কথা কৈ টোপনিৰপৰা জগাবলৈ চেষ্টা কৰিছিল?

উত্তৰ: যশোদাই ৰাতিপুৱাৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনাৰ মাজেদি শ্রীকৃষ্ণক জগাইছিল। যশোদাই বর্ণনা দিছিল যে নিশাৰ অন্ধকাৰ আঁতৰি যোৱাৰ লগে লগে চৌদিশ বগা পোহৰে আৱৰি ধৰিছে আৰু সূৰ্যৰ কিৰণে আন্ধাৰ ফালি পৃথিৱীলৈ পোহৰ কঢ়িয়াই আনিছে। পদুম ফুলবোৰ ফুলি উঠিছে আৰু তাৰ ওপৰত ভোমোৰাবোৰ উৰি ফুৰিছে। ব্ৰজবধূসকলে কৃষ্ণৰ নাম-গুণ গাই দধি মথি আছে। শ্রীকৃষ্ণৰ বন্ধু দাম আৰু সুদামে কৃষ্ণক মাতিবলৈ ধৰিছে আৰু বলৰামেও শয্যা ত্যাগ কৰি উঠি আহিছে। নন্দ বাথানলৈ গৈছে আৰু গোৱালসকলে গৰুৰ পাল চৰাবলৈ নিছে। গতিকে কৃষ্ণই শোৱাপাটী ত্যাগ কৰি ক্ষীৰ, লৱণু লৈ শিঙা, বেত, বেণু আদিৰে সু-সজ্জিত হৈ গাই গৰুবোৰ চৰাবলৈ নিব লাগে।

এইদৰে ৰাতিপুৱাৰ সুন্দৰ প্ৰাকৃতিক বৰ্ণনাৰ মাজেৰে পুত্ৰ কৃষ্ণক যশোদাই টোপনিৰপৰা জগাবলৈ চেষ্টা কৰিছিল।

(খ) গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত কি কি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্রী লৈ গৈছিল?

উত্তৰ: গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত শিঙা, বেত, বেণু আদি বাদ্যযন্ত্র আৰু ক্ষীৰ, লৱণু আদি খাদ্য সামগ্রী লৈ গৈছিল।

৬। কোণে, কাক, কিয় কৈছিল লিখা–

তেজৰে কমলাপতি পৰভাতে নিন্দ।

তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ।।

উত্তৰ: উক্ত কবিতাফাকি মাতৃ যশোদাই পুত্র কৃষ্ণক কৈছিল।

শ্ৰীকৃষ্ণৰ চন্দ্ৰৰ দৰে সুন্দৰ মুখখন চাবলৈ আৰু লগৰীয়াসকলৰ লগত গৰু চৰাবলৈ যাবৰ বাবে কৃষ্ণক টোপনি ত্যাগ কৰিবলৈ মাক যশোদাই কৈছিল।

৭। (খ) তলত দিয়া পদ কেইফাকি প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা-

  • ৰয়নী বিদূৰ দিশ ধৱলী বৰণ। 

           তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ।।

উত্তৰ: (প্ৰসংগ)– উক্ত পদফাকি শ্ৰীশ্ৰী মাধৱদেৱে ৰচনা কৰা ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটিৰপৰা লোৱা হৈছে।

(সংগতি)– ৰাতিপুৱাৰ এক সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে মাতৃ যশোদাই পুত্র কৃষ্ণক টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰা প্ৰসংগত উদ্ধৃত কথাফাকিৰ অৱতাৰণা কৰা হৈছে।

(ব্যাখ্যা)– ভগৱান শ্রীকৃষ্ণক মাক যশোদাই এগৰাকী সাধাৰণ শিশুৰ দৰে পুৱা শোৱাৰপৰা জগাব বিচাৰিছে। যশোদাই কৈছে যে নিশাৰ অন্ধকাৰ আঁতৰি যোৱাৰ লগে লগে বগা বৰণে চৌদিশ পোহৰাই তুলিছে আৰু অন্ধকাৰ আঁতৰাই সূৰ্যৰ পোহৰ উদ্ভাসিত হৈ উঠিছে। গতিকে শ্রীকৃষ্ণই সোনকালে উঠি গৰু চৰাবলৈ যাব লাগে। ইয়াত মাক যশোদাই জগতৰ ঈশ্বৰ শ্রীকৃষ্ণক ৰাতিপুৱাৰ সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য্য বৰ্ণনা কৰি টোপনিৰপৰা জগাবলৈ বিচাৰিছে।

  • শতপত্র বিকশিত ভ্ৰমৰ উৰায়। 

           ব্রজবধূ দধি মথে তুৱা গুণ গাই।।

উত্তৰ: (প্ৰসংগ)– উক্ত পদফাকি শ্ৰীশ্ৰী মাধৱদেৱে ৰচনা কৰা ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটিৰপৰা লোৱা হৈছে।

(সংগতি)– ৰাতিপুৱাৰ এক সুন্দৰ প্ৰাকৃতিক দৃশ্য আৰু গোকুলৰ পৰিৱেশৰ বৰ্ণনাৰ মাজেৰে মাতৃ যশোদাই পুত্র শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰা প্ৰসংগত উদ্ধৃত কথাফাকিৰ অৱতাৰণা কৰা হৈছে।

(ব্যাখ্যা)– যশোদাই কৈছে যে ৰাতিপুৱা হোৱাৰ লগে লগে পদুম ফুলবোৰ ফুলি উঠিছে, তাৰ ওপৰত ভোমোৰা উৰি ফুৰিছে। আনকি ব্ৰজবধুসকলে কৃষ্ণৰ নাম-গুণ গাই দধি মথি আছে। গতিকে শ্রীকৃষ্ণই সোনকালে উঠি গৰু চৰাবলৈ যাব লাগে। ইয়াত মাক যশোদাই বিভিন্ন কথা কৈ পুত্র কৃষ্ণক জগাবলৈ চেষ্টা কৰা প্ৰসংগত মহাপুৰুষ মাধৱদেৱে উদ্ধৃত কথাষাৰ কৈছে।

৮। শব্দৰ খেল খেলোঁ আহা–

(ক) বৰগীতটিত এনেকুৱা এটা পাঁচ আখৰীয়া শব্দ আছে, যিটোৰ—

  • প্ৰথম আৰু দ্বিতীয় আখৰ মিলি তাকৰ বুজায়।
  • দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ বাতিৰ নিচিনা, চৰতকৈ সৰু মাটিৰ পাত্ৰ বুজায়।
  • প্ৰথম তিনিটা আখৰ মিলি এবিধ সৰু টেঙা ফলক বুজায়।
  • শেষৰ দুটা আখৰ মিলি স্বামী, অধিপতি বা গৰাকীক বুজায়। 

পাঠটিৰপৰা শব্দটো বিচাৰি উলিয়াই লিখা।

উত্তৰ: কমলাপতি।

(খ) এতিয়া শব্দটোৰ তৃতীয় আখৰটোৰপৰা ‘আ-কাৰ’ আঁতৰাই দিলে তাৰ—

• প্ৰথম আৰু তৃতীয় আখৰ মিলি এবাৰ ফল ধৰি মৰি যোৱা এবিধ গছ আৰু তাৰ ফল বুজোৱা শব্দটো হ’ব–

উত্তৰ: কল।

• দ্বিতীয় আৰু তৃতীয় আখৰ মিলি আমৰ ফুল বুজোৱা শব্দটো হ’ব–

উত্তৰ: মল।

• প্রথম তিনিটা আখৰ মিলি পদুম ফুল বুজোৱা শব্দটো হ’ব–

উত্তৰ: কমল।

৯। প্রাচীন অসমীয়া শব্দবোৰৰ লগত আধুনিক অসমীয়া ৰূপবোৰ মিলাওঁ আহা–

উত্তৰ:

প্রাচীন অসমীয়া ৰূপআধুনিক অসমীয়া ৰূপ
ৰয়নীৰাতি
ভ্ৰমৰভোমোৰা
ডাকেমাতে
ফেৰিয়াফালি
গেলগ’ল
তিমিৰআন্ধাৰ

১০। তলত দিয়া শব্দবোৰৰ তিনিটাকৈ সমার্থক শব্দ লিখা– চান্দ, ৰবি, কিৰণ, পতি।

উত্তৰ: 

  • চান্দ — চন্দ্র, জোন, শশী
  • ৰবি — সূৰ্য, বেলি, ভাস্কৰ 
  • কিৰণ — পোহৰ, ৰশ্মি, দীপ্তি 
  • পতি — স্বামী, গৰাকী, মালিক

১১। তলত দিয়া শব্দবিলাকত কি বিধিমতে মূৰ্দ্ধন্য ‘ণ’ ব্যৱহাৰ হৈয়ে লিখা।

      বৰণ,    কিৰণ,     গুণ,     বেণু

উত্তৰ:

  • বৰণ — ‘ৰ’ৰ পিছত সদায়য মূৰ্দ্ধন্য ‘ণ’ ব্যৱহাৰ হয়।
  • কিৰণ — ‘ৰ’ৰ পিছত সদায় মূৰ্দ্ধন্য ‘ণ’ ব্যৱহাৰ হয়।
  • গুণ — গুণ শব্দত স্বাভাৱিকতে মূর্দ্ধন্য ‘ণ’ হয়।
  • বেণু — বেণু শব্দত স্বাভাৱিকতে মূর্দ্ধন্য ‘ণ’ হয়।

১২। ‘তেজৰে কমলাপতি’ বৰগীতটিত থকা অনুপ্রাস অলংকাৰবোৰ বাছি উলিয়াই লিখা।

উত্তৰ: 

  • বৰণ — কিৰণ।
  • উৰায় — গাই।
  • নাম — বলৰাম।
  • পাল — গোপাল।
  • বেণু — ধেনু।
  • তপসাইলা — পাইলা

১৩। খ) দলত ভাগ হৈ তলৰ পদ্যফাকিৰ খালী শাৰী কেইটা মিলাই লিখা–

                            (১)

     শৰৎ কালত                ফুলিল কহুৰা

                 সৰিল শেৱালি ফুল,

      ________                _________

                 _____________

উত্তৰ:   শৰৎ কালত              ফুলিল কঁহুৱা 

                     সৰিল শেৱালি ফুল, 

            বকুল ফুলিল            ভেট ফুলিল 

                      ফুলিল মালতী ফুল।

                             (২)

      লাহে লাহে উঠি অহা বেলিটিলৈ চাই 

      বিলৰ পদুমে মাৰে মিচিকিয়া হাঁহি,

উত্তৰ:   লাহে লাহে উঠি অহা বেলিটিলৈ চাই 

             বিলৰ পদুমে মাৰে মিচিকিয়া হাঁহি, 

              কেনেনো ধুনীয়া, কেনেনো শুৱনি, 

                 আয়ৈ মোৰ পদমুকলি পাহি।

                            (৩)

       বনৰ চৰায়ে দিলে পুৱাৰ বাতৰি

       নানাৰঙী পখিলা ফুলে ফুলে উৰে

উত্তৰ:  বনৰ চৰায়ে দিলে পুৱাৰ বাতৰি 

          ৰাতি পোহৰ হ’ল এন্ধাৰ আঁতৰি। 

          নানাৰঙী পখিলা ফুলে ফুলে উৰে 

        তাকে দেখি সকলোৰে মন-প্রাণ হৰে।

১৪। (ক) ধ্রুং কি?

উত্তৰ: ধ্ৰুং হৈছে ধ্রুপদ বা ধ্ৰুৱপদৰ সংক্ষিপ্ত ৰূপ। ইয়াক ধুৰা বা গীতৰ দোহাৰ বুলিও কয়।

(খ) পদ কি?

উত্তৰ: পদ হৈছে অসমীয়া সাহিত্যত ব্যৱহৃত দুটা শাৰীৰ এবিধ ছন্দ। ইয়াৰ একোটা শাৰীত চৈধ্যটাকৈ আখৰ থাকে। পদক পয়াৰ বুলিও কোৱা হয়।

(গ) বৰগীতৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে ৰচনা কৰা একশ্ৰেণীৰ আধ্যাত্মিক গীতকে বৰগীত বোলা হয়। বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত। বৰগীতবোৰ নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা। গুৰু দুজনাই বৰগীত নামটো নিজে ব্যৱহাৰ কৰা নাছিল; কিন্তু গুৰু দুজনাৰ গীতখিনি সম-সাময়িক আন গীতৰপৰা পৃথক কৰি ৰাখিবলৈ পৰৱৰ্তী কালত তেওঁলোকৰ শিষ্যসকলে বৰগীত নামটো ব্যৱহাৰ কৰিছে।

(ঘ) ব্ৰজাৱলী ভাষাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: ব্ৰজাৱলী ভাষা হ’ল এটা সংমিশ্রিত ভাষা। এই ভাষা অসমীয়া, বাংলা, মৈথেলী আদি ভাষাৰ শব্দ মিলি সৃষ্টি হৈছে। মধ্যযুগত উত্তৰ আৰু পূব ভাৰতৰ বৈষ্ণৱ কবি-সাহিত্যিকসকলে ব্ৰজাৱলী ভাষাত গীত-পদ ৰচনা কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে নাট আৰু বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল।

(ঙ) কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰ: মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘তেজৰে কমলাপতি’ জাগৰণ শ্ৰেণীৰ অন্তর্গত এটি পুৱা গোৱা বৰগীত। ইয়াত মাতৃ যশোদাই ৰাতিপুৱাৰ প্ৰকৃতিৰ এক সুন্দৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে কৃষ্ণক জগোৱাৰ চিত্ৰ প্ৰকাশ পাইছে।

ৰাতিৰ অন্ধকাৰ আঁতৰি যোৱাৰ লগে লগে চৌদিশ বগা পোহৰে আৱৰি ধৰিছে আৰু সূৰ্যৰ কিৰণে আন্ধাৰ ফালি পৃথিৱীলৈ পোহৰ কঢ়িয়াই আনিছে। পদুম ফুলবোৰ ফুলি উঠিছে আৰু তাৰ ওপৰত ভোমোৰাবোৰ উৰি ফুৰিছে। ব্ৰজবধূসকলে কৃষ্ণৰ নাম-গুণ গাই দধি মথি আছে। শ্রীকৃষ্ণৰ বন্ধু দাম আৰু সুদামে কৃষ্ণক মাতিবলৈ ধৰিছে আৰু বলৰামেও শয্যা ত্যাগ কৰি উঠি আহিছে। নন্দ বাথানলৈ গৈছে আৰু গোৱালসকলে গৰুৰ পাল চৰাবলৈ নিছে। সেয়েহে শ্রীকৃষ্ণই শোৱাপাটি ত্যাগ কৰি উঠি আহিব লাগে আৰু ক্ষীৰ, লৱণু আদি লৈ শিঙা, বেণু, বেত আদি বাদ্যৰে সু-সজ্জিত হৈ গাই-গৰুবোৰ চৰাবলৈ নিব লাগে। কাৰণ পোৱালীবোৰৰ অবিহনে গাইবোৰে হেম্বেলিয়াব ধৰিছে।

১৫। তোমালোকে ‘তেজৰে কমলাপতি’ বৰগীতটি আৰু ‘ৰাতিপুৱা’ পদ্যটিত পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা পাইছা। এতিয়া বৰগীতটোৰ কোন অংশৰ লগত ‘ৰাতিপুৱা’ পদ্যটোৰ কোন অংশৰ ভাবৰ কেনেধৰণৰ মিল আছে বিচাৰি উলিয়াই লিখা।

উত্তৰ: ‘তেজৰে কমলাপতি’ আৰু ‘ৰাতিপুৱা’ দুয়োটাতে ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যৰ সুন্দৰ বৰ্ণনা আছে। দুয়োটা কবিতাতে দুজন শিশু ক্রমে শ্রীকৃষ্ণ আৰু সোণফেৰিক টোপনিৰপৰা জগাবলৈ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা কৰিছে।

‘তেজৰে কমলাপতি’ বৰগীতটোত শ্ৰীকৃষ্ণৰ লগৰীয়া দাম-সুদাম সকলোৱে কৃষ্ণক মাতিব ধৰিছে, কাৰণ কেতিয়াবাই ৰাতিৰ আন্ধাৰ আঁতৰি সূৰ্য্যৰ পোহৰ ওলাল। আনহাতে, ‘ৰাতিপুৱা’ কবিতাটোত সোণফেৰিৰ লগৰীয়া ৰীণা, বীণা, মীনা আটায়ে টোপনিৰপৰা উঠিল, কাৰণ আকাশৰ পুৱে ৰঙা বেলি দেখা গ’ল অর্থাৎ ৰাতি পুৱাল।

বৰগীতটোত পদুম ফুলবোৰ ফুলি উঠিছে আৰু তাৰ ওপৰত ভোমোৰাবোৰ উৰি ফুৰিছে। আকৌ ‘ৰাতিপুৱা’ পদ্যটোত কৈছে যে ফুলে ফুলে মৌ-মাখি পৰি সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

বৰগীতটোত কৈছে যে কৃষ্ণৰ পিতৃ নন্দ, ককায়েক বলৰাম, লগৰীয়াসকল সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে। ঠিক সেইদৰে ‘ৰাতিপুৱা’ কবিতাটোত সোণফেৰিৰ লগৰীয়াসকলেও নিজৰ নিজ কামত ব্যস্ত হৈছে।

বৰগীতটোত মাক যশোদাই কৃষ্ণক সোনকালে উঠি গৰু চৰাবলৈ যাবলৈ কৈছে আৰু ‘ৰাতিপুৱা’ পদ্যটোত সোণফেৰিক হাতত পুথি মেলিলৈ নিজৰ পাঠ শিকিবলৈ কৈছে।

এইদৰেই ‘তেজৰে কমলাপতি’ বৰগীতটো আৰু ‘ৰাতিপুৱা’ পদ্যটোত ভাবৰ বাৎসল্য প্ৰেম আৰু প্ৰাকৃতিক পৰিৱেশৰ মিল দেখা যায়।

১৬। ‘তেজৰে কমলাপতি’ বৰগীতটিত কৃষ্ণক আৰু ‘ৰাতিপুৱা’ পদ্যটিত সোণফেৰিক টোপনিৰপৰা উঠিবলৈ কোৱা হৈছে। পুৱা তোমাৰ শুই উঠা দেৰি হ’লে তোমাক কোনে আৰু কেনেদৰে টোপনিৰপৰা জগায় লিখা।

উত্তৰ: পুৱা মোৰ শুই উঠা দেৰি হ’লে মোক সাধাৰণতে মোৰ মাকে টোপনিৰপৰা জগায়। তেওঁ মৰমেৰে মোৰ নাম ধৰি মাতি কয়, “উঠা, ৰাতিপুৱা হৈছে। সূৰ্য ওলাইছে, এতিয়া পঢ়িবলৈ বহা।” কেতিয়াবা তেওঁ লাহে লাহে গাত হাত দি বা খিৰিকীখন খুলি পুৱাৰ পোহৰ সোমাবলৈ দি মোক জগাই তোলে।


Class 7 Assamese Chapter 6 Question Answer Overview

This Class 7 Assamese Chapter 6 Question Answer guide provides a complete and well-structured collection of important questions and answers from Class 7 Assamese Lesson 6 – তেজৰে কমলাপতি খং. Every Class 7 Assamese Chapter 6 answer is explained in simple, clear and easy-to-understand language, making it suitable for all students following the latest SCERT syllabus.

This Class 7 Assamese Chapter 6 Question Answer resource includes textbook questions and other important exam-oriented questions that are frequently asked in school examinations. Each Class 7 Assamese Chapter 6 Question Answer is prepared carefully to help students understand the lesson, improve their subject knowledge, and strengthen their writing skills. By studying this Class 7 Assamese Chapter 6 Question Answer guide, students can revise the chapter quickly, build confidence and prepare effectively for class tests, annual examinations and other academic assessments.

If you found this Class 7 Assamese Chapter 6 Question Answer guide helpful, explore more study materials on Bidya Setu:

  • Class 7 Assamese Chapter 4 Question Answer
  • Class 7 Assamese Chapter 5 Question Answer
  • Class 7 Assamese Chapter 7 Question Answer
  • Class 7 Assamese Chapter 8 Question Answer

Frequently Asked Questions (FAQs)

Q: What is Class 7 Assamese Chapter 6 about?

A: Class 7 Assamese Chapter 6 is the 6th lesson of the SCERT Class 7 Assamese (Unmesh) textbook. The chapter highlights the importance of trees and the values associated with protecting nature.

Q: Where can I find Class 7 Assamese Chapter 6 Question Answer?

A: You can find complete Class 7 Assamese Chapter 6 Question Answer on Bidya Setu. All answers are prepared according to the latest SCERT syllabus in simple and easy-to-understand language.

Q: Is this Class 7 Assamese Chapter 6 Question Answer based on the latest SCERT syllabus?

A: Yes. This Class 7 Assamese Chapter 6 Question Answer guide is prepared according to the latest SCERT Assam syllabus.

Q: Does this guide include all textbook questions?

A: Yes. This Class 7 Assamese Chapter 6 Question Answer guide includes all important textbook questions along with additional exam-oriented questions and answers.

Q: Is this Class 7 Assamese Chapter 6 Question Answer guide useful for exams?

A: Yes. This Class 7 Assamese Chapter 6 Question Answer guide is designed to help students revise the chapter and prepare confidently for class tests and annual examinations.


Leave a Comment