AJB Class 8 Assamese Lesson 10 Question Answer

If you are searching for AJB Class 8 Assamese Lesson 10 Question Answer, you are in the right place. This article provides complete and easy solutions of Lesson 10 “ভোকেন্দ্ৰ বৰুৱা” from the Assam Jatiya Bidyalay (AJB) Class 8 Assamese textbook. Students looking for Assam Jatiya Bidyalay Class 8 Assamese Lesson 10 Question Answer, AJB Class 8 Assamese Chapter 10 Solutions, or অসম জাতীয় বিদ্যালয় অষ্টম শ্ৰেণী অসমীয়া পাঠ ১০ প্ৰশ্নোত্তৰ will find this article very helpful.

Contents of AJB Class 8 Assamese Lesson 10 Question Answer

This section provides a clear overview of all the topics included in Lesson 10 “ভোকেন্দ্ৰ বৰুৱা” of AJB Class 8 Assamese. The complete questions and answers of AJB Class 8 Assamese Lesson 10 are provided below.

১। চমু উত্তৰ লিখাঃ

(ক) ভোকেন্দ্ৰ বৰুৱাৰ আচল নাম কি?

উত্তৰঃ ভোকেন্দ্ৰ বৰুৱাৰ আচল নাম ভোকোন্দি।

(খ) ভোকেন্দ্ৰ বৰুৱাৰ দেউতাক কি বৃত্তিৰ সৈতে জড়িত আছিল?

উত্তৰঃ ভোকেন্দ্ৰ বৰুৱাৰ দেউতাক গুৱাল বৃত্তিৰ সৈতে জড়িত আছিল।

(গ) ভোকোন্দিয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ ক’লৈ গৈছিল?

উত্তৰঃ ভোকোন্দিয়ে উচ্চ শিক্ষা গ্রহণ কৰিবৰ বাবে কলিকতালৈ গৈছিল।

(ঘ) ভোকেন্দ্ৰ বৰুৱাই ভনীয়েকলৈ জন্মদিনৰ উপহাৰ হিচাপে কি পঠাইছিল?

উত্তৰঃ ভোকেন্দ্ৰ বৰুৱাই ভনীয়েকলৈ জন্মদিনৰ উপহাৰ হিচাপে ভ্ৰমৰিণী নামটো পঠাইছিল।

(ঙ) গল্পটোত উল্লেখ থকা ডাকোৱালজনৰ নাম কি?

উত্তৰঃ গল্পটোত উল্লেখ থকা ডাকোৱালজনৰ নাম হৈছে বগীৰাম ডাকবাবু

(চ) প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি?

উত্তৰঃ প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কন্যা।

(ছ) ভোকোন্দিয়ে নিজৰ মাক-দেউতাকক নতুনকৈ দিয়া নাম দুটা কি কি?

উত্তৰঃ ভোকোন্দিয়ে নিজৰ মাক-দেউতাকক নতুনকৈ দিয়া নাম দুটা হৈছে – ক্ৰমে যতিকেশ্বৰী আৰু গোন্ধেশ্বৰ

২। ভোকোন্দিয়ে নিজৰ নামটো সলাই ভোকেন্দ্ৰ বৰুৱা কৰাৰ কাৰণ কি?

উত্তৰঃ ভোকোন্দি নামটো হেনো বৰ অসভয় নাম। সেয়হে কলেজৰ ল’ৰাবিলাকে তাক জোকাবলৈ লৈছিল। সেয়েহে সি ভোকোন্দি নামটো সলাই ভোকেন্দ্ৰ বৰুৱা কৰিলে ৷

৩। ভোকোন্দিয়ে দেউতাকৰ ‘গুৱাল’ বৃত্তিটো এৰিবলৈ কিয় অনুৰোধ কৰিছিল?

উত্তৰঃ ভোকোন্দিৰ মতে গোৱালৰ বৃত্তিটো এটা লাজ লগা বৃত্তি। ভোকোন্দিৰ দেউতাক আগত যি আছিল আছিল, কিন্তু এতিয়া তেওঁ সেই বৃত্তি এৰি ভদ্ৰলোকৰ দৰে চলিব লাগিব। সেই ভাবিয়ে ভোকোন্দিয়ে দেউতাকক গুৱালৰ বৃত্তিটো এৰিবলৈ কৈছিল।

৪।ভোকোন্দিৰ চিঠিখন পাই মাক-দেউতাকৰ মনত কেনে প্ৰতিক্ৰিয়া হৈছিল বুজাই লিখা ।

উত্তৰঃ ভোকোন্দিৰ চিঠিখন পাই মাক-দেউতাকৰ আনন্দৰ সীমা হেৰাই গৈছিল। তেওঁলোক আছিল নিৰক্ষৰ লোক। চিঠিখন পঢ়াবলৈ তেওঁলোকে গাঁৱৰে বগীৰাম ডাকবাবু বোলা মানুহজনক লগ ধৰিছিল।

৫। ভোকোন্দিয়ে দেউতাকলৈ লিখা চিঠিখনৰ মূল কথাখিনি নিজৰ ভাষাৰে লিখা।

উত্তৰঃ ভোকোন্দিয়ে চিঠিখনত লিখিছিল যে তেওঁৰ সৰুতে ৰখা যি ভোকোন্দি নাম, সেইটো বৰ অসভ্য নাম। সেয়েহে তেওঁ ভোকোন্দি নাম সলাই ভোকেন্দ্ৰ কৰি লৈছে। আৰু তেওঁলোকৰ কোনো উপাধি নথকাটোও এটা বৰ লাজৰ কথা। সেয়েহে তেওঁ নিজ ইচ্ছা মতে বৰুৱা উপাধি লৈ তেওঁৰ নামটো ভোকেন্দ্ৰ বৰুৱা কৰি লৈছে। তেওঁৰ সেই নাম অনুযায়ী দেউতাককো গোন্ধাই নামৰ পৰিৱৰ্তে গোন্ধেশ্বৰ বৰুৱা কৰি ল’বলৈ ক’লে। আৰু ক’লে দেউতাকে যাতে তেওঁৰ সেই লাজ লগা গুৱালৰ বৃত্তিটো এৰি ভদ্ৰলোকৰ দৰে চলে। আৰু মাককো ক’লে যে তেওঁ যাতে আৰু ঘৰে ঘৰে ঢেং ঢেং কৰি নুফুৰে। তেওং এতিয়াৰ পৰা নিজৰ মান সভ্ৰম ৰাখি ফুৰিব লাগিব

৬। ভোকোন্দিয়ে দেউতাকক কিয় এখন ফটো তোলাৰ কথা কৈছিল? ফটো তোলাৰ খৰচ উলিয়াবৰ বাবে দেউতাকক কি উপদেশ দিছিল?

উত্তৰঃ ভোকোন্দিয়ে কৈছিল যে দউতাকৰ বিস্তৃত জীৱন চৰিত্ৰ এখনৰ বৰকৈ প্ৰয়োজন অনুভৱ কৰিছে। সেয়েহে ভোকোন্দিয়ে সেইখন লিখাৰ যো-জা কৰিছে। জীৱনীখনৰ সন্মুখৰ পাতত দউতাকৰ ফটো আহুব লাগিব। সেয়েহে ভোকোন্দিয়ে দেউতাকক এখন ফটো তোলাৰ কথা কৈছিল।

ফটো তোলাৰ খৰচ উলিয়াবৰ বাবে ভোকোন্দিয়ে দেউতাকক গাখীৰতী বগা ম’হজনী বেচি দিবলৈ কৈছে। তথাপি যদি টকা কম যেন দেখে তেন্তে আৰু এজনী ম’হ বেচিবলৈ কৈছে।

৭। গল্পটোৰ মাজেৰে উচ্চশিক্ষিত লোকৰ ফোপোলা মানসিকতা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা

উত্তৰঃ ভোকোন্দিয়ে উচ্চশিক্ষাৰ বাবে কলিকতালৈ গৈ নিজৰ নামটোক লৈ লাজ পাবলৈ ল’লে, সেয়েহে নিজৰ নামটোও উন্নত কৰি ল’লে। মাক-দেউতাক আৰু ভনীয়েকৰ নামও সলনি কৰি ল’বলৈ ক’লে। সি জীৱনী লিখো বুলি কৈ দেউতাকক ফটো বনাবলৈ কৈছে। ফটো বনাবৰ বাবে টকাৰ যোগাৰ কৰিবলৈ মাক দেউতাকৰ জীৱন-নিৰ্বাহৰ মূল ভেটি ম’হকেইজনীয়ো বেচিবলৈ কৈছে। সি ইমানে ডাঙ মানুহ হৈ গ’ল যে দেউতাকৰ গোৱালৰ বৃত্তিটোক লৈয়ো লাজ পাব ধৰিলে।

৮। গল্পকাৰ হিচাপে বেজবৰুৱাদেৱৰ সম্যক আলোচনা দাঙি ধৰা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাদেৱে গল্পকাৰ হিচাপে খ্যাতি অর্জন কৰিছে। তেওঁৰ আধুনিক চুটিগল্পৰ পুথিসমূহ হৈছে – ‘সুৰভি’, ‘জোনবিৰি’, ‘কেহোঁকলি’ আদি। চুটিগল্প লিখাত বেজবৰুৱা পাকৈত আছিল। ‘ভদৰী’, ‘মুক্তি’, ‘লোভ’ আদি গল্পৰ যোগেদি মানুহৰ দৈনন্দিন জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন, অনুভূতি আদি সুন্দৰভাৱে দাঙি ধৰিছে।

৯। চুটিগল্পৰ সাধাৰণ লক্ষণবোৰৰ চমু আভাস দিয়া।

উত্তৰঃ চুটিগল্পৰ সাধাৰণ লক্ষণবোৰ হৈছে –

(ক) চুটিগল্পত কম পৰিসৰৰ মাজত মানৱ জীৱনৰ এটা পৰিস্থিতি বৰ্ণনা কৰা হয়। ভাব, পৰিকল্পনা আৰু গঠন প্রণালীয়ে চুটিগল্পক চুটি ৰূপ দিয়ে।

(খ) চুটিগল্পৰ আৰম্ভণি আকস্মিকভাৱে হয় আৰু পৰিসমাপ্তি নাটকীয় ধৰণৰ হয়। চুটিগল্প শেষ হোৱাৰ পিছতো শেষ হোৱা যেন নালাগে।

(গ) চুটিগল্প এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰিয়েই আগুৱাই নিয়া হয়।

(ঘ) ইংগিতধর্মী ভাষা ব্যৱহাৰ কৰাটো চুটিগল্পৰ আন এক লক্ষণ। কম পৰিসৰৰ ভিতৰত এটা পৰিস্থিতি সমাপ্ত কৰিবৰ বাবে ই অতি প্রয়োজনীয়।

(ঙ) চুটিগল্পৰ লেখকে পাঠকক আকৰ্ষিত কৰিবৰ বাবে চুটি চুটি বাক্যৰ ওপৰত গুৰুত্ব দিয়া হয়।

১০। গল্পটোৰ কাহিনীভাগ তোমাৰ নিজৰ ভাষাৰে চমুকৈ বৰ্ণনা কৰা ।

উত্তৰঃ গোন্ধাই আৰু জেতুকী নামৰ এহাল মানুহ ভোকোন্দি আৰু ভুডুৰী নামৰ এহাল ল’ৰা-ছোৱালী আছিল। ভোকোন্দি সৰুৰে পৰা বিদয়া-বুদ্ধিত চোকা আছিল। সেই দেখি বাপেক গোন্ধাইয়ে তাক পঢ়াশালিত নাম লগাই দিলে। সি চোকা আছিল বাবে এণ্ট্ৰেচ পৰীক্ষাত ভাল ফলাফল দেখুৱাই কলিকতা মেট্ৰ’পলিটান ইনষ্টিটিউটত পঢ়িবলৈ সুবিধা পালে। সি তাত পঢ়ি নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবিব ধৰিলে। সি নিজৰ ভোকোন্দি নামটোৰ বাবে হেনো বৰ লাজ পাইছিল, সেয়েহে সি তাৰ নামটো ভোকেন্দ্ৰলৈ সলনি কৰি ল’লে। সিহঁতৰ নামৰ পিছত একো উপাধি নথকাৰ বাবেও সি আনৰ আগত লাজ পাইছিল; সেয়েহে সি নিজে ভাবি-চিন্তি বৰুৱা উপাধি ল’লে। সি বাপেককো নিজৰ নামটোৰ উন্নতি সাধন কৰি গোন্ধাইৰ পৰা গোন্ধেশ্বৰ বৰুৱা কৰি ল’বলৈ ক’লে। আৰু ক’লে তেওঁ যাতে গোৱালৰ বৃত্তিটো এৰি দি ভদ্ৰলোকৰ দৰে থাকিবলৈ লয়। পিছত সি তাৰ সৰু ভনীয়েকজনীৰ নামটোও ভুডুৰীৰ পৰা ভ্ৰমৰিণী কৰিবলৈ ক’লে। সি ভনীয়েকক জন্মদিন বুলি নামটোকে উপহাৰ দিলে। মাকক ক’লে তেওঁ যাতে তেওঁৰ নামটোও জেতুকীৰ পৰা যতিকেশ্বৰী কৰি লয়। আৰু ক’লে যে মাকে যাতে ঘৰে ঘৰে ঢেং ঢেং কৰি নুফুৰি নিজৰ মান সম্ভ্রম বজাই ৰাখে। ভোকোন্দিয়ে হেনো তাৰ আৰু দেউতাকৰ জীৱনীও লিখিব তাৰ সমুখ পাতৰ বাবে দেউতাকৰ এখন ফটোৰ প্ৰয়োজন হৈছে। সেই ফটোখন দেউতাকক অতি সোনকালে পঠাবলৈ ক’লে। যদি ফটো পঠাবলৈ তেওঁৰ হাতত টকাৰ অভাৱ হৈছে তেন্তে গাখীৰতী ম’হজনীকে বেচি তাৰ বাবে টকাৰ যোগাৰ কৰিবলৈ ক’লে। তথাপি যদি টকা কম হয়; তেন্তে আৰু এজনী ম’হ বেচি দিবলৈ ক’লে। পুতেকৰ এণেধৰণৰ কথা শুনি বাপেক গোন্ধাইৰ খং উঠি ক’লে যে আমি ম’হ-গৰু দুটামান পুহিয়েই যেনে তেনে ভাত এগাল খাই আছো। স তাকো বেচি দিবলৈ কৈছে। তেনেকৈ কোৱা শুনি মাক জেতুকীয়ে ক’লে যে সি হাড়-মূৰ ভাঙি পঢ়ি বৰুৱা হৈছে৷ লাহে লাহে মহাৰাণীয়ে তাক মনচুপ সদৰমিনো পাতিব। মই মোৰ বোপাইৰ হকে এইবাৰ একাদশীতে থানত পাল নাম গোৱাম৷ এইবিলাক শুনি গোন্ধাইয়ে মাকক খং কৰি ক’লে যে পুতেৰৰ লগতে তইয়ো বলিয়া হৈছ নেকি? সি নচুৱাব খুজিছে আৰু তইয়ো নাচিব খুজিছ। নাচিব খুজিছ যদি নাচ, কিন্তু ৰাইজে তুৰ মুখত চুণ সানি মূৰত ঘোল ঢালিব চাবি। তেনেকৈ কোৱাত মাকে ভাবিলে যে তেওঁৰ পুতেকৰ সুসম্পদ হোৱা দেখি ৰাইজৰ হিংসা লাগিছে, সেইবুলি মোৰ ল’ৰাই নপঢ়িবই নে কি? ৰাইজে হিংসা কৰিলে বুলিয়ে মোৰ ল’ৰাই মনচুপ সদাৰমিন নহ’বই নেকি? এইদৰে কৈ জেতুকীয়ে ৰাও জুৰি কান্দিবলৈ ধৰিলে। সেইদেখি গোন্ধাইয়ে জেতুকীক এখুন্দা দিবলৈ বুলি ঢেকি-থোৰা বিচাৰিলে।

১১। তলত দিয়া চৰিত্ৰকেইটাৰ বিষয়ে চমুকৈ লিখাঃ

গোন্ধাইঃ এজন লিখা-পঢ়া নজনা নিৰক্ষৰ লোক। তেওঁ গোৱালৰ বৃত্তিৰ সৈতে জড়িত। তেওঁৰ দুটা ল’ৰা-ছোৱালী – ভোকোন্দি আৰু ভুডুৰী। তেওঁৰ পত্নীৰ নাম হৈছে জেতুকী। গোন্ধাইয়ে পিছলৈ পুতেক ভোকোন্দিৰ কথা মতে গোন্ধেশ্বৰ বৰুৱা নাম লয়।

জেতুকীঃ জেতুকী হৈছে নিৰক্ষৰ তিৰোতা। তেখেতৰ স্বামীৰ নাম গোন্ধাই আৰু ল’ৰা-ছোৱালী দুটা – ভোকোন্দি আৰু ভুডুৰী। পিছলৈ তেওঁ পুতেকৰ কথামতে যতিকেশ্বৰী বৰুৱা নাম গ্ৰহণ কৰে।

ভোকোন্দিঃ ভোকোন্দি হৈছে লিখা-পঢ়া জনা ফোপোলা মানসিকতাৰ এজন যুৱক। তেওঁ উচ্চ শিক্ষা বাবে কলিকতালৈ গৈছিল। তাৰ পাইয়ে তেওঁ নিজকে ডাঙৰ মানুহ বুলি ভাবিবলৈ ধৰিলে। তেওঁ নিজৰ নাম ভোকোন্দিৰ পৰা ভোকেন্দ্ৰ বৰুৱালৈ সলনি কৰি ল’লে।

১২। কোনে, কাক, কি প্ৰসংগত কৈছিল?

(ক) “ৰাইজে তোৰ মুখত চূণ সানি মূৰত ঘোল ঢালিব চাবি।”

উত্তৰঃ ভোকোন্দিয়ে অলপ পঢ়া-শুনা কৰিয়ে নিজকে ডাঙৰ মানুহ বুলি ভাবিব ধৰিলে। সি নিজৰ আৰু দেউতাকৰ জীৱনী লিখিম বুলি ভাবি দেউতাক এখন ফটো বিচাৰি ক’লে যে যদি ফটো উঠিবলৈ হাতত টকা নাই, তেন্তে তেওঁ গাখীৰতী ম’হজনীকে বেচি দিবা আৰু তথাপি যদি টকা কম হয়, তেন্তে আৰু এজনী ম’হ বেচি দিবা। মুঠতে এই কাম অতি জৰুৰী গতিকে যিমান পাৰি সোনকালে ফটোখন পঠায় যাতে। পুতেকৰ এনেধৰণৰ কথা শুনি বাপেকৰ খং উঠি মাকক ক’লে যে আমি গুৰুজনৰ কৃপাত ম’হ গৰু দুটামান ৰাখি যেনে-তেনে এগাল ভাত খাই আছো, এতিয়া সি তাকো বেচিবলৈ কৈছে। বাপেকৰ মুখত এনে কথা শুনি মাকে ক’লে যে মোৰ বোপায়ে হাড়-মূৰ ভাঙি পঢ়ি তেজ-পানী কৰি বৰুৱা হৈছে। তেনেকৈ এদিন তাক মহাৰাণীয়ে মনচূপ সদাৰমিনো পাতিব। তেনেকৈ কোৱাত বাপেকে খংত ক’লে যে পুতেৰে নচুৱাব খুজিছে আৰু তইয়ো তাৰ তালে তালে নাচিব খুজিছ।নাচিব খুঁজিছ যদি নাচ। কিন্তু ৰাইজে তুৰ মুখত চূণ সানি মূৰত ঘোল ঢালিব চাবি।

(খ) “আমাৰ কলিকতীয়া ল’ৰাটোৰ পৰা এই চিঠিখন আহিছে আমাৰ তাইক এবাৰ কিপা কৰি চিঠিখন পঢ়ি শুনাই দিয়কচোন।”

উত্তৰঃ পঢ়া-শুনা কৰিবৰ বাবে ভোকোন্দিয়ে কলিকতাত থাকিবলৈ লৈছে। সি তাৰ পৰা মাক-দেউতাকলৈ চিঠি পঠাইছে। চিঠিৰ মাজত দুই-এটা ইংৰাজীয়ো লিখিছে। ভোকোন্দিৰ মাক- দেউতাক হৈছে নিৰক্ষৰ লোক। তেওঁ পদুলিতে ৰৈ চিঠিখন পঢ়িবৰ বাবে এজন লিখা-পঢ়া জনা মানুহ বিচাৰি আছিল। তেনেকুৱাতে ডাকবাবু বোলা লিখা-পঢ়া জনা ডাকোৱালজন সেইফালেদি পাৰ হৈ যোৱাত ভোকোন্দিৰ বাপেকে মাতি উক্ত কথাষাৰ ক’লে।

(গ) “মোৰ বোপাই ভালে আছে নে? মোৰ বোপাই ভালে আছে বুলি শুনিলেই মোৰ বুকুখন শীতল পৰি যায়।”

উত্তৰঃ ভোকোন্দিয়ে কলিকতাত থাকি পঢ়িবলৈ লৈ মাক- বাপেকলৈ চিঠি পঠাইছে। চিঠিখন পাই বাপেক গোন্ধাইয়ে মাক জেতুকীক চিঞৰি চিঞৰি মাতিছে। তেতিয়া জেতুকীয়ে উছাহত মতলীয়া হৈ ক’লে – “মোৰ বোপায় ভালে আছে নে? মোৰ বোপাই ভালে আছে বুলি শুনিলেই মোৰ বুকুখন শীতল পৰি যায়।”

(ঘ) “বুজিছো, মোৰ বোপায়ে হাড়-মূৰ ভাঙি দুখকৈ পঢ়িছে দেখি মহাৰাণীয়ে তাক বৰুৱা পাতিছে।”

উত্তৰঃ ভোকোন্দিৰ পৰা পোৱা চিঠিখন পঢ়াই আনি ভোকোন্দিৰ দেউতাক গোন্ধাইয়ে মাকক কৈছে যে আমাৰ ভোকোন্দিয়ে হেনো নিজৰ নামটো ভোকোন্দিৰ পৰা ভোকেন্দ্ৰ কৰি লৈছে। আৰু লগত হেনো বৰুৱা কথাষাৰো যোৰা লগাই ল’ব। তেতিয়া নজনা- নুশুনা মাক জেতুকীয়ে আনন্দত মহাৰাণীয়ে ভোকোন্দিক বৰুৱা পতা বুলি ভাবি উক্ত কথাষাৰ কৈছিল।

(ঙ) “তুমিও আজিৰ পৰা তোমাৰ নামটোৰ উন্নতি বিধান কৰি তাক গোন্ধেশ্বৰ কৰিবা আৰু তাত বৰুৱা কথাষাৰ লগাই দিবা।”

উত্তৰঃ ভোকোন্দিয়ে নিজৰ নামটো সলাই ভোকেন্দ্ৰ বৰুৱা কৰি লৈছে। সি নিজকে এতিয়া ডাঙৰ মানুহ বুলি ভাবিব লৈছে। সি দেউতাক গোন্ধাই নামটোৰ উন্নতি সাধন কৰি গোন্ধেশ্বৰ বৰুৱা কৰি লোৱাৰ কথা ক’বলৈ উক্ত কথাষাৰ কৈছিল।

১৩। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

(ক) ভোকোন্দিৰ অদৃষ্ট সু-প্রসন্ন; গতিকে বুদ্ধিৰ সু বতাহ তেওঁৰ বিদ্যাৰ পালত লাগি, পাল ফুলি উঠি দোপতদোপে স্কুলীয়া জীৱন-নাও আগবাঢ়ি এণ্ট্ৰেচ পৰীক্ষা পাৰ হৈ গ’ল।

উত্তৰঃ

উক্ত কথাষাৰ অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত ভোকেন্দ্ৰ বৰুৱা শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

ভোকোন্দিয়ে কিদৰে কলিকতা মেট্ৰ’পলিটান ইনষ্টিটিউটত পঢ়িবলৈ গ’ল তাকে বুজাবলৈ গৈ উক্ত কথাষাৰৰ অৱতাৰণা কৰা হৈছে।

ভোকোন্দি সৰুৰে পৰা পঢ়া-শুনাত চোকা আছিল। সেইদেখি তাক দেউতাকে স্কুলত নাম লগাই দিলে। ভালদৰে পঢ়ি-শুনি সি ভাল ফলাফল দেখুৱালে। সি পিছত এণ্ট্ৰেচ পৰীক্ষা দি তাতো ভাল ফলাফল দেখুৱাই কলিকতা মেট্রপলিটান ইনষ্টিটিউটত পঢ়িবলৈ সুবিধা পালে।

(খ) তাৰ হেনো ভোকোন্দি নামটো কিবা অসইভ হৈছিল, সেইদেখি সি সেইটো নাম ঘঁহি-মাজি সইভ কৰিলে।

উত্তৰঃ

উক্ত কথাষাৰ অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি আপোন- পাঠৰ অন্তৰ্গত ভোকেন্দ্ৰ বৰুৱা শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

ভোকোন্দিয়ে নিজৰ নামটো সলনি কৰি লোৱাৰ কাৰণটো বুজাবলৈ গৈ গোন্ধাইয়ে জেতুকীক কৈছিল।

ভোকোন্দি নামটো হেনো বৰ অসভ্য নাম, এই নামটোক লৈয়ে কলেজত ল’ৰাবিলকে তাক জোকায়। সেয়েহে সি তাৰ অসভ ভোকোন্দি নামটো ভোকেন্দ্ৰ কৰি লৈছিল। আৰু তাৰ নামৰ পিছত কোনো উপাধি নথকাৰ বাবে সি নিজেই ভাবি বৰুৱা উপাধি লৈছে।

১৪। ভাব বহলাই লিখাঃ

সাত পুৰুষত নহ’ল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায়।

উত্তৰঃ এইটো এটা অসমীয়া ফকৰা। অযোগ্য লোকে কোনো এটা লোভনীয় বস্তু পাবলৈ হাত মেলিলে এই কথাষাৰ কোৱা হয়। ভোকেন্দ্ৰ বৰুৱা গল্পটোত গোন্ধাই গুৱালে পুতেক ভোকোন্দিৰ প্ৰসংগত এই কথা কৈছে। আহোম ৰজাৰ দিনত বৰুৱা এটা সন্মানীয় পদবী আছিল। যোগ্য ব্যক্তিকেই এই পদ সঁচা হৈছিল। ভোকোন্দিয়ে নিজে নিজে বৰুৱা উপাধি গ্ৰহণ কৰাত গোন্ধাই অসন্তুষ্ট হৈছিল। যাৰ পূৰ্বপুৰুষতো গাই নাছিলেই, সি কৰীয়া অৰ্থাৎ গাখীৰ খিৰোৱা পাত্ৰ লৈ গলেই গাখীৰ নাপায়। তেনেদৰে নামটো সলাই তাৰ পাছত বৰুৱা উপাধিটো লগাই ললেই বৰুৱা হব নোৱাৰে।

১৫। বাক্য ৰচনা কৰাঃ

উছাহত উতলাঃ ককায়েকৰ বিয়াৰ খবৰটো পাই ৰীণা উছাহত উতলা হৈ পৰিল৷

উখল-মাখলঃ বিয়া ঠিক হোৱা দিনাৰ পৰাই ৰমেনৰ ঘৰত উখল- মাখল পৰিৱেশৰ সৃষ্টি হৈছে।

চুপতা-চুপতিঃ গিৰিয়েক ঘৈণীয়েকৰ চুপতা- চুপতি শুনি থকা উচিত নহয়।

হাড়-মূৰ ভাঙঃ মেট্ৰিক পৰীক্ষাৰ সময়ত হাড়-মূৰ ভাঙি পঢ়াৰ পিছতো ভাল ফলাফল দেখুৱাব নোৱাৰিলো।

মুখত চূণ সনাঃ মুখত চূণ সনা কাম কৰি তেওঁ লজ্জিত হোৱা নাই।

ৰাও জোৰাঃ অপৰাধ কৰি পিছত ৰাও জুৰি কান্দিলে সমাজে এৰি নিদিয়ে নহয়।

Leave a Comment