সৰস্বতীৰ বৰ | AJB Class 8 Assamese Lesson 2 Question Answer | Assam Jatiya Bidyalay Class 8 Assamese Lesson 2 Question Answer | Ajb class 8 assamese lesson 2 | Assam jatiya bidyalay class 8 assamese lesson 2 | অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ আপন পাঠৰ পাঠ ২ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | Assam Jatiya Bidyalay Class 8 Assamese Chapter 2 Question Answer | AJB Class 8 Assamese Chapter 2 Question Answer
Contents of AJB Class 8 Assamese Lesson 2 Question Answer
Here are the answers to all the questions from Class 8 Assamese Lesson 2, “সৰস্বতীৰ বৰ”, of Assam Jatiya Bidyalay. We hope that these AJB Class 8 Assamese Lesson 2 question answers will help students in their exam preparation and deepen their understanding of the lesson.
সৰস্বতীৰ বৰ
১। একোটিকৈ বাক্যত উত্তৰ লিখা:
ক) বিদ্যাৱতী দেখাত কেনে আছিল?
উত্তৰঃ বিদ্যাৱতী দেখাত ৰূপৱতী আছিল।
খ) বিয়াৰ কথা শুনি বিদ্যাৱতীয়ে ৰজাক কি কৈছিল?
উত্তৰঃ বিয়াৰ কথা শুনি বিদ্যাৱতীয়ে ৰজাক কৈছিল, যিয়ে তেওঁক তৰ্কত হৰুৱাব পাৰিব তেওঁৰ লগতহে বিদয়াৱতীৰ বিয়া হ’ব।
গ) দেশ – বিদেশৰ পণ্ডিতসকলে বিদ্যাৱতীৰ লগত তৰ্কত হাৰি কি বুদ্ধি সাজি উলিয়াইছিল?
উত্তৰঃ দেশ বিদেশৰ পণ্ডিতসকলে বিদ্যাৱতীৰ লগত তৰ্কত হাৰি লাজ পালে। আৰু তেওঁলোকে বিদয়াৱতীক এটা জধামুখলৈ বিয়া দিম বুলি মনতে থিৰাং কৰি এটা জধামুখ বিচাৰি উলিয়াই বুদ্ধি কৰি তালৈ বিদয়াৱতীক বিয়া দিলে।
ঘ) কালিদাসে শুৱলৈ লৈ আঁঠুৱাৰ ওপৰত কিয় জাপ মাৰিছিল?
উত্তৰঃ কালিদাসে আগতে কেতিয়াও আঁঠুৱা দেখা নাছিল। বিচনাত সোমাবলৈ কেনিও সুৰুঙা বিচাৰি নাপাই ওপৰৰ ফালে সোমাবলৈ বাট আছে বুলি আঁঠুৱাৰ ওপৰত জাঁপ মাৰি দিলে।
ঙ) বিদ্যাৱতীয়ে খঙত কালিদাসক কি বুলি কৈছিল?
উত্তৰঃ বিদ্যাৱতীয়ে খঙত কালিদাসক কৈছিল, ‘ তই সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱালৈকে এই ঘৰত থাকিব নোৱাৰ ‘।
চ) ঘৈণীয়েকৰ ওচৰত অপমান পাই কালিদাস কলৈ গৈছিল?
উত্তৰঃ ঘৈণীয়েকৰ ওচৰত অপমান পাই কালিদাস এখন সৰোবৰলৈ গৈছিল।
ছ) কঠোৰ তপস্যা কৰিও কালিদাসে সৰস্বতীক দেখা নোপোৱাৰ পিছত কি কৰিছিল?
উত্তৰঃ কঠোৰ তপস্যা কৰিও কালিদাসে সৰস্বতীক দেখা নোপোৱাৰ পিছত সৰোবৰৰ দ পানীত পৰি মৰিবলৈ থিৰ কৰিলে, এই সংকল্প কৰি কালিদাসে সৰোবৰত জাঁপ মাৰি পৰিল ৷
জ) স্বামীৰ অগাধ পাণ্ডিত্য দেখি বিদ্যাৱতীয়ে কি কৰিছিল?
উত্তৰঃ স্বামীৰ অগাধ পাণ্ডিত্য দেখি বিদ্যাৱতী আনন্দত অধীৰ হ’ল আৰু তেওঁৰ চৰণত পৰি ক্ষমা খুজিলে।
২। বিদ্যাৱতী আৰু কালিদাসৰ মাজত হোৱা তৰ্ক – যুদ্ধখনৰ বৰ্ণনা তোমাৰ ভাষাৰে লিখা। তৰ্ক যুদ্ধখনত কাৰ জয় হৈছিল?
উত্তৰঃ প্ৰথমতে ৰাজকন্যাই কালিদাসক এটা আঙুলি দেখুৱালে, কালিদাসে ভাবিলে যে ৰাজকন্যাই তেওঁৰ এটা চকু কাঢ়ো বুলি কৈছে; কিন্তু কালিদাসে তেওঁৰ দুটা চকু কাঢ়িব। এইদৰে ভাবি কালিদাসে দুটা আঙুলি দেখুৱালে। কালিদাসক দুটা আঙুলি দেখুওৱা দেখি পণ্ডিতসকলে হাত-চাপৰি মাৰিলে৷ কাৰণ, ৰাজকন্যাই এটা আঙুলি দেখুৱাই বুজাইছিল যে সৃষ্টিকর্তা এজন, কিন্তু কালিদাসে দুটা আঙুলিৰে বুজালে যে সৃষ্টিকর্তা এজন নহয়, দুজন প্রকৃতি আৰু পুৰুষ। ৰাজকন্যাই নিজৰ অৱস্থা ভাল নহ’ব বুলি বুজিব পাৰি আৰু এবাৰ চেষ্টা কৰি চাব খুজিলে। বিদ্যাৱতীয়ে এইবাৰ আঙুলি এটা মাটিৰফালে চোঁৱাই দেখুৱালে, কালিদাসে ভাবিলে, ৰাজকন্যাই তেওঁক মাটিত মুখ থেকেচিব খুজিছে, এনেদৰে ভাবি কালিদাসে এটা আঙুলি ওপৰলৈ তুলি ঘূৰাবলৈ ধৰিলে। অৰ্থাৎ তেওঁ ৰাজকন্যাক এইদৰে চাৰিপাক খুৱাব। পণ্ডিতসকলে আৰু হাত চাপৰি মাৰিবলৈ ধৰিলে আৰু ক’লে যে, বিদয়াৱতীেেয় আঙুলিটো মাটিৰ ফালে টোঁৱাই বুজাইছিল যে পৃথিৱীখন থিৰ হৈ আছে, কিন্তু কালিদাসে আঙুলি ঘূৰাই ক’লে যে পৃথিৱীখন ৰৈ থকা নাই।
অৱশেষত তৰ্ক যুদ্ধখনত কালিদাসৰ জয় হৈছিল।
৩। কালিদাস জধামূর্খ বুলি বিদ্যাৱতীয়ে কিদৰে জানিব পাৰিলে?
উত্তৰঃ প্ৰথম ৰাতি বিচনাত শুবলৈ যাওঁতে ঢাৰি – পাতিৰ ওপৰত আঁঠুৱা তৰি থোৱা দেখি কালিদাস অবাক হ’ল, কাৰণ কালিদাসে আগেয়ে কেতিয়াও আঠুৱা দেখা নাছিল।। কালিদাসে বিচনাত সোমাবলৈ কোনো সুৰুঙা বিচাৰি নাপাই ওপৰৰ ফালে সোমাবলৈ বাট আছে বুলি আঁঠুৱাৰ ওপৰত জাঁপ মাৰি দিলে। কালিদাসৰ কাণ্ড দেখি বিদয়াৱতী অবাক হ’ল আৰু কালিদাসক এটা জধামুর্খ বুলি বুজিব পাৰিলে। এনেতে এটা উটে বাহিৰত চিঞৰিলে। বিদয়াৱতীয়ে সংস্কৃত ভাষাৰে সুধিল, ‘ সেইটো কিহে চিঞৰিছে? ‘ কালিদাসে সংস্কৃত ভালদৰে নাজানিছিল। সেই বাবে তেওঁ ক’লে যে উট্র; বিদয়াৱতীয়ে খঙত আকৌ সুধিলে যে ‘সেইটো কিহে চিঞৰিছে?’ এইবাৰ কালিদাসে ক’লে যে উষ্ট; কালিদাস যে এটা জধামুর্খ, সেই বিষয়ে বুজিবলৈ বিদয়াৱতীৰ আৰু বাকী নাথাকিল।
৪। কালিদাস কিদৰে বিদগ্ধ পণ্ডিত হৈছিল?
উত্তৰঃ কালিদাস যে এটা জধামুর্খ সেই বিষয়ে ঘৈণীয়েক বিদয়াৱতীয়ে জানিব পাৰি কালিদাসক ক’লে, তই সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱালৈকে এই ঘৰত থাকিব নোৱাৰ। এইবুলি ঘৰৰ পৰা কালিদাসক খেদাই দিলে। ঘৈণীয়েকৰ ওচৰত এনে অপমান পাই কালিদাসে সেই ৰাতিয়ে ঘৰৰ পৰা বাজ হৈ হাবিৰফালে খোজ ল’লে। কালিদাসে হাবিৰ মাজে মাজে গৈ ৰাতি পুৱাবৰ বেলিকা এখন সৰোবৰ পালে। এই সৰোবৰৰ দাঁতিতে সৰস্বতীৰ আৰাধনা কৰিবলৈ তেওঁ থিৰ কৰিলে আৰু দেহে-কেহে সৰস্বতীৰ আৰাধনা কৰিবলৈ ধৰিলে। তেওঁ দিনৰাতি একান্ত মনেৰে অনেক বছৰ তাতে তপস্যা কৰিলে; কিন্তু এনে কঠোৰ তপস্যা কৰিও কালিদাসে সৰস্বতীক দেখা নাপালে। অৱশেষত কালিদাসে নিৰাশ হৈ সৰোবৰৰ দ পানীত পৰি মৰিবলৈ থিৰ কৰিলে, এই সংকল্প কৰি কালিদাস সৰোবৰত জাঁপ মাৰি পৰিল৷ এনেতে সৰস্বতী দেৱীয়ে কালিদাসক দেখা দিলেহি আৰু ক’লে, ‘ বোপাই, তই আপোনঘাতী নহ’বি; আজিৰ পৰা তই মোৰ বৰপুত্ৰ হ’লি।’ সৰস্বতীৰ বৰ পাই কালিদাস নোহোৱা-নোপোজা পণ্ডিত হ’ল।
৫। মহাকবি কালিদাসৰ সাহিত্যকৃত্তিৰ বিষয়ে শিক্ষকৰ পৰা জানি লোৱা ।
উত্তৰঃ কালিদাস সংস্কৃত সাহিত্যৰ বিদগ্ধ পণ্ডিত। ভাৰত গৌৰৱ কালিদাসৰ নাম সাহিত্য জগতত সুপৰিচিত। ‘ৰঘুবংশ’ আৰু কুমাৰ সম্ভৱ ‘ কাব্য দুখন তেওঁৰ অনুপম সৃষ্টি। তেওঁৰ তিনিখন নাট ক্রমে “অভিজ্ঞানম্ শকুন্তলম্”, “মালবিকাগ্নিমিত্রম” আৰু “বিক্ৰমবংশীয়” । ইয়াৰ ভিতৰত “অভিজ্ঞানম্ শকুন্তলম্” নাটকখন বিশ্বসাহিত্য ত শ্রেষ্ঠ স্থান অধিকাৰ কৰি আহিছে। কোৱা হয় ” কাব্যেষু নাটকম্ ৰম্য তত্ৰ ৰম্যা শকুন্তলা” এইবোৰ উপৰিও ‘ঋতুসংহাৰ”,মেঘদূত’ নামৰ খণ্ডকাব্য দুখন কালিদাসৰ অপূৰ্ব সৃষ্টি’ শ্ৰোতাবোধ’,’নলোদয়’ শৃঙ্গাৰ, তিলক এই গন্থ সমূহ তেওঁৰেই কৃতি বুলি কোনো কোনো মনিষীয়ে কব খোজে। মহা কবি কালিদাসৰ এই অনুপম কাব্য তথা নাটকত নানা ৰসৰ সমাহাৰ ঘটিছে আৰু বিশ্ব সাহিত্যৰ মাজত শ্রেষ্ঠ স্থান দখল কৰিছে সেয়ে আমি কব পাৰো-“ন কালিদাসক অপৰ: কবিন্দ্ৰ:” ।
৬। সমার্থক শব্দ লিখাঃ
উত্তৰঃ
(ক) আৰাধনা = পূজা, উপাসনা।
(খ) পণ্ডিত = বিদ্বান, বিদ্যাৱন্ত, জ্ঞানী।
(গ) অধীৰ = অধৈর্য।
(ঘ) তপস্যা = তপ, ধ্যান, যোগ ব্ৰত।
(ঙ) কঠোৰ = কঠিন, টান, কাঢ়া।
৭। বুজা আৰু লিখাঃ
উত্তৰঃ
কালীৰ দাস = কালিদাস।
চণ্ডীৰ দাস = চণ্ডিদাস।
দেৱীৰ দাস = দেৱদাস।
৮। বাক্য ৰচনা কৰা :
হাত দীঘল ; হাতত সাৰে ভৰিত সাৰে; ওভত গোৰে নাচ, হাড়ক মাটি কৰ।
উত্তৰঃ
(ক) হাত দীঘল :- হাত দীঘল মানুহক সকলোৱে সমীহ কৰে ।
(খ) হাতত হাৰে ভৰিত হাৰে :- এদিন ৰামে হাতত হাৰে ভৰিত হাৰে ঘৰৰ পৰা ওলাই গৈছিল।
(গ) উভত গেৰে নাচ :- জ্ঞানীসকলে কেতিয়াও উভত গেৰে নানাচে।
(ঘ) হাড়ক মাটি কৰ :- খেতিয়কে হাড়ক মাটি কৰি খেতি কৰিলে কিন্তু আহিন মহীয়া বানপানীয়ে সকলো সংহাৰ কৰিলে।
৯। “বোপাই তই আপোনঘাতী নহ’বি আজিৰ পৰা তই মোৰ বৰ পুত্ৰ হলি। কথাষাৰ কোনে, কাক, কি প্রশংগত কৈছিল বুজাই লিখা ।
উত্তৰঃ কথাষাৰ সৰস্বতী দেৱীয়ে কালিদাসক কৈছিল।যেতিয়া কালিদাসৰ পত্নী বিদ্যাৱতীয়ে তেওঁক জধামূৰ্খ বুলি জানিলে তেতিয়া ঘৰৰ পৰা উলিয়াই দি সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱা লৈকে ঘৰলৈ উভতি আহিব নোৱাৰে বুলি কলে। কালিদাসে ঘৈণীয়েকৰ পৰা অপমান পাই থাকিবলৈ গৈ এটা সৰুবৰৰ পাৰত সৰস্বতীক একান্ত মনে ধ্যান কৰিলে। কিন্তু কঠোৰ তপস্যা কৰাৰ পাছতো সৰস্বতীক দেখা নোপোৱাত তেওঁ আপোনঘাতী হবলৈ সৰুবৰত জাপ দিলে । এনেতে সৰস্বতী দেৱীয়ে কালিদাসক দেখা দিলেহি আৰু এই প্ৰসংগত এই কথাষাৰ কৈছিল।