If you are searching for AJB Class 8 Assamese Lesson 13 Question Answer, you are in the right place. This article provides complete and easy solutions of Lesson 13 “তেজীমলা” from the Assam Jatiya Bidyalay (AJB) Class 8 Assamese textbook. Students looking for Assam Jatiya Bidyalay Class 8 Assamese Lesson 13 Question Answer, AJB Class 8 Assamese Chapter 13 Solutions, or অসম জাতীয় বিদ্যালয় অষ্টম শ্ৰেণী অসমীয়া পাঠ ১৩ প্ৰশ্নোত্তৰ will find this article very helpful.
Contents of AJB Class 8 Assamese Lesson 13 Question Answer
This section provides a clear overview of all the topics included in Lesson 13 “তেজীমলা” of AJB Class 8 Assamese. The complete questions and answers of AJB Class 8 Assamese Lesson 13 are provided below.
তেজীমলা
১ | একোটিকৈ বাক্যত উত্তৰ লিখাঃ
ক) তেজীমলাক কোনে টোপনিৰ পৰা উঠা বুলি কৈছে?
উত্তৰঃ পুঁৱাৰ মলয়াই তেজীমলাক টোপনিৰ পৰা উঠা বুলি কৈছিল।
খ) তেজীমলাই মাতিলে কি আহি হাতত পৰিছিল?
উত্তৰঃ তেজীমলাই মাতিলে পাৰযুৰি আহি হাতত পৰিছিল।
গ) মানুহৰ চোতালত কি ফুটিলে বুলি কবিয়ে কৈছে?
উত্তৰঃ মানুহৰ চোতালত মধুৰী ফুটিলে বুলি কবিয়ে কৈছে।
ঘ) তেজীমলাই কি হৈ মানুহৰ পৰা দূৰৈত শিপাই ৰৈছে?
উত্তৰঃ তেজীমলাই পাৰিজাত হৈ মানুহৰ পৰা দূৰৈত শিপাই ৰৈছে।
ঙ) ‘তেজীমলা’ সাধুটো কাৰ ৰচনা?
উত্তৰঃ তেজীমলা সাধুটোৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা।
২। কবিতাটোৰ মূলভাব লিখা।
উত্তৰঃ জোনাকী যুগৰ ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ “তেজীমলা” নামৰ কবিতাটোৰ জড়িয়তে মানুহ আৰু প্ৰকৃতিৰ মাজত থকা অনুভূতি পাৰ্থক্য অতি সুন্দৰ ৰূপত তুলি ধৰিছে। মাহীমাকৰ অত্যাচাৰত মানুহৰ ছোৱালী তেজীমলাই পানীত পাৰিজাত ফুল হৈ থাকিব লগা হৈছিল। সেই সময়ত তেজীমলাক প্রকৃতিয়ে অতি সুন্দৰকৈ লালীত-পালিত কৰিছিল। ৰাতিপুৱাৰ মলয়া বতাহে তেজীমলাক জগাই দিছিল। তেজীমলাৰ পোহনীয়া পাৰ চৰাই জুৰি, হৰিণা পোৱালি, শৰালী পোৱালি, মৰমৰ সখীয়েক এই সকলোৰে পৰা মাহীমাকে আঁতৰ কৰি দিছিল। কবিয়ে সন্দেহ কৰিছে এইবোৰক জানো তেজীমলাই আকৌ লগ পাব। সেয়ে প্ৰকৃতিৰ বুকুতে তেজীমলাই ধুমুহা-বতাহে অপকাৰ কৰিব নোৱাৰাকৈ দকৈ শিপাই লৈ প্ৰকৃতিকে বিশ্বাস কৰি পাৰিজাত ফুল হৈ ফুলি আছিল। কিন্তু এদিন তেজীমলাই দূৰৈত সাউডৰ নাও দেখা পাই মন চঞ্চল কৰিছিল। কিন্তু মানুহৰ মৰমৰ মাজত যে স্বাৰ্থ লুকাই আছে সেই কথা অনুভৱ কৰি পাৰিজাতৰূপী তেজীমলাই মানুহে ফুলৰ আদৰ নাজানে বুলি কৈ নাৱৰীয়াই লগত যাবলৈ অস্বীকাৰ কৰিছিল।
৩। প্রসংগ সংগতি দৰ্খাই বাখ্যা কৰা।
(ক) মৰমৰ পানী নোহোৱা ঠাইত
কেনেকৈ বিশ্বাস হয়।
সেয়ে তেজীমলা দুৰতে শিপাই
পাৰিজাত হৈ ৰয়।
উত্তৰঃ প্ৰসংগ :- উদ্ধৃত কবিতা ফাকি আমাৰ পাঠ্যপুথি “আপোন পাঠ’ৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা “তেজীমলা” নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।
সংগতি :- ইয়াত কবিয়ে মাহীমাকৰ অত্যাচাৰত মানুহৰ প্ৰতি বিশ্বাস নাইকীয়া হৈ যোৱা তেজীমলা বিষয়ে এইদৰে কৈছে।
রাখ্যা :- তেজীমলাক মাহীমাকে ইমানেই বেয়া পাইছিল যে দেউতাকৰ অৱৰ্তমানত তেজীমলাৰ নিচিনা এজনী সহজ-সৰল ছোৱালীক মাহীমাকে মাৰি পেলাবলৈ চেষ্টা কৰিছিল। মাহীমাকৰ অন্তৰত তেজীমলাৰ প্ৰতি অলপো মৰম নাছিল। ফলস্বৰূপে তেজীমলাক ধান বঢ়াবলৈ লগাই দি নিজে ঢেঁকী দি তেজীমলাৰ হাত- ভৰি মূৰ সকলোতে ঢেকীৰে খুন্দি তেজীমলাক মৃত প্রায় কৰিলে আৰু গাত পুতি থলে। তেজীমলাই বুজি পালে যে মাহীমাকে তাইক অকণো মৰম নকৰে। সুবিধা বুজি দেউতাকৰ চকুৰ আগৰ পৰা আঁতৰি কৰিবলৈ চেষ্টা চলাই আছে। গতিকে তেজীমলাই মানুহৰ মাজত পৰা আঁতৰি আহি প্ৰকৃতিৰ বুকুত আশ্ৰয় গ্ৰহণ কৰিছে। নদীৰ বুকুত পাৰিজাত ফুল হৈ থাকি প্ৰকৃতিৰ মৰমৰ মাজত আনন্দ লভিছে। যাতে ধুমুহা বতাহে উভালি দিব নোৱাৰে তাৰ বাবে নদীৰ তলৰ সৈতে শিপাই ভালদৰে খামুচি ধৰিছে। পুনৰ আকৌ তেজীমলাৰ মানুহৰ মাজলৈ উভতি যোৱাৰ অকণো ইচ্ছা নাই।
(খ) হাতো নেৰিবি ফুলো নিছিঙিবি
কৰে নাৱৰীয়া তই
মানুহে ফুলৰ কি জানে আদৰ
তেজীমলা হে মই
উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি “আপোন পাঠ’ ৰ চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা’ তেজীমলা” নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে।
সংগতি :- ইয়াত কবিয়ে তেজীমলা নদীত পাৰিজাত ফুল হৈ ফুলি থাকোতে তেতিয়া নাৱৰীয়া জনে ফুল চিঙিবলৈ হাত মেলিছিল তেতিয়া তেজীমলাই এই কথাখিনি কৈছিল।
ব্যাখ্যা :- তেজীমলাক ঘৰত মাহীমাকৰ সৈতে ৰাখি দেউতাক আৰু তেজীমলাৰ ভাবি স্বামী বাণিজ্য কৰিবলৈ নদীৰে বহু দূৰলৈ গৈছিল। মাহীমাকে, তেজীমলাক অকলে পাই তাইৰ মনৰ কামনা পূৰ্ণ কৰিবলৈ ঠিক কৰিছিল। তেজীমলা আছিল মাহীমাকৰ চকুৰ কটা দাঁতৰ শাল। কেনেকৈ তাইক চকুৰ আগৰ পৰা আঁতৰি কৰিব পাৰে সদায় সেই চিন্তাত মগ্ন আছিল। দেউতা নোহোৱা হোৱাত সেই সুযোগ ওলাল। ধান বন্ধাৰ বুদ্ধি কৰি তেজীমলাক মাৰি নদীত পেলাই দিলে আৰু তেজীমলা পাৰিজাত ফুল হৈ ফুলি থাকিল । যেতিয়া ফুলৰূপী তেজীমলাক নাৱৰীয়াই শিঙিবলৈ গৈছিল তেতিয়া মানুহৰ ওপৰত বিশ্বাস হেৰুৱাই তেজীমলাই নাৱৰীয়াক ফুল শিঙিবলৈ বাধা দিছিল। কাৰণ মানুহে ফুলৰ আদৰ নাজানে। ফুল ছিঙি আনি তাৰ হাতেৰে মোহাৰি পেলাই দিয়ে আৰু মানুহে গচকী ৰাস্তাত পেলাই থৈ যায়।
৪। ” সাৰি তুলি ছিঙি মোহাৰি পেলালে
মানুহৰ মৰমো নাই”
– কোনে কাক সাৰি তুলি ছিঙি মোহাৰি পেলালে বুলি করিয়ে কৈছে লিখা।
উত্তৰঃ তেজীমলাৰ মাহীমাকে তেজীমলাক সাৰি তুলি ছিঙি মোহাৰি পেলালে বুলি করিয়ে কৈছে।
৫। তেজীমলাক কোনে কেনেদৰে ৰাখিছিল কবিতাটোৰ সহায়ত লিখা।
উত্তৰঃ তেজীমলা এগৰাকী মাক নোহোৱা দুৰ্ভগীয়া ছোৱালী। দেউতাকে দ্বিতীয় বিবাহ কৰোৱাত তেজীমলাৰ মহীমাক আছিল আৰু মহীমাকে তাইক এনেদৰে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে যে তেজীমলাৰ শান্তি নোহোৱা হল। অৱশেষত দেউতাকৰ অনুপস্থিতত তেজীমলাক মাৰি সাৰি তুলি, ছিঙি মোহাৰি পানীত পেলাই দিলে। তাত তেজীমলাই এপাহী ধুনীয়া পাৰিজাত ফুল হৈ থাকিল আৰু প্ৰকৃতিৰ বুকুত থকা নানা বস্তু তেজীমলাক মৰমেৰে আৱৰি ৰাখিছিল। পানীত থকা পানীৰ লতা,পানীৰ চৰাই, পোৱাল পোক, সোণালী- ৰূপালী মাছ, মলয়া বতাহ আদি সকলোয়ে তেজীমলাৰ লগত উমলি জামলি মৰমেৰে আৱৰি ৰাখিছিল।
৬। সমার্থক শব্দ লিখা।
(ক) বেথা – কষ্ট।
(খ) বায়ু – পৱন।
(গ) বাতৰি – খবৰ।
(গ) সখী – মিত্র।
(ঘ) চকুলো – চকুপানী।
(ঙ) স্বপ্ন – সপোন। –
(চ) হাঁহি – হাস্য।
(ছ) ফুল – পুষ্প।
(জ) ভাও – অভিনয়।
৭। বিপৰীত শব্দ লিখা।
(ক) বিসর্জন – আৱাহন।
(খ) শকত – ক্ষীণ।
(গ) সন্ধিয়া – প্রভাত।
(ঘ) আশা – নিরাশা।
(ঙ) বিশ্বাস – অবিশ্বাস।
(চ) বন্দন – খোলা।
৮। চন্দ্ৰকুমাৰ আগৰৱালাক” প্ৰতিমাৰ খনিকৰ” বুলি কোৱা হয়। কিয় কোৱা হয় শিক্ষকক সুধি জানি লোৱা।
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম আছিল প্ৰতিমা। সেইকাৰণে তেখেতক “প্রতিমাৰ খনিকৰ” বুলি কোৱা হয়।
৯)বাক্য ৰচনা কৰাঃ
বুকুৰ কুটুমঃ মাকৰ বুকুৰ কুটুম ল’ৰাটোৰ মৃত্যুত মাক পাগলী হৈ গ’ল।
মাটিৰ মানুহঃ কৈলাস সচাকৈয়ে মাটিৰ মানুহ ।
বিধিৰ লিখনঃ বিধিৰ লিখন কোনেও খন্দাব নোৱাৰে।
বিনা মেঘে বজ্রপাতঃ মানুহ জন বিনা মেঘে বজ্ৰপাত হৈ ঢুকাল।
১০। তুমি জনা কিংবদন্তিমূলক কাহিনী বা সাধু কবিতাৰ ৰূপ দিবলৈ যত্ন কৰা
উত্তৰ: __________
১১। এটা শব্দত প্ৰকাশ কৰাঃ
ক) আকাশ চুব পৰা – আকাশচুম্বী ।
খ) একে মাকৰ সন্তান – সহোদৰ৷
গ) কাৰো নাম নধৰাকৈ পৰা গালি – গোৱালগালি।
ঘ) নাৱেৰে বেপাৰ কৰা বেপাৰী – সদাগৰ
ঙ) বেলি উঠাৰ আগৰ সময় – দোকমোকালি ।