AJB Class 8 Assamese Lesson 17 Question Answer

If you are searching for AJB Class 8 Assamese Lesson 17 Question Answer, you are in the right place. This article provides complete and easy solutions of Lesson 17 “ভীম-বকাসুৰৰ যুদ্ধ” from the Assam Jatiya Bidyalay (AJB) Class 8 Assamese textbook. Students looking for Assam Jatiya Bidyalay Class 8 Assamese Lesson 17 Question Answer, AJB Class 8 Assamese Chapter 17 Solutions, or অসম জাতীয় বিদ্যালয় অষ্টম শ্ৰেণী অসমীয়া পাঠ ১৭ প্ৰশ্নোত্তৰ will find this article very helpful.

Contents of AJB Class 8 Assamese Lesson 17 Question Answer

This section provides a clear overview of all the topics included in Lesson 17 “ভীম-বকাসুৰৰ যুদ্ধ” of AJB Class 8 Assamese. The complete questions and answers of AJB Class 8 Assamese Lesson 17 are provided below.

১। একোটিকৈ বাক্যত উত্তৰ লিখাঃ

ক) কুন্তীয়ে কাক বলিৰ বাবে আগবঢ়াই দিছিল?

উত্তৰঃ কুন্তীয়ে ভীমক বলিৰ বাবে আগবঢ়াই দিছিল।

(খ) ভীমক কিদৰে সজাইছিল?

উত্তৰঃ ভীমক বস্ত্ৰ-অলংকাৰ পিন্ধাই যুৱৰাজৰ দৰে সঁজাইছিল।

গ) ভীমক সজাই-পৰাই ক’ত বহুৱাই থৈছিল?

উত্তৰঃ ভীমক সজাই-পৰাই সোণৰ খাটত বহুৱাই থৈছিল।

২। ভীমে বকাসুৰ অহা বুলি শুনি কি কি কৰিছিল?

উত্তৰঃ বকাসুৰ অহা বুলি শুনি ভীমে লোহাৰ সকলোবোৰ শিকলি ছিঙি পেলালে।ভীমে মনতে ভাবিলে যে মই সকলোবোৰ খাদ খাই বকাসুৰক বধ কৰিম। তেওঁ সকলোবোৰ ভাত খাবলৈ ধৰিলে; ক্ষীৰো খাবলৈ ধৰিলে; পৰমান্ন সকলো খালে; সকলোবোৰ ব্যঞ্জণ খাই শেষ কৰিলে। আৰু বকাসুৰ যেতিয়া আহি পালে তেতিয়া ঘন ঘন কৈ হাঁহি খলকনিৰ সৃষ্টি কৰিলে।

৩। ভীমে বকাসুৰক কিদৰে ককৰ্থনা কৰিছিল?

উত্তৰঃভীমে বকাসুৰক তাৰ চেহেৰাৰ কথা বৰ্ণনা কৰি ককৰ্থনা কৰিছিল। বকাসুৰৰ মুখখন পথ চাফা কৰা কুদালৰ লগত তুলনা কৰি তাত তিনিচাৰী হাত দীঘল হাত আছে বুলি কৈছে। যি দাঁত ঘৰৰ চালতে লাগেগৈ বকাসুৰৰ মূৰৰ চুলিখিনি জুটুল-জুতুলি আৰু উঠুঙা কপাল। এইদৰে ককৰ্থনা কৰাৰ পিছত বকাসুৰ আচৰিত হৈছিল যে অন্য়দিনা বলীয়ে ভয়তে থাকে কিন্তু সেইদিনা বলীয়েহে দেখুন বকাসুৰক ককৰ্থনা কৰি আছে।

৪। বকাসুৰক ভীমে কেনেকৈ পৰাস্ত কৰিছিল বুজাই লিখা।

উত্তৰঃ ভীমে সকলোবোৰ খায় খাই পেলোৱাৰ পিছত বকাসুৰে ভীমক প্ৰহাৰ কৰিবলৈ ধৰিলে৷ প্রথমতে ভীমে একোকে প্ৰতিক্ৰিয়া নকৰি খাদয় খিনি খাই গৈছিল। তাৰ পিছত অতিখঙত ভীমে বকাসুৰক লাহেকৈ গালত চৰ এটা মাৰিলে। ভীমৰ চৰ খাই বকাসুৰৰ দহটা দাঁত উফলি ওলাই গ’ল। তাৰ পিছত এখন হাতেদি দুয়োখন হাত জপাই ধৰি আনখন হাতেদি গলত চেপি ধৰিলে। বকাসুৰক ওপৰলৈ উঠিা পাক মাৰি দিয়াত আকাশতে মৰি থাকিল। এইদৰে ভীমে বকাসুৰক পৰাস্ত কৰিলে ।

৫। ভীম-বকাসুৰ যুদ্ধৰ কাহিনীটো তোমাৰ কথাৰে সুন্দৰকৈ লিখা।

উত্তৰঃ ভীমে যেতিয়া বকাসুৰৰ বলি হিচাপে গৈছিল তেতিয়া ভীমে অলপো ভয় নাখায় বকাসুৰৰ বাবে যিবিলাক খাদ্য ৰাখি থোৱা হৈছিল সেইবোৰ সকলো খাদ্য খাই পেলাইছিল। বকাসুৰে আহি এই দৃশ্য দেখা পোৱাত অতি খঙত ভীমক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। বকাসুৰৰ প্ৰহাৰত ভীমে অকনো লৰ-চৰ নকৰি আগতে যি খাদয় শেষ কৰি লৈছিল। তাৰ পিছত বকাসুৰক লাহেকৈ এটা চৰ মাৰিলে। সেই লাহেকৈ মৰা চৰতে বকাসুৰৰ দহতা দাঁত উফলি পৰিছিল। ভীমে এখন হাতেৰে বকাসুৰৰ দুয়োখন হাত জপাই ধৰি আনখন হাতেৰে গলত চেপি ধৰিলে৷ তেতিয়া বকাসুৰৰ প্ৰাণ আকাশতে ওলাই গৈছিল। যুদ্ধত শক্তশালী ভীমে ইমান সহজতে বকাসুৰক পৰাস্ত কৰিছিল।

৬। প্রসংগ-সংগতি দৰ্শই ব্যাখ্যা কৰা ।

ক) পাছে প্ৰৱেশাইলা নিয়া সেহি ঘৰ সাজ 

       দণ্ডে ছাত্রে ভীমক পাতিলা যুৱৰাজ

উত্তৰঃ প্রসংগ- এই কবিতাফাঁকি আমাৰ পাঠ্যপুথি “আপোন পাঠ’ৰ কবি চন্দ ৰাম সস্বতীয়ে ৰচনা কৰা “ভীম বকাসুৰৰ যুদ্ধ নামৰ কবিতা পৰা তুলি দিয়া হৈছে।

ব্যাখ্যা- পঞ্চ পাণ্ডবৰ মাতৃ কুন্তীদেৱীয়ে যেতিয়া ব্ৰহ্মণৰ সলনি মহাবীৰ ভীমক বলি হিচাপে আগবঢ়ালে তেতিয়া নিবলৈ অহা মানোবিলাকে ভীমক অস্ত্ৰ- অলংকাৰ আদিৰে অতি সুন্দৰকৈ সজাই পৰাই দোলাত তুলি লৈ গল। যিতো ঘৰত বকাসুৰৰ বাবে খাদয় ৰখা হয় সেইটো ঘৰত ভীমকো লৈ গল। তাত ভীমক যুৱৰাজৰ মৰ্যদা দি সিংহাসনত বহুয়ালে। ক্ষন্তেক সময় পিছত আহি বকাসুৰে ভীমক খাবৰ বাবে তেঁওক যুৱৰাজ পাতি সিংহাসনত বহুয়াই ৰাখিছিল।

খ) হেন শুনে বকাসুৰ গুণে মনে মন ।

  বলিগোট হুয়া মোক কৰে বিকৰ্থন ।

উত্তৰঃ প্রসংগ- উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি কবিৰত্ন ৰাম সৰস্বতীয়ে ৰচনা কৰা “ভীম বকাসুৰৰ যুদ্ধ” নামৰ পাঠতিৰ পৰা তুলি দিয়া হৈছে।

সংগতি- ইয়াত কবিয়ে বকাসুৰৰ আগত ভীমৰ সাহসৰ অভাৱ হোৱা না সেই কথা উল্লেখ কৰিছে।

ব্যাখ্যা- পঞ্চ পাণ্ডব আৰু কুন্তিদেৱীয়ে বনবাস কালত এদিন এজন ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় লৈ আছিল। আশ্রয় লোৱা অঞ্চলটোত এটা বকাসুৰ নামে ৰাক্ষক আছিল।বকাসুৰে সদায় এজনকৈ মানুহক খাই পেলায়।আৰু এদিন ব্ৰাহ্মণৰ ঘৰৰ পাল পুৰাত কুন্তীদেৱীয়ে কথাটো গম পালে ব্রাহ্মণৰ সলনি মহাবলী ভীমক বকাসুৰ ওচৰলৈ পঠাই দিছিল। মহা আৰম্বেৰে ভীমক যুবৰাজ পাতি বকাসুৰৰ ঘৰত থৈ অহাৰ পাছত তেঁও কিছুসময় টোপনি মাৰিছিল। আৰু বকাসুৰৰ শব্দত খাৰ পাই গৈছিল। খাৰ পাইয়েই লোহাৰ শিকলি ছিঙি তাত থকা সকলোবোৰ খাদ এফালৰ পৰা খাবলৈ ধৰিছিল। লগতে বকাসুৰক নানা ধৰণে ককৰ্থনা কৰিবলৈ ধৰিছিল। সেই সময়ত বকাসুৰৰ মনলৈ এই কথা আহিছিল যে ভীমে বকাসুৰৰ বলি হয়ো তাক গালি পাৰি আছে।

গ) বকাসুৰ বীৰ যেৱে যমপুৰে গৈল । 

     সপ্তদ্বীপ বসুমতী টলমল ভৈল ।

উত্তৰঃ প্রসংগ- উক্ত কবিতা ফাঁকি আমাৰ পাঠয়পুথিৰ ৰাম চৰনে ৰচনা কৰা “ভীম বকাসুৰৰ যুদ্ধ” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।

সংগতি- ইয়াত কবিয়ে দুৰ্জুন বকাসুৰক বধ কৰা পিছত বসুমতীৰ কেনে অৱস্থা হৈছিল সেই কথা উল্লেখ কৰিছে।

ব্যাখ্যা- বকাসুৰ দুৰ্জন, দুৰাচাৰ ৰাক্ষক। সি মানুহ মাৰি খাই বসুমতীৰ বুকুত বহুতো পাপ কর্মত নিয়োজিত হৈছিল। বসুমতীয়ে তাৰ যি মানুহ মৰা কাৰ্যত অসন্তুষ্টো হৈছিল আৰু বুকাসুৰৰ ভৰ পাপ লব নোৱৰা অৱস্থা হৈছিল। সেইটো সময়ত ভীমে বকাসুৰক বধ কৰিলে আৰু বসুমতীৰ ভাৰ হৰণ কৰিলে। বকাসুৰে ভীমৰ মাৰা কুবত যমপুৰি পাইছিল তেতিয়া সপ্তদ্বীপ আৰু বসুমতীৰ লৰিবলৈ আৰম্ভ কৰিছিল। বকাসুৰৰ মৃত্যুত তাত থকা সকলো প্ৰণীয়ে নির্ভয়ে জীয়াই থাকিব পাৰিব কিয়নো সুখতে সকলোৰে অন্তৰত কঁপনি লাগি গৈছিল।

৭) সমার্থক শব্দ লিখা

বস্ত্র = কাপোৰ।

দণ্ড = শাস্তিয।

জিণ্ডিৰি =শিকলি।

পৰমান্ন= পায়স

সন্তোষ = আনন্দ।

গৃহস্থ = গৃহপতি।

ৰাক্ষস = বকাসুৰ

সাগৰ = জলধি।

হৃদি = হৃদয়।

৮। উদাহৰনৰ দৰে বহুবচন বুজোৱা প্ৰত্যয়বোৰ ব্যৱহাৰ কৰা :

বৃন্দ – শিক্ষকবৃন্দ।

গণ – ..ছাত্রগণ।

মালা – পর্বতমালা। মণ্ডলী- তাৰকা মণ্ডলী।

বৰ্গ -তাৰকা বৰ্গ।

ৰাজি – পৰ্বত ৰাজি

পুঞ্জ – দ্বীপ পুঞ্জ।

পাল – গৰু পাল৷

৯। ভাবার্থ লিখাঁ।

ক) এশ গৰু মাৰিলে বাঘৰো মৰন

উত্তৰঃ বাঘে গৰু খাই। এটা, দুটা গৰু মাৰি বাঘে খালে সহজে মানুহৰ চকুত নপৰে। কিন্তু বাঘে যেতিয়া এটাৰ এটাৰকৈ এটাকৈ বহুত গৰু মাৰে তেতিয়া মানুহৰে হওক বা জীৱ জন্তুৰ মাজত সন্ত্ৰাসাৰ সৃষ্টি কৰে তেতিয়া সেই বাঘকটোক মাৰিবলৈ সকলো সাজু হয়।অর্থাৎ তেনে সময়ত বাঘৰ মৃত্যু নিশ্চিত। ঠিক তেনেদৰে যিসকল লোকে সমাজৰ অনীষ্ট কৰে তেনেই কাম যদি কৰিয়েই থাকে সমাজৰ চকুত পৰে তেনেকুৱা মানুহৰ ধ্বংসৰ সুনিশ্চিত।

খ) হৰিনাৰ মাংসই বৈৰী ।

উত্তৰঃ বহুক্ষেত্ৰত গুণৰাখিয়ে কাৰোবাৰ বিপদ মাতি আনিব পাৰে । হৰিণা দেখিবলৈ বৰ সুন্দৰ আৰু ই নিৰীহ প্রাণী। কিন্তু হৰিণাৰ মাংসৰৰ লোভত মানুহ নাইবা অন্য মাংসভোজি জীৱই তাক বিচাৰি ফুৰে। যাৰ ফলত হৰিণাই নিৰাপদে নিজৰ জীৱন- ধাৰন কৰিব নোৱাৰে। সমাজত বহুতো নিৰীহ লোক আছে । যিবোৰৰ নিজৰ সম্পত্তিখিনিয়ে তেওঁলোকৰ কাৰণে বিপদৰ কাৰণ হব পাৰে। অজস্ৰ সা-সম্পত্তি থকা লোকৰ প্ৰতি অ্য কিছুমানৰ হিংসা জাগে। যাৰ ফলত তেওঁলোকৰ শত্ৰু সংখ্যাও বৃদ্ধি পায়।। হৰিণাৰ মাংসই যেনেদৰে মৃত্যুৰ কাৰণ হৈ পৰে, তেনেদৰে মানুহৰ বিশেষ গুণ, সৌন্দর্য নাইবা ধন-সম্পদো মানুহৰ শত্ৰুৰূপে থিয় হ’ব পাৰে ।

১০। অভিধান চাই অর্থ লিখা। ( শিক্ষকৰ সহায় লবা )

দণ্ডে-ছাত্রে, চামৰ, চৌদোলে, নিৱৰ্তিয়া, খুমুচি-আকাকৰ, চাঞ্চিবাক, বিকৰ্থন, ইভিতি, সিভিতি, আঁজোৰ-পিজোৰ,

কুক্ষিত,মহাকোপে, চৱৰ, টল মল ।

Leave a Comment