AJB Class 8 Assamese Lesson 1 Question Answer

বৰগীত | AJB Class 8 Assamese Lesson 1 Question Answer | Assam Jatiya Bidyalay Class 8 Assamese Lesson 1 Question Answer | Ajb class 8 assamese lesson 1 | Assam jatiya bidyalay class 8 assamese lesson 1 | অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ আপন পাঠৰ পাঠ ১ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | Assam Jatiya Bidyalay Class 8 Assamese Chapter 1 Question Answer | AJB Class 8 Assamese Chapter 1 Question Answer

Contents of AJB Class 8 Assamese Lesson 1 Question Answer

Here are the answers to all the questions from Class 8 Assamese Lesson 1, “বৰগীত”, of Assam Jatiya Bidyalay. We hope that these AJB Class 8 Assamese Lesson 1 question answers will help students in their exam preparation and deepen their understanding of the lesson.

১। একোটিকৈ বাক্যত উত্তৰ লিখা-

(ক) যশোদা মায়ে কাক বাৰে বাৰে মাতিছে ?

উত্তৰঃ যশোদা মায়ে পুত্ৰ কৃষ্ণক বাৰে বাৰে মাতিছে।

(খ) যশোদাই কৃষ্ণক লগত কি কি লৈ গৰু চৰাবলৈ যাবলৈ কৈছিল ?

উত্তৰঃ যশোদাই কৃষ্ণক লগত দৈ গাখীৰ, ঘিঁউ, ভাত- আঞ্জা, এছাৰি শিঙা, বেত আৰু বেণু লৈ গৰু চৰাবলৈ যাবলৈ কৈছিল।

(গ) কবি মাধৱদেৱে কাৰ বাহিৰে এই সংসাৰত আন কোনো ত্ৰাণকর্তা,নাই বুলি কৈছে ?

উত্তৰঃ কবি মাধৱদেৱে হৰিৰ বাহিৰে এই সংসাৰত আন কোনো ত্ৰাণকর্তা নাই বুলি কৈছে।

২। কবিতাটিৰ মূলভাব লিখা

উত্তৰঃ এদিনাখন ৰাতিপুৱা চন্দ্ৰৱদন কৃষ্ণই শুই উঠা নাছিল। তেতিয়া মাক যশোদাই তেওঁক বাৰে বাৰে জগাই আছিল।ৰাতিপুৱা সময়ত ধীৰে ধীৰে মলয়া বতাহ বৈ আছিল,সুললিত সুৰত কুলীয়ে মাতি আছিল,সূৰ্যৰ কিৰণ ধৰাত আহি পৰাৰ লগে লগে এন্ধাৰ আঁতৰি গৈছিল।গতিকে মাকে কৃষ্ণক উঠিবলৈ কৈ আছিল।আনহাতে কৃষ্ণৰ লগৰীয়া বিলাক কৃষ্ণৰ লগত গৰু চৰাবলৈ যোৱাৰ কাৰণে তেওঁলোকৰ ঘৰত একগোট হৈছিল।যশোদা মাকে কৃষ্ণক পথাৰত খোৱাৰ বাবে দৈ,গাখীৰ,ঘিউ,ভাত- আঞ্জা,এচাৰি,শিঙা,বেত,বেণু আদি লৈ লগৰিয়াহঁতৰ লগত গৰু চৰাবলৈ যাবলৈ কৈছিল। মাকৰ কথা শুনি কৃষ্ণই লগৰীয়া সকলৰ সৈতে গৰু চৰাবলৈ পথাৰলৈ যাত্ৰা কৰিছিল।অৱশেষত কবিয়ে কৈছে যে এইদৰে লীলা প্ৰকাশ কৰা হৰিৰ বাহিৰে এই সংসাৰত আন কোনো ত্রাণকর্তা নাই।

৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :

(ক) ৰবি পৰশন তিমিৰ নাশি

সংগহি বালক সব মিলিল আমি।

উত্তৰঃ 

প্রসংগঃ উক্ত কবিতাফাঁকি অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ মাধবদেৱৰ দ্বাৰা ৰচিত ‘বৰগীত’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে ৰাতিপুৱাৰ এটি সুন্দৰ বৰ্ণনা দাঙি ধৰিছে।

ব্যাখ্যা: ৰাতিপুৱা সূৰ্য্য উদয়ৰ লগে লগে এন্ধাৰ আঁতৰি যায় । গোটেই ৰাতি আন্ধাৰে সূৰ্য্যৰ অবিহনে পৃথিৱীৰ গ্ৰাস কৰে। আন্ধাৰত কোনো একো নেদেখি,সেইবাবে সকলো পশু-পক্ষী বাহত সোমাই থাকে। মানুহেও নিজৰ ঘৰত আশ্ৰয় লয়। কিন্তু সূৰ্য্যৰ পৰশ পৰাৰ লগে লগে সকলো আন্ধাৰ আঁতৰি যায়। পুনৰ সকলোৱে নিজৰ কৰ্ম কৰিবলৈ ওলাই আহে। কৃষ্ণৰ লগৰীয়া সকলো আন্ধাৰ নাইকিয়া হোৱাৰ লগে লগে বিছনাৰ পৰা উঠিল আৰু কৃষ্ণৰ লগত গৰু চৰাবৰ বাবে সাজু হৈ আহি যশোদাৰ গৃহত লগ লাগিবহি। সেই বাবে যশোদাই কৃষ্ণক বাৰে বাৰে মাতি আছে।

(খ) দিন মাধবে কহয় পৰমান।

হৰি বিনে নাহি তাৰক আন।

উত্তৰঃ 

প্রসংগঃ উক্ত কবিতাফাঁকি অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ মাধবদেৱৰ দ্বাৰা ৰচিত ‘বৰগীত’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে নিজকে অতি নিঃকিন বুলি পৰিচয় দি হৰি বিনে সংসাৰত যে তৰিবৰ অন্য উপায় নাই সেইকথা প্রকাশ পাইছে।

ব্যাখ্যা: এই পৃথিৱী মায়াৰে আবৃত। জীৱই জন্ম লাভ কৰাৰ পাছত মায়াৰ দ্বাৰা মোহিত হৈ বিভিন্ন পাপ কার্যত নিমগ্ন হয়। বিষয় -বাসনাৰে প্ৰনুব্ধ হৈ অন্যায় কাম কৰিবলৈ মনৰ দ্বাৰা দুখ-কষ্ট কৰিব লগা হয়। কবি গুৰুজনাই মানুহক মুক্তিৰ পথ দেখুৱাই দিবলে যত্ন কৰিছে। নিজকে এজন অতি নিঃকিন মানৱ বুলি পৰিচয় দি ভগৱানৰ চৰণত নিজেও শৰণ লৈছে আৰু আনকো মুক্তিৰ পথ পাবলৈ ভগৱানৰ নাম লৈ তেওঁৰ চৰণত শৰণ লবলৈ অনুৰোধ জনাইছে। সমস্ত জগতৰ একমাত্ৰ গুৰু হল ভগবানেই আৰু তেৱেঁই মানুহক মুক্তিৰ পথ দেখুৱাব পাৰে । সেয়েহে কবিয়ে কৈছে ভগৱানৰ বাহিৰে এই সংসাৰত আন কোনোৱেই নাই।

গ) গো বৎসপাল লেহু সংগে কৰি।

উঠ গোষ্ঠে চল ঠাকুৰ মেৰি ৷৷

উত্তৰঃ

প্রসংগঃ উক্ত কবিতাফাঁকি অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ মাধবদেৱ বিৰচিত বৰগীত কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ উক্ত কবিতাফাকিৰ দ্বাৰা যশোদা মায়ে ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণক জগাবলৈ চেষ্টা কৰিছে ।

ব্যাখ্যাঃ দোকমোকালিৰ সময়ত যশোদা মায়ে শ্ৰীকৃষ্ণক জগাই জগাই কৈছিল উঠা বাপু উঠা; আন্ধাৰ আঁতৰি ধৰালৈ পোহৰ নামিল। তোমাৰ লগৰীয়া সকলো বালক গৰু চৰাবলৈ উলাল। তুমিও উঠা, উঠি দৈ, গাখীৰ, ঘিঁউ, ভাত-আঞ্জা, এছাৰি, শিঙা আৰু বেণু লৈ গৰু চৰাবলৈ উলাই যোৱা।

৪। চমুটোকা লিখা :

(ক) বৰগীত।

(খ) ব্ৰজাৱলী ভাষা

উত্তৰঃ (ক) বৰগীত :- এক শৰণ নাম ধৰ্ম বা নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেবে ব্ৰজাৱলী ভাষাও ৰচনা কৰা এক শ্ৰেণীৰ ৰাগ-তাল সম্বন্ধিত গীতক বৰগীত বোলা হয়। বৰগীত সমূহ সত্ৰৰ চৈধ্য প্ৰসংগৰ অন্তৰ্গত। মহাপুৰুষ শংকৰদেৱে বাৰকুৰী আৰু মাধৱদেবে ন কুৰি এঘাৰটা বৰগীত ৰচনা কৰিছিল। কিন্তু শংকৰদেৱৰ বেছিভাগ বৰগীতেই নষ্ট হৈ যোৱাত তেওঁ মনত আঘাত পাই আৰু নতুনকৈ বৰগীত ৰচনা নকৰি প্ৰিয় শিষ্য মাধৱদেৱক বৰগীত ৰচনা কৰিবলৈ নিৰ্দেশ দিয়ে। শংকৰদেৱৰ বৰগীত সমূহ শস্য ভাৱেৰে সিক্ত আৰু মাধৱদেৱৰ বৰগীত সমূহ শ্রী কৃষ্ণৰ কালৰ খেলা-ধূলা,মান-অভিমান, শিশুৰ ছল-চতুৰী আদিৰ মাজেৰে ভগৱানৰ ঐশ্বৰিক মহাত্মা প্রকাশ পাইছে। বৰগীত সমূহত ইয়াৰ বিষয় বস্তুৰ গাম্ভীৰ্য, ভাষা,ভাৱ, সুৰ আদি বৈশিষ্ট্য সমূহৰ কাৰণেই আন বৰগীত সমূহ গুৰু দুজনাৰ এক অনুপম সৃষ্টি।

(খ) ব্ৰজাৱলী ভাষা :- ব্ৰজাৱলী ভাষা সৰ্বভাৰতীয় আর্যভাষা। ই কোনো বিশেষ অঞ্চলত প্রচলিত ভাষা নহয়। অসমীয়া, ভোজপুৰী মৈথিলী,মাগধী,উৰিয়া আদি ভাষাত সংমিশ্ৰণত সৃষ্টি হোৱা এক প্ৰকাৰ কৃত্রিম ভাষা। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেব সৰ্বভাৰতীয় আবেদন লাভ কৰিবলৈ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে ৰচিত নাট আৰু গীতত ব্ৰজাৱলী ভাষা প্রয়োগ কৰিছিল। গুৰু দুজনাৰ নাট আৰু গীতৰ বিষয়বস্তু হৈছে বিশেষকৈ ত্ৰে তাযুগৰ অৱতাৰ ৰাম আৰু দ্বাপৰৰ শ্ৰীকৃষ্ণ। গতিকে সৰ্বসাধাৰণ মানুহৰ মুখৰ ভাষাত ভগৱানৰ কথা বৰ্ণনা নকৰি ব্ৰজাৱলী নামৰ ভাষাত বৰ্ণনা কৰিছে। এই ব্ৰজাৱলী ভাষাই নিশ্চন্দেহে গুৰু দুজনাৰ নাট আৰু গীতক যথেষ্ট গম্ভীৰ্য প্ৰদান কৰিছে।

৫। একে অৰ্থ বুজোৱা অৰ্থ লিখা।

উত্তৰঃ 

ৰবি – সূর্য, ভানু, ভাসুৰ, বেলি, তপন, অৰুণ, দিবাকৰ, দিনমণি, ভাস্কৰ আদি।

দধি – দৈ।

বাণী – কথা, উক্তি, বচন।

দিন – দৰিদ্ৰ, দুখীয়া, নিঃকিন।

৬। বিপৰীত শব্দ লিখা।

উত্তৰঃ 

কোমল – কঠিন, টান।

বাধ্য – অবাধ্য।

বিদ্যা – অবিদ্যা।

জিকা – শুকান ।

ক্ষমা – প্ৰতিশোধ।

৭। ভাবার্থ লিখা

আঠুয়া চাই ঠেং মেলা

উত্তৰঃ মহৰ পৰা হাত সাৰিবৰ বাবে আমি আঁঠুৱা ব্যৱহাৰ কৰোঁ। আঁঠুৱাটো যিমান ডাঙৰ সেইমতে আমি ঠেং দীঘল কৰি দিব পাৰোঁ। চুটি আঁঠুৱাত দীঘলকৈ ঠেং মেলি দিলে, আঁঠুৱা দাং খাই থাকিব আৰু মহ সোমাই কামুৰি থাকিব, তেতিয়া আঁঠুৱা তৰাৰ কোনো অর্থই নাথাকিব । গতিকে আঁঠুৱাৰ জোখ অনুযায়ীহে ঠেং মেলা উচিত। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে আয় চাইহে ব্যয় কৰিব লাগে আৰু নিজৰ সামর্থ্য অনুযায়ী হে কাম কৰিব লাগে। আয়তকৈ ব্যয় বেছি হ’লে ধাৰত পোত খাব লাগিব আৰু সাম্যৰ্থতকৈ বেছি কৰিব খুজিলে শক্তি ভাঙি গৈ বিপদ ঘটিব।

Leave a Comment