If you are searching for AJB Class 8 Assamese Lesson 14 Question Answer, you are in the right place. This article provides complete and easy solutions of Lesson 14 “পুৰণি অসমৰ চিত্ৰকলা” from the Assam Jatiya Bidyalay (AJB) Class 8 Assamese textbook. Students looking for Assam Jatiya Bidyalay Class 8 Assamese Lesson 14 Question Answer, AJB Class 8 Assamese Chapter 14 Solutions, or অসম জাতীয় বিদ্যালয় অষ্টম শ্ৰেণী অসমীয়া পাঠ ১৪ প্ৰশ্নোত্তৰ will find this article very helpful.
Contents of AJB Class 8 Assamese Lesson 14 Question Answer
This section provides a clear overview of all the topics included in Lesson 14 “পুৰণি অসমৰ চিত্ৰকলা” of AJB Class 8 Assamese. The complete questions and answers of AJB Class 8 Assamese Lesson 14 are provided below.
পুৰণি অসমৰ চিত্ৰকলা
১। একোটিকৈ বাক্যত উত্তৰ লিখাঃ
ক) চিত্ৰকলাৰ ভাগবোৰ কি কি?
উত্তৰঃ চিত্ৰকলাৰ ভাগবোৰ হ’ল স্থিৰ চিত্র, নৈসর্গিক চিত্র, প্রতিকৃত ইত্যাদি।
খ) ‘হর্ষচৰিত’ কোনে ৰচনা কৰিছিল?
উত্তৰঃ ‘হর্ষচৰিত’ বাণভট্ৰই ৰচনা কৰিছিল।
গ) শ্ৰী মন্ত শংকৰদেৱে সাত বৈকুণ্ঠৰ পট কিয় আঁকিছিল?
উত্তৰঃ শ্ৰী মন্ত শংকৰদেৱে চিহ্নযাত্ৰা ভাওনাৰ বাবে সাত বৈকুণ্ঠৰ পট আঁকিছিল।
গ) পুথিচিত্র মানে কি ?
উত্তৰঃ পুথিচিত্ৰ বুলিলে সাধাৰণতে পুথিত অর্থাৎ কিতাপত অঁকা চিত্রকে চিত্রকেই বুজা যায়।
ঙ) পুৰণি অসমৰ চিত্ৰকৰসকলে বেছিভাগ চিত্ৰ ক’ত আঁকিছিল?
উত্তৰঃ পুৰণি অসমৰ চিত্ৰকৰসকলে বেছিভাগ চিত্র সাঁচিপাতত আঁকিছিল।
চ) চিহ্নযাত্রা কি?
উত্তৰঃ চিহ্নযাত্ৰা হৈছে শ্ৰী মন্ত শংকৰদেৱৰ ৰচিত প্ৰথমখন নাট। ই সংলাপবিহীন আছিল।
ছ) খাওন্দ আৰু বৈৰাগীসকলে কোন ৰাজসভাৰ পৰা চিত্রশিল্পী অসমলৈ অনাইছিল?
উত্তৰঃ খাওন্দ আৰু বৈৰাগীসকলে মোগল ৰাজপুতনাৰ ৰাজসভাৰ পৰা চিত্রশিল্পী অসমলৈ অনাইছিল।
জ) অসমৰ ধৰ্মীয় চিত্রকলা কাৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা চিত্ৰকলা?
উত্তৰঃ অসমৰ ধৰ্মীয় চিত্ৰকলা সত্ৰসমূহৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা চিত্রকলা।
২। চমু উত্তৰ লিখাঃ
ক) শংকৰদেৱৰ হাতত চিত্ৰকলাই কেনেদৰে বিকাশ লাভ কৰিছিল?
উত্তৰঃ মহা পুৰুষ শ্ৰী মন্ত শংকৰদেৱ এজন সুনিপুন চিত্রশিল্পী আছিল। তেওঁৰ দিনতে অসমৰ চিত্ৰকলাই এটা স্বকীয়ৰূপ পৰিগ্ৰহ কৰিছিল। ‘চিহ্নিযাত্ৰা’ ভাওনাৰ বাবে সাত বৈকুণ্ঠৰ এখন সুবৃহৎ পট আঁকিছিল। সেই যুগতে অসমৰ চিত্ৰকৰসকলে পুথিচিত্ৰৰ ধাৰা নতুন ৰূপত প্ৰতিষ্ঠা কৰিলে। তেওঁ প্ৰতিষ্ঠা কৰা সূত্ৰসমূহত এই ধাৰা অতি সমৃদ্ধিশালী ৰূপত প্ৰবাহিত হৈছিল।
খ) ধর্মীয় চিত্রকলাসমূহৰ প্ৰধান বিষয় আৰু উদ্দেশ্য কি আছিল?
উত্তৰঃ অসমৰ ধর্মীয় চিত্রকলা সত্ৰসমূহৰ নিজা সৃষ্টি। এই ধাৰাৰ চিত্ৰ সত্ৰসমূহত চৰ্চিত হৈছিল আৰু সত্ৰৰ পৃষ্ঠপোষকতাতে পোনপটীয়াকৈ গঢ়ি উঠিছিল। জনসাধাৰণক ধৰ্ম আৰু নৈতিক শিক্ষা দিয়াই এই চিত্ৰকলাৰ ঘাই বিষয় আছিল। দৰ্শকৰ মনত কলানুভূতি জগাই তোলা ধর্মীয় পুথি চিত্ৰসমূহৰ উদ্দেশ্য নাছিল। এই প্রাচীন চিত্রশৈলীত পাল চিত্রশৈলীৰ প্ৰভাৱ আছিল। ধর্মীয় চিত্রকলা আছিল অনাড়ম্বৰ আৰু সহজ-সৰল। কাঠৰ সিংহাসন, দোলা, খাটোলা, কৰণি, পেৰা, বৰপেৰা আদিৰ চিত্ৰত এই ধাৰাৰ চিত্ৰশৈলী ব্যৱহাৰ হৈছিল। সৰল বলিষ্ঠ ৰেখাৰ ব্যৱহাৰ, ডাঠ ৰঙৰ প্রয়োগ, একাষৰীয়াকৈ আঁকা মুখ, বহাৰ ভংগী, অস্বাভাৱিক গছ-লতাৰ অংকন এই চিত্ৰধাৰাৰ বৈশিষ্ট্য। অসমৰ ধৰ্মীয় চিত্রকলা লোককলাৰ অন্তৰ্গত হোৱাৰ কাৰণে এই ধাৰাৰ চিত্ৰকলাই জনসাধাৰণৰ মন সহজে আকৰ্ষণ কৰিব পাৰিছিল। এই ধাৰাৰ সকলো ছবিৰ গঢ় চেপেটা। ইয়াত ক’তো মানুহৰ প্ৰতিকৃতি অংকনৰ চেষ্টা দেখা নাযায়। চিত্ৰবোৰৰ মাজত চিত্ৰকৰৰ শিশুসুলভ সৰলতা ফুটি উঠা দেখা যায়। তেজীৰঙা, নীলা, বগা, সেউজীয়া, ক’লা আৰু ইটাগুৰীয়া ৰং ইয়াৰ মুখ্য ৰং আছিল।
গ) অসমতো যে চিত্ৰকলাৰ এটা পৰম্পৰা প্ৰচলিত হৈ আছিল সেই কথা ক’ৰ পৰা অনুমান কৰিব পাৰি?
উত্তৰঃ অসমৰ চিত্ৰকলা এটা পৰম্পৰা প্ৰচলিত হৈ থকা কথাটো পুথিচিত্ৰৰ পৰা অনুমান কৰিব পাৰি ।
ঘ) অসমৰ চিত্ৰশিল্পৰ লগত বাহিৰৰ ৰাজ্যৰ কি কি শৈলীৰ সম্বন্ধ আছে? এই চিত্রশৈলী অসমলৈ কোনে আৰু কেতিয়া আমদানি কৰিছিল?
উত্তৰঃ মোগল আৰু ৰাজপুত চিত্রশৈলীৰ লগত অসমৰ চিত্ৰশিল্পৰ সম্বন্ধ ঘটে। অসমৰ চিত্ৰকলাৰ উন্নতিত সেই ঠাইৰ শিল্পকলা অসমলৈ অনাৰ কাৰণে খাওন্দ আৰু বৈৰাগী নামৰ এই দুই বিষয়াই অৰিহণা যোগাইছিল। এই বিষয়াসকলে মোগল ৰাজপুতনাৰ ৰাজসভাৰ পৰা চিত্রশিল্পী অসমলৈ অনাইছিল। এওঁলোকৰ প্ৰভাৱ অসমৰ ৰজাঘৰীয়া পুথি চিত্ৰত দেখিবলৈ পোৱা যায়৷ ইয়াৰ ফলত ৰজাঘৰীয়া চিত্রকলা অসমৰ ধৰ্মীয় পুথিৰ চিত্ৰকলাতকৈ পৃথক হৈ পৰিল। ইয়াৰ পিছৰপৰাই অসমৰ পুথি চিত্রকলা দুই ভাগত বিভক্ত হৈ পৰিছিল ৰজাঘৰীয়া ধৰ্মনিৰপেক্ষ চিত্ৰকলা আৰু ধর্মীয় চিত্রকলা। –
ঙ) লতাবছা পুথি বুলিলে কি বুজা? লতাবছা পুথিৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ পুথিত পাতখিলাৰ চাৰিওকাষে লতাফুল আঁকা হয়, সেইবোৰ পুথিক ‘লতাবছা’ পুথি বুলি কোৱা হয়। লতাবছা পুথিৰ দুটা উদাহৰণ হৈছে – ‘ভক্তি ৰত্নাৱলী’ আৰু ‘ৰাধাহৰণ’।
চ) ৰজাঘৰীয়া চিত্ৰকলাৰ কেইটিমান নিদর্শন দিয়া।
উত্তৰঃ ৰজাঘৰীয়া চিত্ৰকলাৰ কেইটিমান নিদর্শন ‘গীতগোবিন্দ’, ‘হস্তীবিদয়াৰ্ণৱ’, ‘দৰং ৰাজবংশাৱলী’, ‘শঙ্খচূড় বধ’, ‘কুমৰ হৰণ’, ‘আনন্দলহৰী’, আদি।
৩। ক) চিত্রকলা মানে কি বুজাই লিখা।
উত্তৰঃ চিত্রকলা হ’ল ৰং – ৰেখা আৰু ছাঁ-পোহৰৰ খেল। ৰং-ৰেখা আৰু ছাঁ-পোহৰৰ খেলৰ সমন্বয়ত যেতিয়া পেঞ্চিল, তুলিকা আদিৰে পটত বোলাই আৰু বিভিন্ন দৃশ্য বা বস্তু অংকন কৰা হয়, তেতিয়াই একোখন চিত্ৰৰ সৃষ্টি হয়। মানুহ সৌন্দৰ্য্যপিয়াসী জীৱ। এই সৌন্দৰ্য্যপিয়াসী মানুহে অতীজৰে পৰাই মানুহক চিত্ৰকলাৰ জগতলৈ আকৰ্ষণ কৰি আহিছে। সেয়েহে, কলাজগতৰ মূল আধাৰই হৈছে সৌন্দৰ্য্য। স্থিৰচিত্ৰ, নৈসর্গিক চিত্র, প্রতিকৃতি আদি চিত্ৰকলাৰ ভিন ভিন ভাগ। সেইদৰে ৰং, ৰেখা, ছাঁ, পোহৰ আদি চিত্ৰকলাৰ অপৰিহাৰ্য্য উপাদান। ইতিহাস হ’ল এক সপাচীন ইতিহাস।
খ) পুৰণি অসমৰ চিত্ৰকলাৰ প্ৰধান উৎসবোৰ কি কি?
উত্তৰঃপুৰণি অসমৰ চিত্ৰকলাৰ প্ৰধান উৎসবোৰ হ’ল-তামৰ ফলি,শিলালিপি,অসমৰ ৰচিত ধৰ্ম সংস্কৃত গ্ৰন্থ, বিদেশীৰ ভ্ৰমন কাৰীৰ টোকা ইত্যাদি।
৪) চমু টোকা লিখা
ক) ধর্মীয় চিত্রকলাঃ অসমৰ ধৰ্মীয় চিত্ৰকলা সত্ৰসমূহৰ সৃষ্টি। এই ধাৰাৰ চিত্ৰ সত্ৰৰ পৃষ্ঠপোষকতাত পোনপটীয়াকৈ গঢ়ি উঠিছিল। জনসাধাৰণক ধৰ্ম আৰু নৈতিক শিক্ষা দিয়াই এই চিত্ৰকলাৰ ঘাই বিষয় আছিল। এই প্রাচীন চিত্রশৈলীত পাল চিত্রশৈলীৰ প্ৰভাৱ আছিল। ধর্মীয় চিত্রকলা আছিল অনাড়ম্বৰ আৰু সহজ-সৰল। কাঠৰ সিংহাসন, দোলা, খাটোলা, কৰণি, পেৰা, বৰপেৰা আদিৰ চিত্ৰত এই ধাৰাৰ চিত্ৰশৈলী ব্যৱহাৰ হৈছিল। সৰল বলিষ্ঠ ৰেখাৰ ব্যৱহাৰ, ডাঠ ৰঙৰ প্ৰয়োগ, একাষৰীয়াকৈ আঁকা মুখ, বহাৰ ভংগী, অস্বাভাৱিক গছ-লতাৰ অংকন এই চিত্ৰধাৰাৰ বৈশিষ্ট্য। অসমৰ ধৰ্মীয় চিত্রকলা লোককলাৰ অন্তৰ্গত হোৱাৰ কাৰণে এই ধাৰাৰ চিত্রকলাই জনসাধাৰণৰ মন সহজে আকৰ্ষণ কৰিব পাৰিছিল। এই ধাৰাৰ সকলো ছবিৰ গঢ় চেপেটা। ইয়াত ক’তো মানুহৰ প্ৰতিকৃতি অংকনৰ চেষ্টা দেখা নাযায়। চিত্ৰবোৰৰ মাজত চিত্ৰকৰৰ শিশুসুলভ সৰলতা ফুটি উঠা দেখা যায়। তেজীৰঙা, নীলা, বগা, সেউজীয়া, ক’লা আৰু ইটাগুৰীয়া ৰং ইয়াৰ মুখ্য ৰং আছিল।
খ) সাঁচিপাতঃ সাচি এবিধ মূল্যবান গছ।মহাপুৰুষ শংকৰদেৱে এই সাঁচিগছৰ বাকলিত লিখিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত কাগুৰ কাম কৰিছিল এই সাঁচিগছৰ বাকলিয়ে।পুৰণি অসমৰ চিত্ৰকৰ সকলে বেছিভাগ চিত্র সাংচিপাতত আঁকিছিল। ছবি অঙ্কনৰ বাবে সাঁচিপাত অকল অসমতে ব্যৱহাৰ হৈছিল।
গ) চিহ্নযাত্রাঃ মহাপুৰুষ মাধৱদেৱৰ প্ৰথম ৰচিত অংকীয়া নাট হল চিহ্নযাত্রা। এই চিহ্নযাত্ৰা ভাওনাৰ বাবে সাত বৈকুণ্ঠৰ এখন বৃক্ষ পট তেওঁ নিজে আঁকিছিল। কিন্তু পিছলৈ ভাওনা কৰা কঠিন হব বুলি এই নাটখন তেওঁ নষ্ট কৰি পেলাইছিল।
ঘ) ৰজাঘৰীয়া চিত্রকলাঃ ৰজাঘৰীয়া চিত্ৰকলা ধৰ্মীয় চিত্রকলাতকৈ পৃথক। ৰজাঘৰীয়া চিত্ৰকলাই ৰজা, ৰাজকোৱৰৰ উপৰিও ৰজাৰ কুঁৱৰীসকলৰো পৃষ্ঠপোষকতা লাভ কৰিছিল। এই শ্ৰেণীৰ চিত্ৰকলাৰ নিদৰ্শন ‘হস্তীবিদ্যাৰ্ণৱ’, ‘গীতগোবিন্দ’, দৰং ৰাজবংশাৱলী, শংখচূড় বধ কুমৰ হৰণ, আনন্দলহৰী আদি পুথি। এই ধাৰাৰ চিত্ৰকলাত কাব্য, আখ্যান, বুৰঞ্জী, বিজ্ঞান আদিৰ পুথি চিত্ৰিত হৈছিল। ৰজাঘৰীয়া পুথিচিত্ৰত দৰ্শকৰ মনত কলানুভূতি জগাই তোলাৰ চেষ্টা দেখা গৈছিল। ৰজা-ৰাণীৰ প্ৰতিকৃতি অংকন ৰজাঘৰীয়া চিত্ৰকলাৰ এটা লক্ষ্যণীয় দিশ আছিল। এই ধাৰাৰ অংকনৰীতি বাস্তৱধৰ্মী, অংকন অতি সূক্ষ্ম আৰু অতুলনীয় আছিল। সাধাৰণতে উজ্জ্বল ৰঙা, ৰঙা, ক’লা, হালধীয়া, নীলা, ইটাগুৰীয়া ৰঙৰ উপৰিও গুলপীয়া, আকাশী নীলা, পাতল সেউজীয়া ৰঙৰো ব্যৱহাৰ ৰজাঘৰীয়া পুথিচিত্ৰত কৰা হৈছিল৷
ঙ) হস্তীবিদ্যাৰ্ণৱঃ অসমীয়া হাতেলিখা সচিত্ৰ পুথিৰ ভিতৰত হস্তীবিদয়াৰ্ণৱ পুথিখনেই শ্রেষ্ঠ। এই পুথিখন অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে ১৬৫৬ শকত অর্থাৎ ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰে। এই পুথিৰ বিষয়বস্তু হৈছে বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্ম্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিৰ্ব্বন্ধ, হাতীদাঁতৰ মূল্য, যাত্ৰা কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অ্য ৰজাৰ লগত অপ্রীতিবদ্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতী শিকোৱাৰ নিৰ্বন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বৰ্ম্ম হোৱাৰ মন্ত্ৰ৷
চ) লোককলাঃ লোককলাত অন্তৰ্ভুক্ত থাকে থলুৱা সংস্কৃতি বা কৃষক বা অন্যান্য শ্ৰমিক পৰম্পৰাৰ পৰা সৃষ্টি কৰা কলা। সূক্ষ্ম কলাৰ বিপৰীতে, লোককলা মুখ্যতঃ নান্দনিকতাৰ সলনি উপযোগিতাবাদী আৰু আলংকাৰিক।
ছ) চিত্র ভাগৱতঃ চিত্ৰ ভাগৱত হৈছে ভগৱান কৃষ্ণৰ শৈশৱ আৰু যৌৱনৰ এক চিত্ৰবৰ্ণনা, যাক মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱে জৈৱিক ৰং ব্যৱহাৰ কৰি হাতেৰে আঁকিছিল।
৫। ৰজাঘৰীয়া চিত্ৰকলা আৰু ধৰ্মীয় চিত্ৰকলাৰ এটি তুলনামূলক আলচ যুগুত কৰা ।
উত্তৰঃ ৰজাঘৰীয়া চিত্ৰকলা ধৰ্ম নিৰপেক্ষ আছিল। কিন্ত ধর্মীয় চিত্রকলা ধৰ্ম নিৰপেক্ষ নাছিল। প্ৰতিকৃতি অঙ্কনত ৰজাঘৰীয়া চিত্ৰকলাত যেনেদৰে ব্যৱহাৰ কৰিছিল। ধর্মীয় চিত্ৰকলাত সেইদৰে ৰ ব্যৱসাৰ কৰা লাছিল। ৰজাঘৰীয়া চিত্ৰকলাত প্রধান উদ্দেশ্য আছিল মনত আনন্দ প্রদান কৰা কিন্তু ধর্মীয় চিত্রকলাৰ প্ৰধান উদ্দেশ্ব আছিল জনসাধাৰণক নৈতিক শিক্ষা দিয়া।
৬। ‘পুৰণি অসমৰ চিত্ৰকলা’ এই শীৰ্ষক এখনি ৰচনা লিখা।
৭। ব্যাখ্যা কৰাঃ
ক ) ৰজাঘৰীয়া চিত্ৰকলাৰ অংকনৰীতি বাস্তৱধৰ্মী, অংকন অতি সুক্ষ্ম আৰু অতুলনীয় আছিল ।
উত্তৰঃ এই কথাষাৰি আমাৰ পাঠ্যপুথি “আপোন পাঠ”ৰ অপৰাজিতা বৰাই ৰচনা কৰা পুৰণি অসমৰ চিত্ৰকলা’ নামৰ প্ৰবন্ধৰ পৰা তুলি দিয়া হৈছে।
ইয়াত লেখকে ৰজাঘৰীয়া চিত্ৰকলাৰ অংকন পদ্ধতিৰ বিষয়ে উল্লেখ কৰিছে।
বাখ্যা :- অসমত আহোম ৰজা সকলৰ দিনত ৰজাঘৰীয়া চিত্ৰকলা অংকন কৰিছিল। ৰজাৰ নাইবা ৰাজকোঁৱৰ আৰু ৰজা কুঁৱৰীসকলো পৃষ্ঠপোষকতা লাভ কৰি চিত্ৰকৰসকলে চিত্রকলা ৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাব পাৰিছিল। চিত্ৰকৰ সকলে কাব্য, আখ্যান, বুৰঞ্জী, বিজ্ঞান আদিৰ পুথি চিহ্নিত কৰি দৰ্শকৰ মনত কলা নুভূতি জগাই তুলিবলৈ চেষ্টা কৰিছিল। বিশেষকৈ ৰজা- ৰাণীৰ প্ৰতিকৃতি অংকন কৰিছিল অতি সূক্ষ্ম আৰু বাস্তৱধৰ্মীকৈ । উজ্জ্বল ৰঙা, ৰঙা কলা, হালধীয়া, কলা, নীলা, ইটাগুৰিয়া, গুলপীয়া, আকাশী নীলা, আদি ৰং ব্যৱহাৰ কৰি পুথিচিত্ৰ ইমান সুন্দৰকৈ অংকন কৰিছিল যে ইয়াক কাৰো লগত তুলনা কৰিব পৰা নগৈছিল। অসমৰ ৰজাঘৰীয়া চিত্ৰকলাৰ সুন্দৰ বৰ্ণময় ইতিহাস আজিও দর্শকক আপ্লুত কৰে।
খ) চিত্রকলা হ’ল ৰেখা, ৰং, ছা পোহৰৰ খেল
উত্তৰঃ এই কথাষাৰি আমাৰ পাঠ্যপুথি “আপোন পাঠ”ৰ অপৰাজিতা বৰাই ৰচনা কৰা পুৰণি অসমৰ চিত্ৰকলা’ নামৰ প্ৰবন্ধৰ পৰা তুলি দিয়া হৈছে।
ইয়াত লেখকে চিত্রকলা কি বস্তু সেই বিষয়ে উল্লেখ কৰিব খুজিছে।
চিত্রকলা বা ছবি চিত্ৰকৰসকলে ৰং আৰু ৰেখাৰ সহায়ত অংকন কৰে। তুলিকা বা লেখনিৰে সহায়ত তুলনাপাতত ৰঙেৰে বুলাই অতি সুন্দৰ জীৱন্ত ছবি চিত্ৰকৰে আঁকি উলিয়াব পাৰে । চিত্ৰ অংকন সম্বন্ধে যাৰ অভিজ্ঞতা আছে আৰু হাতত তুলিকালৈ ছবি আঁকিব পাৰে তেওঁলোকে অনায়াসে ৰং আৰু ৰেখাৰ সহায়ত লগতে ছাঁ- পোহৰৰ সম্বন্ধয় দৰ্শকৰ আগত মনৰ ভাৱ ফুটাই তুলি অতি সুন্দৰ দৃশ্যপট দাঙি ধৰিব পাৰে । চিত্ৰকৰৰ । মনত ই এটা সাধাৰণ খেল ৷ মানুহে সুন্দৰৰ আৰাধনা কৰে। চিত্ৰকলাৰ জৰিয়তে সেই সৌন্দৰ্য সৰ্বসাধাৰণ মানুহৰ আগত দাঙি ধৰে।ৰ ৰেখা আৰু চা-পোহৰৰ জৰিয়তে চিত্ৰকৰে স্থিৰ চিত্র,নৈসর্গিক চিত্র, প্রাকৃতিক আদি অংকন কৰি সর্ব সাধাৰণ মানুহক আচৰিত কৰি দিব পাৰে ।
গ) ধৰ্মীয় চিত্ৰকলা ৰজাঘৰীয়া চিত্ৰকলাতকৈ অনাড়ম্বৰ
উত্তৰঃ এই কথাষাৰ আমাৰ পাঠ্যপুথি “আপোন পাঠ’ৰ অপৰাজিতা বৰাই ৰচনা কৰা ” পুৰণি অসমৰ চিত্ৰকলা” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।
ইয়াত ধৰ্মীয় চিত্রকলা আৰু ৰজাঘৰীয়া চিত্ৰকলাৰ মাজত থকা পাৰ্থক্যৰ কথা উল্লেখ কৰিছে।
বৈষ্ণৱ যুগৰ ধৰ্মীয় চিত্রকলা সত্ৰসমূহত সৃষ্টি হৈছিল। ধর্মীয় চিত্রকলা সমূহৰ মূল উদ্দেশ্য আছিল ই জনসাধাৰণক নৈতিক শিক্ষা প্ৰদান কৰা। সেইবাবে অনাড়ম্বৰ ভাবে এই চিত্ৰসমূহ সহজ সৰলকৈ অংকন কৰিছিল। ধর্মীয় চিত্রকলা লোক কলাৰ অন্তৰ্গত আছিল। সেইবাবে জনসাধাৰণক সহজে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আনহাতে ধৰ্মীয় চিত্ৰকলাৰ বিপৰীতে ৰজাঘৰীয়া চিত্ৰকলা আছিল অতি আৰম্ভৰপূৰ্ণ আৰু যাক- যমক এই চিত্রকলাই দৰ্শকৰ মনত কলানুভূতি জগাই তুলিবলৈ চেষ্টা কৰিছিল। ৰজা, ৰাজ কোঁৱৰ, নাইবা ৰাজ কোঁৱৰীসকলৰ পৃষ্ঠপোষকতা ৰজাঘৰীয়া চিত্ৰকলা অংকিত হোৱা বাবে এই চিত্রকলাই যাক-যমকভাৱে কংকিত হৈছিল। ৰাজ ভঁৰালৰ পৰা চিত্ৰকৰসকলে অভাৱ নোহোৱাকৈ ধন খৰছ কৰিছিল সেয়ে এই চিত্রকলা আছিল আড়ম্বৰপূৰ্ণ, আনহাতে ধর্মীয় চিত্ৰকলাৰ উদ্দেশ্য আৰু ধনৰ উৎস সীমিত আছিল বাবে এই চিত্রকলা আছিল অনাড়ম্বৰ।
ঘ) ধর্মীয় চিত্রকলাসমূহ আছিল ৰজাঘৰীয়া চিত্ৰকলাতকৈ পৃথক ‘ ধর্মীয় চিত্রকলাসমুহ ৰজাঘৰীয়া চিত্ৰকলাতকৈ কি কি ক্ষেত্ৰত পৃথক আছিল? ধর্মীয় চিত্ৰকলাৰ নিদৰ্শন কত কত দেখিবলৈ পোৱা যায় লিখা ।
উত্তৰ: ______________
৯। বিপৰীত অর্থবোধক শব্দ লিখা ।
ডাঠ – পাতল।
ওচৰ- দূৰৰ।
উজ্জ্বল – অনুজ্জ্বল।
ওখ- চাপৰ।
ছাঁ – পোহৰ।
১০। প্রাচীন অসমৰ চিত্ৰকলাত ব্যৱহৃত বিভিন্ন সামগ্ৰীসমূহৰ এখন তালিকা প্রস্তুত কৰা ।
উত্তৰঃ প্রচীন অসমৰ চিত্ৰকলাত ব্যৱহিত বিভিন্ন ৰং,ছবি আঁকাৰ সাঁচিপাত, তুলিকা বা লেখনি।শিল্পীসকলে লোচন ৰঙা ৰং পাবলৈ,জৰথৰ গুটি বা ৰংগন মাটি, ইটা গুৰিয়া ৰং পাবলৈ, নীল বা ৰস গথৰ পাত, নীলা ৰং পাবলৈ, খৰিমাটি বগা ৰঙৰ বাবে, হাইতাল হালধীয়া ৰঙৰ কাজল, শিলিখা ধেতুৰা কলা ৰঙৰ বাবে আৰু সোণৰ গুৰি সোণাৱালি ৰং পাৱলৈ ব্যৱহাৰ কৰিছিল।
১১। অভিধান চাই অর্থ লিখাঃ
তুলিকাঃ চিত্ৰকৰে ছবি অঁকা সঁজুলি।
সুনিপুণঃ সুদক্ষ, পটু।
বৰ্ণিলঃ বর্ণময়।
সামঞ্জস্যঃ সমন্বয় সাধন।
অনাড়ম্বৰঃ সৰল।
সুদক্ষঃ অতিশয় নিপুণ, পাৰ্গত।
পৃষ্ঠপোষকতাঃ গুৰি ধৰা ৷
মড়লঃ বিয়াত পানী তোলা ঘট থ’বৰ বাবে বিবিধ বৰণীয়া গুড়িৰে সজা চক্ৰা