If you are searching for AJB Class 8 Assamese Lesson 8 Question Answer, you are in the right place. This article provides complete and easy solutions of Lesson 8 “নিশাচৰ প্ৰাণীবোৰ” from the Assam Jatiya Bidyalay (AJB) Class 8 Assamese textbook. Students looking for Assam Jatiya Bidyalay Class 8 Assamese Lesson 8 Question Answer, AJB Class 8 Assamese Chapter 8 Solutions, or অসম জাতীয় বিদ্যালয় অষ্টম শ্ৰেণী অসমীয়া পাঠ ৮ প্ৰশ্নোত্তৰ will find this article very helpful.
Contents of AJB Class 8 Assamese Lesson 8 Question Answer
This section provides a clear overview of all the topics included in Lesson 8 “নিশাচৰ প্ৰাণীবোৰ” of AJB Class 8 Assamese. The complete questions and answers of AJB Class 8 Assamese Lesson 8 are provided below.
নিশাচৰ প্ৰাণীবোৰ
১। একোটিকৈ বাক্যত উত্তৰ লিখাঃ
ক) চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন হয় ?
উত্তৰঃ চকুৰ ৰেটিনাত প্ৰতিবিম্ব গঠন হয়।
খ) স্তন্যপায়ী প্রাণী কাক বোলে?
উত্তৰঃ পোৱালি জন্ম দিয়া জীৱকে স্তন্যপ্ৰায়ী প্রাণী বোলে।
গ) বাদুলিক আকাশলৈ উৰি যোৱাত কিহে সহায় কৰে?
উত্তৰঃ দখন পাতলীয়া ধৰণৰ ছালে বাদুলিক উৰি যোৱাত সহায় কৰে।
ঘ) পৃথিৱীত কিমানবিধ বাদুলি আছে আৰু কি কি?
উত্তৰঃ পৃথিৱীত প্ৰায় এঘাৰ হাজাৰ বিধ বাদুলি আছে।
ঙ) অসমত কেইজাতৰ বাদুলি আছে আৰু কি কি
উত্তৰঃ অসমত থকা দুই প্ৰজাতিৰ বাদুলি হৈছে – চুঙা বাদুলি আৰু বৰ বাদুলি।
চ) জোনাকী পৰুৱাৰ দেহত পোহৰ উৎপন্ন কৰিব পৰা কি পদার্থ থাকে?
উত্তৰঃ জোনাকী পৰুৱাৰ দেহত পোহৰ উৎপন্ন কৰিব পৰা লুছিফেৰিন নামৰ পদাৰ্থ এবিধ থাকে। এই পদার্থ বিধত অক্সিজেন লগ লাগিলে পোহৰ উৎপন্ন হয়।
২। মেকুৰীৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তিৰ বিষয়ে লিখা
উত্তৰঃ মেকুৰীৰ শ্ৰৱণ আৰু দৃষ্টিশক্তি প্ৰৱল। ইহঁতৰ কাষেদি যোৱা যিকোনো জন্তুৰ শব্দ কাণত পৰিলেই ততালিকে সজাগ হৈ জন্তুটো ধৰিবৰ বাবে সাজু হয়। কম পোহৰত মেকুৰীৰ দৃষ্টিশক্তি প্ৰৱল হৈ উঠে। সাধাৰণতে মানুহৰ চকুৱে যিমান পোহৰত এটা বস্তু মণিব পাৰে তাৰ ছয়ভাগৰ এভাগ পোহৰতো মেকুৰীয়ে বস্তু দেখা পায় ।
৩। মেকুৰীৰ চকু কম পোহৰত দেখাৰ বাবে কিয় উপযোগী হয়?
উত্তৰঃ মানুহকে ধৰি সকলো জীৱৰে ৰেটিনা থাকে। মেকুৰীৰ চকুৰ ৰেটিনাত ‘ৰ’ড ছেল’ নামৰ কোষ বেছিকৈ থাকে। মেকুৰীৰ চকুত পোহৰ পৰিলে প্ৰথমে এই পোহৰ ৰেটিনাত পৰে। ৰেটিনাই শোষণ নকৰা পোহৰখিনি পিছফালে থকা প্রতিফলক পৃষ্ঠখনত পৰে। প্ৰতিফলক পৃষ্ঠখনে পোহৰ প্ৰতিফলিত কৰি ৰ’ড ছেলৰ যোগেদি বাহিৰলৈ পঠায়। ফলত ৰেটিনাত পৰা পোহৰৰ পৰিমাণ বাঢ়ে। সেইবাবে মেকুৰীয়ে কম পোহৰতে ভালদৰে দেখা পায়।
৪। বৰবাদুলিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ বৰ বাদুলিবোৰ আকাৰত ডাঙৰ হয় আৰু ইহঁতে গছৰ ওপৰত বাস কৰে। গোটেই দিনটো নানা ধৰণৰ শব্দ উচ্চাৰণ কৰি ইহঁতে গছৰ ডালত ওলমি থাকে। মাজে মাজে থকা ঠাইৰ বাবে সিহঁতৰ মাজত কাজিয়া-পেচাল হয়। গধূলি আন্ধাৰ হোৱাৰ লগে লগে ইহঁতে গছৰ ডাল এৰি উৰি যাবলৈ ধৰে। গোটেই নিশা গুটি ধৰা গছ বিচাৰি ফুৰে।
৫। বাদুলিৰ দৃষ্টিশক্তি প্ৰৱল নোহোৱাৰ পিছতো ইহঁতে আন্ধাৰত কেনেকৈ উৰি ফুৰিব পাৰে?
উত্তৰঃ পৰীক্ষাৰ পৰা গম পোৱা গৈছে যে বাদুলিয়ে ঘোৰ অন্ধকাৰত চলা-ফিৰা কৰিবলৈ চকু নহয়, কাণহে ব্যৱহাৰ কৰে। বাদুলিয়ে এনে কিছুমান শব্দৰ সৃষ্টি কৰিব পাৰে যিবোৰ আমি শুনা নাপাওঁ। কেৱল বাদুলিয়েহে নিজে শুনা পায়। উৰি ফুঁৰোতে বাদুলিয়ে অনবৰতে এনে শব্দ সৃষ্টি কৰি গৈ থাকে। শব্দটো আগে আগে যায়। বাদুলি পিছে পিছে। যদি সন্মুখত কিবা বাধা থাকে শব্দটো তাত খুন্দা খাই ঘূৰি আহি বাদুলিৰ কাণত পৰেহি। তেতিয়া ইহঁতে সন্মুখত বাধা থকৰ কথা গম পায় আৰু দিশ সলনি কৰি দিয়ে। আনহাতে কীট-পতংগ, ফল-মূলৰ অৱস্থানো আন্ধাৰতেই এনেদৰে ধৰা পেলাব পাৰে।
৬। জোনাকী পৰুৱাৰ গাৰ পৰা পোহৰ ওলায় কেনেকৈ?
উত্তৰঃ জোনাকী পৰুৱাৰ দেহৰ পিছফালে হালধীয়া আৰু কমলা ৰঙৰ চিহ্ন আৰু পোহৰ নিৰ্গত কৰিব পৰা গ্ৰন্থি থাকে। জোনাকী পৰুৱাৰ দেহত লুছিফেৰিন নামৰ এবিধ পদার্থ থাকে। এই পদার্থবিধত অক্সিজেন লাগিলে পোহৰ উৎপন্ন হয়।
৭। জোনাকী পৰুৱাই কিয় গাৰ পৰা পোহৰ নিৰ্গত কৰে?
উত্তৰঃ জোনাকী পৰুৱাই মতা আৰু মাইকী উভয়ে পৰস্পৰক আকৰ্ষণ কৰিবৰ বাবে পোহৰ উৎপন্ন কৰে।
৮। তুমি জনা নিশাচৰ প্ৰাণীবোৰৰ যি কোনো এবিধৰ বিষয়ে এখন ৰচনা লিখা৷
উত্তৰঃ
বাদুলি: বাদুলি এবিধ নিশাচৰ প্ৰাণী। বাদুলি চৰাইৰ দৰে উৰে যদিও ইহঁতে কণী নাপাৰে, পোৱালি জন্ম দিয়ে। বাদুলিৰ ডেউকা আৰু পাখি নাই । দুখন পাতলীয়া ধৰণৰ ছালে ইহঁতক আকাশত উৰি যোৱাত সহায় কৰে। পৃথিৱীত প্ৰায় এঘাৰ হাজাৰ বিধ প্ৰজাতিৰ বাদুলি আছে। এইবোৰৰ সত্তৰ শতাংশই পতংগ ভোজী। বাকী খিনিয়ে গছৰ ফল-মূল খাই জীৱন-ধাৰণ কৰে । অসমৰ চুঙা বাদুলি আৰু বৰ বাদুলি নামৰ দুইজাতৰ বাদুলি আছে।
৯। সমার্থক শব্দ লিখাঃ
সন্ধান = বিচাৰি ফুৰা।
প্রবল = প্রচণ্ড।
চকু = নেত্র, নয়ন, লোচন।
পাখি = ডেউকা।
চিহ্ন = চিন।
সংগী = লগৰী।
১০। উদাহৰণৰ দৰে লিখাঃ
বিম্বৰ সদৃশ = প্ৰতিবিম্ব।
গ্ৰহৰ সদৃশ = প্রতিগ্রহ।
নদীৰ সদৃশ = প্ৰতিনদী।
কথাৰ সদৃশ = প্ৰতিকথা।