AJB Class 8 Assamese Lesson 18 Question Answer

If you are searching for AJB Class 8 Assamese Lesson 18 Question Answer, you are in the right place. This article provides complete and easy solutions of Lesson 18 “গুৰুৰ গৃহত মাধৱ” from the Assam Jatiya Bidyalay (AJB) Class 8 Assamese textbook. Students looking for Assam Jatiya Bidyalay Class 8 Assamese Lesson 18 Question Answer, AJB Class 8 Assamese Chapter 18 Solutions, or অসম জাতীয় বিদ্যালয় অষ্টম শ্ৰেণী অসমীয়া পাঠ ১৮ প্ৰশ্নোত্তৰ will find this article very helpful.

Contents of AJB Class 8 Assamese Lesson 18 Question Answer

This section provides a clear overview of all the topics included in Lesson 18 “গুৰুৰ গৃহত মাধৱ” of AJB Class 8 Assamese. The complete questions and answers of AJB Class 8 Assamese Lesson 18 are provided below.

১) একোটিকৈ বাক্যত উত্তৰ লিখা ।

ক) শংকৰদেৱক শুই থকা অৱস্থা কোনে জাগাইছিল ?

উত্তৰঃ শংকৰদোৱক শুই থকা অৱস্থাত হৰিচন্দই জগাইছিল।

খ) বিষ্ণুপ্ৰিয়াক কাৰ সৈতে বিয়া দিয়াৰ কথা ওলাইছিল ?

উত্তৰঃ বিষ্ণুপ্ৰিয়াক মাধৱদেৱৰ সৈতে বিয়াৰ দিয়া কথা ওলাইছে।

গ) পদশ্বেতছত্রছায়াত কথাটোৱে কি বুজাইছে ?

উত্তৰ : মাধৱদেৱে শংকৰদেৱৰ অভয় পদৰ সত্ৰ-ছায়াত জিৰাব খোজা কথাটো বুজাইছে।

ঘ) শংকৰদেৱৰ পত্নীয়ে তেওঁক কি বুলি সম্বোধন কৰিছিল ?

উত্তৰঃ শংকৰদেৱৰ পত্নীয়ে তেওক ৰামানন্দ বাপ বা হৰিজন বাপ বুলি সম্বোধন কৰিছিল।

ঙ) চোট আতা কোন ?

উত্তৰঃ চোট আতা মহাপুৰুষ মাধৱদেৱ

২) মাধৱদেৱে শংকৰদেৱৰ ভিতৰত কি দেখিছিল বৰ্ণনা কৰা ?

উত্তৰঃ এদিন শংকৰদেৱে মাধৱদেৱক চাউল সিজোৱা খাবলৈ কোৱাত মাধৱদেৱে ভিতৰত সোমাই ৰান্ধনিঘৰ চালেগৈ। তেতিয়া তেওঁ দেখিছিল যে শংকৰদেৱৰ পত্নীয়ে ৰান্ধনীঘৰৰ এচুকত ভিটা বান্ধি ঘট পাতি আমডালি আৰু এঁৱাসূতা দি থৈছে।

৩) মাধৱদেৱে গুৰুপত্নীক কি কি কৰিছিল বুজাই লিখা ।

উত্তৰঃ মাধৱদেৱে গুৰু পত্নীক কৈছিল যে গুৰুপত্নীয়ে মাধৱৰ গুৰুজনক কি বুলি মাতিছে আৰু কি বুলি সম্বোধন কৰে। লগতে আৰু কৈছিল যে গুৰু পত্নীয়ে কেনেদৰে শয়ন কৰে।মাধৱদেৱে গুৰুপত্নীক শংকৰদেৱক আমাৰ গোহাঁই বুলি মাতিবলৈ আৰু নাভিৰ ওচৰত মাথা থৈ শয়ন কৰিবলৈ কৈছিল। বিছনাত উঠোতে সেৱা কৰি উঠিব কৈছিল।

৪। গোসাঁনীয়ে বিষ্ণুপ্ৰিয়াক মাধৱদেবলৈ বিয়া দিব বিচৰা কথাটো শুনি মাধৱদেৱে কি কৈছিল, তোমাৰ কথাৰে লিখা।

উত্তৰঃ গোসাঁনীয়ে বিষ্ণুপ্ৰিয়াক মাধৱদেবলৈ বিয়া দিব বিচৰা কথাটো শুনি মাধৱদেৱে গুৰুক এইদৰে কৈছিল – যে মাধৱদেৱে গুৰুৰ সকলো কথা চলিব যদিও এটা কথা ৰাখিব নোৱাৰিব৷ জীৱৰ কুশলৰ হেতুকে তেওঁ শংকৰদেৱৰ ওচৰত শৰণ লৈছে। পশু-পখিয়ো বিষয়-বাসনাও মজি থাকে। তেওঁ সেই আশা কৰা নাই। শংকৰদেৱে গড় বান্ধি যুজঁ দিয়াৰ উত্তৰত এইদৰে কৈছিল যে গড় বান্ধি যুঁজিলে যোদ্ধা আৰু বিনাগড়ে যুঁজিলে মহাযোদ্ধা । এইবুলি কৈ শংকৰদেৱে অভয় পদৰ সত্ৰছায়াত আশ্ৰয় লব বিচাৰিছে।

৫। গুৰু-পত্নীয়ে বিষ্ণুপ্ৰিয়াক মাধৱদেৱলৈ বিয়া দিব নোৱাৰি তাইৰ দ্বাৰা কি কি কৰাইছিল ? তাৰ পৰিণতিত মাধৱদেৱে কি কৰিছিল ?

উত্তৰঃ গুৰু পত্নীয়ে নিজৰ ছোৱালী বিষ্ণুপ্রিয়াক মাধৱদেৱলৈ বিয়া দিব নোৱাৰি তাইৰ দ্বাৰা মাধৱদেৱৰ পৰিচৰ্চা কৰিছিল। কঠ পাৰি দিছিল, তামোল পান আনি দিছিল। মাধৱদেৱৰ বাহালৈ গৈ মাছ, গাখীৰ,শাক লোণ, তেল, জলকীয়া, বেঙেনা, আদি দি আহিছিল। আৰু বিচনাখন জাৰি-জোকাৰি পাৰি দিছিল।পিছত এদিন চোট আতা মাধৱদেৱে গুৰু কন্যাক কান্ধত তুলি গুৰুৰ ওচৰত নি থৈছিল।

৬। লিংগ পৰিৱৰ্তন কৰা :

(ক) গোহাঁই – গোসাঁনী।

(খ) ভকত – ভতকণী।

(গ) স্বামী – পত্নী।

(ঘ) বান্ধৱ – বান্ধৱী। 

(ঙ) পিতৃ – মাতৃ। 

(চ) ককাদেউতা – বাইদেউ,বৌ। 

৭। সমার্থক শব্দ লিখা ।

(ক) শশী – জোন।

(খ) ৰবি – সূৰ্য্য।

(গ) সদাশিৱ – মহাদেৱ।

(ঘ) নৌকা নাও।

(ঙ) গুৰু শিক্ষক।

(চ) শয়ন শোৱা।

(ছ) শয্যা – বিছনা ।

(জ) চিত – বিছনা । 

(ঞ) মাতৃ – আই।

(ট) বৈৰী – শত্ৰু। 

৮। উদাহৰণ দৰে বাক্য সজা।

(ক) কিচকিচিয়া :- সীতাৰ চুলিকোছা কিচ-কিচিয়া কলা ।

(খ) মলমলীয়া :- ধূপটো জ্বলাই দিয়াত মলমলীয়া গোন্ধ ওলাইছিল।

(গ) চেং চেঙিয়া :- কাতি মাহত চেং চেঙিয়া ৰদ দিয়ে।

(ঘ) গুনগননী :- বাগিচাত ভোমোৰাৰ গুণগুণনী উঠিছে।

(ঙ) ফুচফুচকৈ :- কেবাজন মানুহৰ উপস্থিতিত দুজনে ফুচফুচকৈ কথা কোৱা বেয়া অভ্যাস।

(চ) ধকধকীয়া :- মহাপুৰুষ শংকৰদেৱে ধকধকীয়া বগা কাপোৰ পিন্ধিছিল।

৯। চাৰিততোলা প্ৰথাৰ বিষয়ে শিক্ষকৰ সহায়ত জানি থোৱা ৷

উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়ান হোৱাৰ পাছত মাধৱদেৱে আদি কৰি শিষ্য প্রশিষ্য সকলে গুৰু জনাৰ অভাৱ বৰকৈ অনুভৱ কৰিছিল । তেতিয়া প্ৰতিদিনে সত্ৰত গু জনাৰ জীৱনৰ এটা অংশ কৈ যোৱা আৰম্ভ কৰিছিল। প্ৰত্যেক দিনাই ধাৰাবাহিক ভাবে জীৱনৰ এটা অংশ কৈ যোৱা প্ৰথাটোকে চৰিত-তোল প্ৰথা বুলি কোৱা হয়।

১০। অভিধান চাই অর্থ লিখাঃ (শিক্ষকৰ সহায় ল’বা) 

ছৱা, পতিলা, কুহলিএ, অঞ্জন, মঞ্জৰি, বিশ্ৰুতি, তোম্ৰা ।

উত্তৰ:-

(ক) চৱা – ছোৱালী।

(খ) পতিলা – চৌকা।

(গ) কুহলি – কৱলী।

ঘ) অঞ্জন – কাজল।

(ঙ) মঞ্জৰি – ফুলৰ ঠাৰি।

(চ) বিশ্রুতি – বিচুৰ্ত্তি।

(ছ) তোম্ৰা – তোমালোক।

Leave a Comment