অসমৰ আ-অলংকাৰ | AJB Class 8 Assamese Lesson 4 Question Answer | Assam Jatiya Bidyalay Class 8 Assamese Lesson 4 Question Answer | Ajb class 8 assamese lesson 4 | Assam jatiya bidyalay class 8 assamese lesson 4 | অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ আপন পাঠৰ পাঠ ৪ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | Assam Jatiya Bidyalay Class 8 Assamese Chapter 4 Question Answer | AJB Class 8 Assamese Chapter 4 Question Answer
Contents of AJB Class 8 Assamese Lesson 4 Question Answer
Here are the answers to all the questions from Class 8 Assamese Lesson 4, “অসমৰ আ-অলংকাৰ”, of Assam Jatiya Bidyalay. We hope that these AJB Class 8 Assamese Lesson 4 question answers will help students in their exam preparation and deepen their understanding of the lesson.
অসমৰ আ-অলংকাৰ
১। একোটিকৈ বাক্যত উত্তৰ লিখাঃ
ক) খনন কাৰ্য্যত অলংকাৰৰ নমুনা উদ্ধাৰ হোৱা প্রাচীন সভ্যতা দুটাৰ নাম কি?
উত্তৰঃ খনন কাৰ্য্যত অলংকাৰৰ নমুনা উদ্ধাৰ হোৱা প্রাচীন সভ্যতা দুটাৰ নাম হৈছে – মহেঞ্জোদাৰো আৰু হৰপ্পা।
খ) পুৰণি অসমৰ অলংকাৰৰ চানেকি ক’ত ক’ত খোদিত হৈ আছে?
উত্তৰঃ পুৰণি অসমৰ অলংকাৰৰ চানেকি মঠ-মন্দিৰ, অট্রালিকা, মূৰ্তি আদিত খোদিত হৈ আছে।
গ) কোনখন পুৰণি সচিত্র পুথিত কৃষ্ণ, গন্ধর্ব আদিৰ চিত্ৰ অংকিত কৰা হৈছে?
উত্তৰঃ চিত্ৰ ভাগৱতৰ পুথিত কৃষ্ণ, গন্ধর্ব আদিৰ চিত্ৰ অংকিত কৰা হৈছে।
ঘ) মাধৱ কন্দলী কোন শতিকাৰ কবি?
উত্তৰঃ মাধৱ কন্দলী চতুৰ্দশ শতিকাৰ কবি
ঙ) হিউৱেন চাং কোন শতিকাত অসমলৈ আহিছিল?
উত্তৰঃ হিউৱেন চাং খ্রীষ্টীয় সপ্তম শতিকাত অসমলৈ আহিছিল।
চ) অসমৰ কোনখন নদীৰ বালিত সোণৰ চেঁকুৰা পোৱা গৈছিল?
উত্তৰঃ অসমৰ সোৱনশিৰি নদীৰ বালিত সোণৰ চেঁকুৰা পোৱা গৈছিল।
২। চমু উত্তৰ লিখা ৷
ক) অসমীয়া আ-অলংকাৰসমূহ বিচিত্ৰ আৰু চালে চকুৰোৱা হোৱাৰ কাৰণ কি?
উত্তৰঃ অসমীয়া অলংকাৰবোৰ সোণ, ৰূপ, নানা বৰণৰ মণি,
মুকুতা আদিৰে গঢ়োৱাৰ বাবে এই অলংকাৰসমূহ বিচিত্ৰ আৰু চালে চকুৰোৱা।
খ) কি কি মাধ্যমৰ সহায়ত পুৰণি অসমৰ আ- অলংকাৰসমূহৰ বিষয়ে জানিব পাৰি?
উত্তৰঃ পুৰণি অসমৰ গ্ৰন্থসমূহত নানা প্ৰকাৰৰ অলংকাৰৰ নাম পোৱা যায়। কালিকাপুৰাণ, যোগিনীতন্ত্র আদি শাস্ত্ৰত ত্ৰিছবিধমান অলংকাৰৰ নাম আছে। মাধৱ কন্দলীৰ ৰচনাৰ মাজতো বিবিধ অলংকাৰৰ নাম আছে।
গ) আহোম ৰজাসকলৰ দিনত অসমৰ অলংকাৰ শিল্পই অধিক প্ৰাণ পাই উঠাৰ উমান আমি কিদৰে পাব পাৰোঁ?
উত্তৰঃ আহোম ৰজাসকলৰ দিনত অসমৰ আ-অলংকাৰ শিল্পই অধিক প্ৰাণ পাই উঠিছিল। বুৰঞ্জীসমূহৰ পাতত বিবিধ অলংকাৰৰ নাম পোৱা যায়। এখন বুৰঞ্জীত আহোম ৰজা ৰুদ্ৰসিংহই কছাৰী ৰজালৈ মিত্ৰতাৰ হাত আগবঢ়াই উপহাৰ হিচাপে দিয়া অলংকাৰবোৰৰ নাম এনেধৰণে পোৱা যায় বাখৰাম শিৰস্ত্ৰাণ, বাখৰ খটুৱা ডুগডুগীৰ সৈতে কণ্ঠমালা, বাজৰা, সোণৰ কাণখসা, সোণৰ আঙঠি, সোণৰ চাৰিপটীয়া ডলা, ডিঙিৰ চেওমণি, নাওধৰীয়া সোণৰ খাৰু, বাখৰাম থুৰীয়া আদি।
ঘ) আমাৰ পুৰণি আ-অলংকাৰসমূহৰ বিষয়ে আমি কিয় জনা উচিত?
উত্তৰঃ দেহৰ বিভিন্ন অংগৰ শোভা বৃদ্ধি কৰিবৰ বাবে ব্যৱহাৰ কৰা বিবিধ নামৰ আৰু আৰু ভভধ প্ৰকাৰৰ এই অলংকাৰবোৰ আমাৰ গৌৰৱৰ চিন। এই অলংকাৰবোৰৰ বিষয়ে আমি জনাটো উচিত।
৩। পুৰণি অসমৰ স্থাপত্য-ভাস্কৰ্য্য, সাঁচিপাতৰ পুথি আৰু বিভিন্ন সময়ৰ অসমীয়া লিখিত সাহিত্যৰ দ্বাৰা আমি অসমৰ পুৰণি আ-অলংকাৰৰ বিষয়ে কিদৰে জানিব পাৰোঁ?
উত্তৰঃ পুৰণি অসম লিখিত সাহিত্যবোৰত অসমীয়া আ- অলংকাৰৰ নাম যথেষ্ট পৰিমাণে উল্লেখ থাকে। কালিকা পুৰাণ, যোগিনীতন্ত্ৰ আদি শাস্ত্ৰত ত্ৰিছবিধমান অলংকাৰৰ নাম আছে। মাধৱ কন্দলীৰ ৰচনাৰ মাজতো বিবিধ অলংকাৰৰ নাম আছে। এইবোৰৰ ভিতৰত ঘাঘৰী, কেয়ূৰা, কুণ্ডুল, মুকুট, ৰত্নগুলী আদি।
৫। তলৰ শব্দবোৰ জোৰা লগোৱাঃ
তল + অতল = তলাতল।
অলম্ + কাৰ = অলংকাৰ।
সম্ + কৃতি = সংকৃতি।
৬। চমু টোকা লিখাঃ
অলংকাৰঃ মানুহৰু দেহৰ অংগৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰীয়ে হৈছে অলংকাৰ৷ পুৰণি কালত পুৰুষ মহিলা উভয়ে অলংকাৰ পৰিধান কৰিছিল। মানুহৰ সাজোন- কাচোনৰ অভযাসৰ ফলতে অলংকাৰৰ সৃষ্টি হৈছিল। হাজাৰ হাজাৰ বছৰ পূৰ্বে গুহাত বাস কৰা মানুহবোৰে ৰঙীন শিল, জন্তুৰ হাড়, চৰাইৰ পাখি আদিক অলংকাৰ হিচাপে ব্যৱহাৰ কৰিছিল। মানৱ সভ্যতাৰ বিকাশৰ লগে লগে নানা ধাতুৰ আৱিষ্কাৰ হয় আৰু ধাতুৰ অলংকাৰৰ ব্যৱহাৰ বাঢ়িবলৈ ধৰে। অলংকাৰে মানুহৰ সামাজিক মর্যাদা, ৰুচিবোধ, আর্থিক অৱস্থাৰো পৰিচয় দিবলৈ ধৰে। অসমৰ আ-অলংকাৰবোৰ সোণ, ৰূপ আৰু নানাবিধ মণি, মুকুটাৰে গঢ়িত আছিল।
সোৱণশিৰি নদীঃ সোৱনশিৰিৰ পানী নির্মল। যিমান ওপৰলৈ যোৱা হয়, সিমান নিৰ্মল পানী পোৱা যায়। আনকি ওপৰৰ ফালে ইমান ফটফটীয়া যে তললৈকে দেখি। এই পানীৰ লগত ঠায়ে ঠায়ে অলপ সোণ মিহলি আছে। আগেয়ে সোৱনশিৰি অসমৰ এখন প্ৰধান সোণ কমোৱা নৈ আছিল। আজিকালিও সোৱনশিৰিৰ পানীত সোণৰ ৰেণু আছে। সোৱনশিৰি নৈৰ ৰূপৰো তুলনা নাই।
হস্তী বিদ্যাৰ্ণৱঃ আহোম ৰজা স্বৰ্গদেউ শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰী কুৱৰীৰ অনুগ্ৰহত হস্তীবিদয়াৰিণৱ ৰচনা কৰা হৈছিল। ইয়াত হাতীৰ ব্যৱস্থাপনা, ৰক্ষণাবেক্ষণ আৰু চিকিৎসাৰ বিষয়ে বিস্তৃত সচিত্র বর্ণণা আছে। হাতী ৰজাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ জীৱ আছিল। যুদ্ধ-বিগ্ৰহৰ বাদেও ক্ষমতাৰ প্ৰতীক হিচাপেও হাতীৰ মহত্ব আছিল।
৭। বিপৰীত অর্থবোধক শব্দ লিখাঃ
মনোমোহা – কুৎচিত।
চহকী – দুখীয়া।
মিত্রতা – শত্রুতা।
গৌৰৱ – লজ্জা।
৮। বাক্য ৰচনা কৰাঃ
বাৰেৰহণীয়াঃ আমাৰ অসমৰ সংস্কৃতি বাৰেৰহণীয়া৷
আ-অলংকাৰঃ আসমীয়া আ-অলংকাৰসমূহ বিচিত্ৰ আৰু চালে চকুৰোৱা।
প্ৰাণ পাই উঠঃ মৰি যাব ধৰা ফুল গছডালত অলপ পানী দি দিয়াত সি প্ৰাণ পাই উঠিছে।
অজীন-পাতকীঃ ৰীতাই সদায় অজীন পাতকীৰ দৰেই কাম কৰে।
তমোময়ঃ এটা ঘিটমিট তমোময় ৰাতি, চুৰে আহি ৰবীনহতঁৰ
ঘৰৰ সকলো বস্তু উঠাই লৈ গ’ল।
জয়দেউ কাকূতিঃ চুৰটোৱে জয়দেউ কাকূতি কৰিও ৰাইজৰ ওচৰৰ পৰা বাচিব নোৱাৰিলে।
৯। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
গতিকে স্বাভাৱিকভাৱেই অসমীয়া সাজ-পাৰ, আ-অলংকাৰ আদিও বিচিত্ৰ আৰু চালে চকুৰোৱা ৷
উত্তৰঃ
প্রসংগঃ উক্ত বাক্যশাৰী অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ অসমৰ আ-অলংকাৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ উক্ত বাক্যশাৰীৰ দ্বাৰা অসমীয়া সাজ-পাৰ আৰু আ- অলংকাৰৰ বৰ্ণণা কৰা হৈছে।
ব্যাখ্যাঃ অসমৰ সাজ-পাৰ আৰু অলংকাৰ বাৰেবৰণীয়া অসমৰ বিভিন্ন জাতি জনজাতিয়ে পৰিধান কৰা সাজ-পাৰ আটক-ধুনীয়া। বড়ো, মিচিং, দেউৰী, তিৱা, কাৰ্বি, ৰাভা, চাহ- জনগোষ্ঠীৰ লোক আদি সকলোৱে ভিন ভিন সাজ-পাৰ আৰু অলংকাৰ পৰিধান কৰে। অসমীয়া মানুহৰ মূল সাজ-পাৰ হৈছে পাট আৰু মুগা। অসমীয়া মানুহে ঘৰতে পাট পলু, মুগা পলু, এৰি পলু আদি পুহি এই কাপোৰবোৰ প্ৰস্তুত কৰি উলিয়ায়। অসমৰ পুৰণি আ-অলংকাৰবোৰ বৰ মনোমোহা আছিল। সোণ, ৰূপ নানা বৰণৰ মণি-মুকুটাৰে এই অলংকাৰবোৰ গঢ়া হৈছিল। অসমীয়া অলংকাৰবোৰক উকা, বাখৰুৱা, মিনাকৰা, হীৰা খটোৱা আদি ভাগত ভাগ কৰিব পাৰি। উদাহৰণস্বৰূপে সোণ, ৰূপ আদিত কেৱল জাংফাই ব্যৱহাৰ কৰিলে উকা বাখৰ দি তাৰ দাঁতিয়ে দাঁতিয়ে সোণৰ কাম কৰিলে বাখৰুৱা ইত্যাদি।
১০। উদাহৰণৰ দৰে লিখা ।
সাত সৰীৰ সমাহাৰ = সাতসৰী।
পঞ্চ নদীৰ সমাহাৰ = পঞ্চনদী।
বাৰ মাহৰ সমাহাৰ = বাৰমাহ
সপ্ত অহৰ সমাহাৰ = সপ্তাহ।
তিনি কালৰ সমাহাৰ = তিনিকাল।