Class 1 Assamese Chapter 3 Question Answer

Class 1 Assamese Chapter 3 | Class 1 Jhankar Chapter 3 Question Answer | Chapter 3 Assamese Class 1 solutions | class 1 jhankar textbook chapter 3 | Class 1 Chapter 3 Assamese answers | Class 1 Assamese Chapter 3 Question Answer | প্ৰথম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় ৩ ৰ প্ৰশ্নোত্তৰ | প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ অধ্যায় ৩ “আমাৰ চৌপাশ” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | অধ্যায় ৩ আমাৰ চৌপাশ | পাঠ ১ কুকুৰা আৰু হাঁহ | Assamese Class 1 Chapter 3 explanation.

The Content of “Class 1 Assamese Chapter 3 Question Answer”

In this guide, we have provided the complete answers to the first lesson “কুকুৰা আৰু হাঁহ” in the 3rd chapter of the Jhankar textbook for Class 1.

🗣️ তলৰ ছবিবোৰৰ নাম কওঁ আহা —

Class 1 Assamese Chapter 3

🗣️ কাৰ কি মাত হ’ব কওঁ আহা —

Class 1 Assamese Chapter 3

কাউৰী – কা কা 

মটৰ গাড়ী – বু বু

ছাগলী – মে মে 

ৰেলগাড়ী – ঝক ঝক 

কুকুৰা – কক কক

ভেকুলী – টোৰ টোৰ 

✒️ কোনটো বাটেৰে গ’লে পিছলা খেলখন খেলিবলৈ পাব, বিচাৰোঁ আহা —

Class 1 Assamese Chapter 3
পাঠ – ১ : কুকুৰা আৰু হাঁহ

🗣️ শুনো আহা —

এজনী কুকুৰাই তাইৰ পোৱালিবোৰৰ সৈতে নৈৰ পাৰত চৰি আছিল। নৈৰ সিপাৰলৈ যাবলৈ সিহঁতৰ বৰ মন গ’ল।

কুকুৰাজনীয়ে নৈত কেইজনীমান হাঁহ চৰি থকা দেখিলে। তাই হাঁহকেইজনীক ক’লে-“বাইটিহঁত, নৈৰ সিপাৰেনো কি আছে? আমাৰ যে চাবলৈ বৰ মন যায়। পিছে নৈখন পাৰ হ’ম কেনেকৈ?”

হাঁহকেইজনীয়ে ক’লে- “ৰ’বা, আমি আছোঁ নহয়! আহা, তোমালোক আমাৰ পিঠিত উঠাহি।”

কুকুৰা আৰু পোৱালিকেইটা এটা এটাকৈ হাঁহৰ পিঠিত উঠিল আৰু সিহঁত সিপাৰ পালেগৈ।

🗣️ কওঁ আহা —

ক) হাঁহকেইজনী ক’ত চৰি আছিল?

উত্তৰ: হাঁহকেইজনী নৈত চৰি আছিল।

খ) কুকুৰাজনীয়ে হাঁহক কি কৈছিল?

উত্তৰ: কুকুৰাজনীয়ে নৈৰ সিপাৰে কি আছে বুলি হাঁহক কৈছিল।

গ) কুকুৰাৰ পোৱালিবোৰে কিদৰে নৈখন পাৰ হৈছিল?

উত্তৰ: কুকুৰাৰ পোৱালিবোৰে হাঁহৰ পিঠিত উঠি নৈখন পাৰ হৈছিল।

ঘ) হাঁহকেইজনীয়ে সহায় নকৰা হ’লে কুকুৰাকেইজনী কেনেকৈ নৈখন পাৰ হ’লহেঁতেন?

উত্তৰ: হাঁহকেইজনীয়ে সহায় নকৰা হ’লে কুকুৰাকেইজনী নৈখন পাৰ হ’ব নোৱাৰিলেহেঁতেন।

ঙ) কুকুৰাকেইজনীয়ে কিয় নৈৰ সিপাৰলৈ যাবলৈ মন কৰিছিল?

উত্তৰ: কুকুৰাকেইজনীয়ে নৈৰ সিপাৰে কি আছে সেয়া চাবলৈ নৈৰ সিপাৰলৈ যাবলৈ মন কৰিছিল।

🗣️ কথা পাতোঁ আহা —

জবা — বেলি পৰিল। আজি আৰু নেখেলোঁ।

জিতা — আৰু অলপ খেলোঁ আহা।

জবা — দেৰি হ’ল দেখোন!

জিতা — অলপ খেলোঁ আহা।

জবা — কিন্তু মা-দেউতাই চাগৈ দুয়োলৈ বাট চাই আছে!

জিতা — তেন্তে আন এদিন খেলিম। ব’লা ঘৰলৈ যাওঁ।

জবা — ব’লা, তেনেহ’লে।

🗣️ ছবিৰ নাম আৰু নামৰ প্ৰথম ধ্বনিটো কওঁ আহা —

Class 1 Assamese Chapter 3

‘প’ আৰু ‘ত’ৰে আৰম্ভ হোৱা আৰু কি কি শব্দ জানো কওঁ আহা —

= পৱন, পলম, পদূলি, পঢ়া, পৰিয়াল

= তলা, তল, তামোল, তাল, তেল

✒️ আঁচ টানি মিলাওঁ আহা —

Class 1 Assamese Chapter 3

✒️ ফুটবোৰ লগ লগাই লিখোঁ আহা —

Class 1 Assamese Chapter 3

🗣️ গাওঁ আহা —

চিপ্ চিপীয়া বৰষুণ 

থৰ্ থৰ্ কৈ কঁপে কোন? 

থলগিৰী ভূতনাথ 

কঁপি থাকে, নাই মাত।

🗣️ কওঁ আহা —

          থক্-থক্                    থল

          থৰ্-থৰ্                     থাল 

          থৰক-বৰক               থাপনা

✒️ লিখোঁ আহা —

🗣️ ছবিৰ নামবোৰ কওঁ আহা —

Class 1 Assamese Chapter 3

ছবিবোৰৰ নামৰ প্ৰথম ধ্বনিটো কোৱা। ‘জ’ ধ্বনিৰে আৰম্ভ হোৱা আৰু কি কি শব্দ জানা কোৱা।

= জন, জকা, জাপি, জিকা

✒️ জ – আখৰ থকা ছবিটোত ৰং কৰোঁ আহা —

Class 1 Assamese Chapter 3

   জবা ফুল         মধুৰিআম        জলকীয়া 

✒️ পঢ়োঁ আহা —

        জন   জকা   জাপি   জিকা   জগত

✒️ ফুটবোৰ লগ লগাই লিখোঁ আহা —

Class 1 Assamese Chapter 3

✒️ লিখোঁ আহা —

Class 1 Assamese Chapter 3
ইৰিকটি-মিৰিকটি

🗣️ গাওঁ আহা —

ইৰিকটি-মিৰিকটি

বাঁহৰ শলা

ইকৰা, খাগৰি 

আনোগৈ ব’লা।

ইলুটি-সিলুটি

ইটো-সিটো খেল

 ইঘৰে-সিঘৰে পাতে

 আইতাই মেল।

উকি মাৰি গুছি গ’ল 

উজনিৰ ৰে’ল,

উখল-মাখল চ’ৰাঘৰ 

মইনাহঁতৰ মেল।

উৰণ-সেতুৰ পৰা 

বেলি-উদয় চাম,

উধাতু খাই গ’লে

উজুটিহে খাম।

✒️ লিখোঁ আহা —

Class 1 Assamese Chapter 3

🗣️ ছবিৰ নামৰ প্ৰথম ধ্বনি কওঁ আহা —

Class 1 Assamese Chapter 3

✒️ ছবিৰ নামবোৰ সম্পূৰ্ণ কৰোঁ আহা —

Class 1 Assamese Chapter 3

Class 1 Assamese Chapter 3

🗣️ কওঁ আহা — 

ক) ছবিখনত কি দেখিছা?

উত্তৰ: ছবিখনত এজনী ছোৱালী, এটা খৰাহি, এডাল গছ, এটা কুকুৰা আৰু কেইটামান কুকুৰাৰ পোৱালি দেখিবলৈ পোৱা গৈছে।

খ) ছোৱালীজনীয়ে কি কৰি আছে?

উত্তৰ: ছোৱালীজনীয়ে কুকুৰা আৰু কুকুৰাৰ পোৱালিবোৰক খৰাহিৰ ভিতৰত ভৰাই আছে।

গ) তুমি কি জীৱ-জন্তু পুহিবলৈ ভাল পোৱা?

উত্তৰ: নিজে চেষ্টা কৰিবা।

ঘ) ছোৱালীজনীয়ে কিয় শব্দ কৰিবলৈ মানা কৰিছে?

উত্তৰ: ছোৱালীজনীয়ে শব্দ কৰিবলৈ মানা কৰিছে কাৰণ শব্দ কৰিলে কুকুৰা আৰু কুকুৰাৰ পোৱালিবোৰ ভয় খায় আঁতৰি যাব।

✒️ আখৰবোৰ লগ লগাই পঢ়োঁ আৰু লিখোঁ আহা —

Class 1 Assamese Chapter 3
পুনৰালোচনা

✒️ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনিৰ লগত আখৰবোেৰ আঁচ টানি মিলোেৱা —

Class 1 Assamese Chapter 3

✒️ ছবিবোৰৰ নামৰ শেষ ধ্বনিৰ লগত আখৰবোেৰ আঁচ টানি মিলোৱা —

Class 1 Assamese Chapter 3

✒️ একেদৰে লিখা আৰু পঢ়া —

Class 1 Assamese Chapter 3

🗣️ খৰকৈ কওঁ আহা —

নাৰ বাত পাভ মাছ 

আৰু এটা কাছ, 

বাৰ টকাত কিনি আনি 

কিয় বাৰু নাচ?

নাৰ, বাত আৰু পাভ মাছৰ বাহিৰেও আৰু কি কি মাছৰ নাম জানা কওঁ আহা —

উত্তৰ:  কাৱৈ, গৰৈ, পুঠি, ৰৌ, বৰালি, চিতল

✒️ লগ লগাই পঢ়া আৰু লিখা —

Class 1 Assamese Chapter 3

Leave a Comment